ETV Bharat / state

Congress Protest: ৰাহুল গান্ধী ৰাৱণ ! ক্ষুব্ধ কংগ্ৰেছীয়ে প্ৰতিবাদেৰে কঁপালে গুৱাহাটী

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 4:44 PM IST

Updated : Oct 6, 2023, 9:29 PM IST

বিজেপি দলৰ অফিচিয়েল X হেণ্ডেলত ৰাহুল গান্ধীৰ বিকৃত ফটো শ্বেয়াৰ কৰাক লৈ অসন্তুষ্ট কংগ্ৰেছ নেতা-কৰ্মী ৷ গুৱাহাটীত কংগ্ৰেছৰ প্ৰবল প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীক আগভেটা আৰক্ষীৰ ৷

Distorted photo of Rahul Gandhi
BJP shared Rahul Gandhi photo

ৰাহুল গান্ধীক ৰাৱণ সজালে বিজেপিয়ে

গুৱাহাটী, ৬ অক্টোবৰ: শাসকীয় বিজেপি দলৰ X পেজত (পূৰ্বৰ টুইটাৰ) প্ৰকাশ পোৱা ৰাহুল গান্ধীৰ দুখন বিশেষ ফটোক লৈ এতিয়া দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ প্ৰায়েই বিভিন্ন ধৰণে বিজেপিৰ নেতা- সদস্যই ৰাহুল গান্ধীক সমালোচনা কৰা দেখা যায় ৷ পূৰ্বে ‘পাপ্পু’ নামেৰে বিজেপিৰ একাংশ নেতাই ৰাহুল গান্ধীক উপলুঙা কৰা দেখা গৈছিল ৷ এইবাৰ ‘ৰাৱণ’ আৰু ‘পুতলা’ ৰূপত ৰাহুল গান্ধীৰ ফটো প্ৰকাশ কৰিছে গেৰুৱা দলে ৷

বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ এখন ফটোত ৰাৱণৰ দৰে দহটা মূৰ সংযোগ কৰি প্ৰকাশ কৰিছিল বিজেপিৰ X পেজত প্ৰকাশ কৰাৰ পিচত আজি অৰ্থাৎ শুকুৰবাৰে পুনৰ পুতলা নাচৰ পুতলাৰ দৰে ৰাহুল গান্ধীৰ এখন ফটো প্ৰকাশ কৰিছে বিজেপিয়ে ৷ ইয়াকে লৈ ক্ষোভত ফাঁটি পৰিছে কংগ্ৰেছ কৰ্মীসকল ৷

বিজেপিৰ এই কাৰ্যৰ বিৰুদ্ধে অসমতো কংগ্ৰেছীসকলে ব্যাপক প্ৰতিবাদ কৰা দেখা গৈছে ৷ গুৱাহাটীৰ ৰাজীৱ‌ ভৱনৰ সম্মুখত কংগ্ৰেছ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শুকুৰবাৰে । কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ‌ বেনাৰ, ফেষ্টুন লৈ ৰাজীৱ‌ ভৱনৰ পৰা সমদল‌ উলিওৱাৰ চেষ্টা কৰে যদিও আদবাটতে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বেৰিকেড দি বাধা প্ৰদান কৰে ।‌

প্ৰতিবাদকাৰীসকলে ৰাহুল গান্ধীক ৰাৱণ সজোৱা কাৰ্যক গৰিহণা দি ৰাজীৱ ভৱনৰ সন্মুখ বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে কৰি উত্তাল তোলে । ‌কংগ্ৰেছৰ প্ৰতিবাদস্থলীত অংশ লৈ কংগ্ৰেছ নেতা ৰাতুল‌ কলিতাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীক লৈ ভয় খাইছে ।‌ ২০২৪ ত ৰাহুল গান্ধীৰ নেতৃত্বত চৰকাৰ গঠন হ’ব ।‌ ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে কোটি কোটি লোকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৰাহুল গান্ধী ।‌ ৰাহুল গান্ধীক ৰাৱণ সজালেও ৰাহুল গান্ধীৰ ভয়ত ভুগিছে প্ৰধানমন্ত্ৰী ।

  • BJP के ऑफिशल हैंडल पर @RahulGandhi को रावण के रूप में दिखाने वाले घटिया ग्राफ़िक के पीछे वास्तविक मंशा क्या है? इसका स्पष्ट रूप से एक ही मकसद है — एक कांग्रेस सांसद और पार्टी के पूर्व अध्यक्ष के ख़िलाफ़ हिंसा के लिए उकसाना और भड़काना, जिनके पिता और दादी की हत्या उन ताकतों ने की… https://t.co/fyfiX2K1r7

    — Jairam Ramesh (@Jairam_Ramesh) October 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, বিজেপিৰ অফিচিয়েল X হেণ্ডেলত প্ৰকাশিত পোষ্টাৰখনত দেখা ৰাহুলৰ চেহেৰা ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ । মুখভৰ্তি দাঢ়িৰে এখন ফটো । ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ ৰাহুল গান্ধীৰ ফটোখনক ৰূপ দিয়া হৈছে লংকেশ্বৰৰ। ফটোখন শ্বেয়াৰ কৰি বিজেপিয়ে লিখিছে “ৰাৱণ, কংগ্ৰেছ দলৰ প্ৰডাকচন, জৰ্জ ছ’ৰ’ছৰ পৰিচালনাত ।” আন এটা পোষ্টত ৰাহুল গান্ধীৰ আন এখন ফটো শ্বেয়াৰ কৰি বিজেপিয়ে লিখিছে যে বিদেশী শক্তিৰ হাতত পুতলা ৷

বিজেপিৰ এই পোষ্টাৰ প্ৰকাশৰ পিছতে এতিয়া সৃষ্টি হৈছে বিৰ্তক । আৰম্ভ হৈছে বিজেপি-কংগ্ৰেছৰ পোষ্টাৰ যুদ্ধ । কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে X ত পোষ্ট কৰি বিজেপিয়ে এই ফটোখনৰ দ্বাৰা ৰাহুল গান্ধীৰ বিৰুদ্ধে “হিংসাৰ বাবে উচটনি দিয়া” বুলি দাবী কৰে ।

লগতে পঢ়ক: Artificial flood in Guwahati:এজাক বৰষুণে ধুৱাই থৈ গ’ল স্মাৰ্ট মহানগৰীক; জলবন্দী মহানাগৰিক

Last Updated : Oct 6, 2023, 9:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.