ETV Bharat / state

Cattle smuggling in Assam: চলিত বৰ্ষত যোৰাবাটত প্ৰায় ৬০০ চোৰাং গৰু জব্দ

author img

By

Published : Jul 24, 2023, 3:20 PM IST

Around 600 Smuggled Cattle Seized in Jorabat
চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা 16 জুলাই পৰ্যন্ত 560 তকৈ অধিক চোৰাং গৰু জব্দ

অসমৰ পৰা গুৱাহাটীৰে বহিঃৰাজ্যলৈ গো-ধনৰ চোৰাং সৰবৰাহ হৈ আছে ৷ যোৰাবাট আৰক্ষীয়ে অভিযান চলাই চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা 16 জুলাই পৰ্যন্ত 560 তকৈ অধিক চোৰাং গৰু জব্দ কৰাৰ লগতে অৰ্ধশতাধিক গো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজাতলৈ প্ৰেৰণ কৰিছে ৷

গুৱাহাটী, 24 জুলাই : গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হৈছে যদিও ৰাজ্যৰ পৰা বহিঃৰাজ্যলৈ এতিয়াও গৰু সৰবৰাহ অব্যাহত আছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপকভাৱে বৃদ্ধি হৈছে গৰুৰ চোৰাং বেহা ৷ আৰক্ষীৰ কটকটীয়া বেষ্টনীৰ পিছতো ন ন কৌশলেৰে গৰুৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে সৰবৰাহকাৰীয়ে ৷ অসমৰ পৰা গুৱাহাটীৰে বহিঃৰাজ্যলৈ গো-ধন সৰবৰাহ হৈ আছে ৷ সৰবৰাহকাৰীয়ে কৌশলেৰে গুৱাহাটীৰ মাজেৰে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ শ শ গৰু সৰবৰাহ কৰি আহিছে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চোৰাং গৰু লৈ সৰবৰাহকাৰীয়ে খানাপাৰা, যোৰাবাট হৈ মেঘালয়লৈ সৰবৰাহ কৰি আহিছে পশুধন ৷ যোৰাবাট আৰক্ষীয়ে অভিযান চলায় চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা 16 জুলাই পৰ্যন্ত 560 তকৈ অধিক চোৰাং গৰু জব্দ কৰাৰ লগতে অৰ্ধশতাধিক গো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজাতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : Guwahati Accident: গুৱাহাটীৰ ৰাজপথৰ উন্মুক্ত গাঁতে পুনৰ প্ৰাণ কাঢ়িলে আন এজন ছাত্ৰৰ

ইফালে ক্ষেত্ৰী আৰু সোণাপুৰ আৰক্ষীয়ে শ শ গৰু জব্দ কৰাৰ লগতে কেইবাটাও সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ অসম-মেঘালয় সীমান্তৰ যোৰাবাট অঞ্চল গো সৰবৰাহকাৰীৰ বাবে দুৱাৰমুখ হৈ পৰিছে ৷ সৰবৰাহকাৰী সকলে খালী টেংকাৰৰ ভিতৰত কৌশলেৰে গৰু সুমুৱাই সৰবৰাহ কৰাৰ লগতে ট্ৰাকত ভৰি আৰু মুখ বান্ধি সৰবৰাহ কৰাৰ উপৰিও ট্ৰাকত গৰু ভৰ্তি কৰাৰ লগতে ওপৰত আন সামগ্ৰীৰে ঢাকি কৌশলেৰে গো-সৰবৰাহ কৰি আহিছে ৷

উল্লেখযোগ্য যে, আৰক্ষীয়ে গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিচতো অব্যাহত আছে গৰু-ম’হৰ চোৰাং বেহা ৷ কঠোৰ স্থিতি গ্ৰহণৰ পিচতো কেৱল নিশাই নহয়, দিন-দুপৰতো সৰবৰাহকাৰীয়ে কৌশলৰে সৰবৰাহ কৰি আহিছে গৰু-ম’হ ৷ শেহতীয়াকৈ বিলাসী বাহনেৰেও গৰু সৰবৰাহত নামিছে পৰিছে অসাধু চক্ৰ ৷

লগতে পঢ়ক : Police Constable Dismissed: তিনিশ টকা ঘোচ লৈ চাকৰি হেৰুৱালে কনিষ্টবল শ্বাহ আলমে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.