ETV Bharat / state

APDCL: যিকোনো সময়তে বৃদ্ধি কৰিব পাৰিব বিদ্যুৎ মাচুল; এপিডিচিএলক পূৰ্ণ কৰ্তৃত্ব

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 7:24 PM IST

APDCL
APDCL

মন গ’লেই এতিয়া বিদ্যুৎ মাচুল বৃদ্ধি কৰিব পাৰিব অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ৷ বিদ্যুৎ মাচুল বৃদ্ধি কৰাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে বিদ্যুতৰ দাম নিৰ্ধাৰণ কৰাৰ সকলো কৰ্তৃত্ব প্ৰদান কৰা হ’ল APDCLক ৷ সৱিশেষ এই প্ৰতিবেদনত...

গুৱাহাটী, ৫ অক্টোবৰ: ইচ্ছানুসৰি যিকোনো সময়তে এপিডিচিএলে (APDCL) বৃদ্ধি কৰিব পাৰিব বিদ্যুৎ মাচুল ৷ বিদ্যুৎ মাচুল বঢ়োৱা কাৰ্য নিয়ন্ত্ৰণ কৰিবলৈ নাথাকিব কাৰোৰে কৰ্তৃত্ব ৷ নিজা শক্তি উৎপাদনৰে ৰাজ্যত বিদ্যুতৰ নাটনি পূৰণৰ বাবে কোনো পদক্ষেপ লোৱাৰ পৰিৱৰ্তে চ’ৰা দামত বিদ্যুৎ ক্ৰয় কৰি ৰাইজৰ সমালোচনাৰ পৰা হাত সাৰিবলৈ পথ প্ৰশস্ত কৰিছে ৰাজ্য চৰকাৰে ৷

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক (APDCL) নিজৰ ইচ্ছানুসৰি বিদ্যুতৰ মাচুল বৃদ্ধিৰ পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে ৷ বিদ্যুতৰ মাচুল নিৰ্ধাৰণৰ ক্ষেত্ৰত কৰ্তৃত্বশীল স্বতন্ত্ৰ আয়োগ অসম বিদ্যুৎ নিয়ামক আয়োগৰ (AERC) ক্ষমতা কৰ্তন কৰা হৈছে ৷

ফুৱেল এণ্ড পাৱাৰ পাৰ্চেজ প্ৰাইচ এডজাষ্টমেন্ট'ৰ (FPPPA ) অৰ্থাৎ ইন্ধন আৰু শক্তি ক্ৰয়ৰ দাম সময় সাপেক্ষে মিলাই লোৱাৰ নামত নিজাববীয়াকৈ মাচুল বৃদ্ধিৰ কর্তৃত্ব প্ৰদান কৰা হৈছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক ৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশনামৰ্মে শেহতীয়াকৈ AERCয়ে এক জাননী প্ৰকাশ কৰিছে ৷

ইন্ধন আৰু শক্তি ক্ৰয়ৰ দাম সময় সাপেক্ষে মিলাই ল’বৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলৈ এতিয়াৰে পৰা APDCLয়ে নিয়ামক আয়োগৰ পৰা কোনো অনুমতি লোৱাৰ প্ৰয়োজন নহ’ব ৷ অর্থাৎ ইন্ধনৰ মূল্য বৃদ্ধি হ’লেই অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক ইচ্ছানুসৰি যিকোনো সময়তে বিদ্যুৎ মাচুল বৃদ্ধি কৰিব পাৰিব ৷ কিন্তু এইদৰে যেতিয়াই-তেতিয়াই বিদ্যুৎ মাচুল বৃদ্ধি কৰিলে ইয়াৰ অসমৰ জনতাৰ মূৰত যে মাধমাৰ পৰিব সেয়া নিশ্চিত ৷

কিয়নো ইতিমধ্যে বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুতৰ মাচুল নিৰ্ধাৰণত কৰ্তৃত্বশীল হৈ থাকোঁতেই বিদ্যুৎ মাচুলৰ উচ্চ নিৰিখৰ বাবে ৰাজ্যজুৰি হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈ আহিছে ৷ আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত এই বিষয়ত স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছিল মাত্ৰ কেইদিনমান আগতে ৷

ইন্ধন আৰু শক্তি ক্ৰয়ৰ দাম মিলাই লোৱাৰ (FPPPA) নিয়ম, ২০১০ৰ নিয়ম সংশোধন কৰিবৰ বাবে APDCLAয়ে বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত আবেদন কৰিছিল ৷ এই আবেদনৰ শুনানি গ্ৰহণ কৰি নিয়ামক আয়োগে ইতিমধ্যে এক খচৰা প্ৰকাশ কৰে ৷ খচৰাৰ এই সংশোধন অনুসৰি ইন্ধন আৰু শক্তি ক্ৰয়ৰ দাম মিলাবৰ বাবে নিয়ামক আয়োগৰ অনুমতি APDCLৰ পৰা লোৱাৰ কোনো প্ৰয়োজন নাথাকিব ৷

অৰ্থাৎ বিদ্যুৎ মাচুল নিজৰ প্ৰয়োজন সাপেক্ষে APDCLয়ে নিজে নিৰ্ধাৰণ কৰিব পাৰিব ৷ APDCLয়ে কৰা আবেদনৰ শুনানিৰ পিছত যোৱা আগষ্ট মাহতে আবেদনত অনুমোদন জনাই এক নিৰ্দেশনা জাৰি কৰে নিয়ামক আয়োগে ৷ মাত্ৰ দুদিন পূৰ্বে বিদ্যুৎ মাচুলক বৃদ্ধিক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত ৩০০ ইউনিটৰ ওপৰত ব্যৱহাৰ কৰাসকলৰ ক্ষেত্ৰতহে এই মূল্য বৃদ্ধি ঘটোৱা হৈছে বুলি মন্তব্য কৰিছিল ৷

তাৰ মাজতে, যোৱা আগষ্ট মাহতে নিয়ামক আয়োগৰ ক্ষমতা কৰ্তন কৰি FPPPAৰ নামত মাচুল বৃদ্ধিৰ বাবে এ পি ডি চি এলক সম্পূর্ণ কর্তৃত্ব অর্পণ কৰা হৈছে ।

তাৎপৰ্যপূৰ্ণ যে পূৰ্বতে বিদ্যুৎ ক্ৰয়-বিক্ৰয়ৰ সমতা আনি মাচুল বৃদ্ধি কৰিবলৈ হ'লে APDCLয়ে অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত আবেদন জনাব লাগিছিল ।

এপিডিচিএলৰ আবেদনৰ ভিত্তিত নিয়ামক আয়োগে শুনানি অনুষ্ঠিত কৰি মাচুল বৃদ্ধিৰ ক্ষেত্ৰত অনুমোদন জনায় । আয়োগে নির্ধাৰণ কৰি দিয়া অনুসৰিহে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব পাৰিছিল APDCLয়ে । কিন্তু যোৱা ৩ আগষ্টত সেই বিধিৰ সংশোধনী ঘটাই নিয়ামক আয়োগৰ ক্ষমতা কর্তন কৰি শক্তিশালী কৰা হ’ল APDCLক ৷

প্ৰকৃতাৰ্থত তেতিয়াৰে পৰা FPPPAৰ ভিত্তিত মাচুল বৃদ্ধি কৰিবলৈ এ পি ডি টি এলে নিয়ামক আয়োগৰ পৰা কোনো অনুমতি লোৱাৰ প্ৰয়োজন নাই । ইন্ধনৰ মূল্যবৃদ্ধিৰ যুক্তি প্ৰদৰ্শন কৰি যিকোনো সময়তে বিদ্যুৎ মাচুল বৃদ্ধি কৰিব পাৰিব APDCLয়ে ।

পূৰ্বতে বিদ্যুৎ ক্ৰয়-বিক্ৰয়ৰ নামত নামত মন গ’লেই যিকোনো সময়ত মাচুল বৃদ্ধিৰ বাবে APDCLয়ে আবেদন কৰাৰ কোনো ব্যৱস্থা নাছিল । এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানতহে আবেদন কৰিব পাৰিছিল । কিন্তু নতুন নিৰ্দেশনা অনুসৰি APDCLয়ে ইন্ধনৰ মূল্যবৃদ্ধি হ'লেই FPPPAৰ নামত বিদ্যুৎ মাচুল বৃদ্ধি কৰিব পাৰিব ।

লগতে পঢ়ক: Congress Protest: ৰাহুল গান্ধী ৰাৱণ ! সজালে বিজেপিয়ে; ক্ষুব্ধ কংগ্ৰেছীয়ে প্ৰতিবাদেৰে কঁপালে গুৱাহাটী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.