ETV Bharat / state

ভিক্ষাৰ জোলোঙা লৈ বেংকৰ দুৱাৰে-দুৱাৰে ঘূৰি ফুৰিছে মুখ্যমন্ত্ৰী: ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 10:27 PM IST

Assam Govt Borrow
অসম চৰকাৰৰ ঋণৰ বোজাৰ সন্দৰ্ভত ভূপেন বৰা

Assam Govt Borrow : বেংকৰ দুৱাৰে দুৱাৰে ভিক্ষাৰ জোলোঙা লৈ ঘূৰি ফুৰিছে অসমৰ মুখ্যমন্ত্ৰী ৷ এই মন্তব্য ভূপেন বৰাৰ ৷ অসমৰ মানুহক মুখ্যমন্ত্ৰীয়ে ধৰুৱা কৰিছে বুলি মন্তব্য কৰি বৰাই কয় যে অসম চৰকাৰে বজাৰৰ হাটখোৱাৰ দৰে টকা লৈ আছে ৰাইজৰ পৰা ৷

অসম চৰকাৰৰ ঋণৰ বোজাৰ সন্দৰ্ভত ভূপেন বৰা

গুৱাহাটী, ১৭ ডিচেম্বৰ: ৰাজ্য চৰকাৰে ঋণৰ ওপৰত ঋণ লোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । দেওবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে ঋণ লোৱাক লৈ গৌৰৱবোধ কৰিছে তেওঁ ।

আনহাতে মুখ্যমন্ত্ৰীয়ে ঋণ লোৱাৰ প্ৰসংগত যুক্তি দৰ্শাই ৰাইজে কোনো জাননী পোৱা নাই বুলি কয় ভূপেন বৰাই । এই সন্দৰ্ভত তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ পৰা ৰাইজে সদায়ে ন'টিচ পাই আছে । সাতবাৰকৈ বিদ্যুতৰ মাচুল বৃদ্ধি কৰাটো ন'টিচ নহয় নেকি বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি তেওঁ কয় যে মিটিং তথা সাংস্কৃতি অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মাচুল ধাৰ্য কৰাটো ন'টিচ নহয় নেকি ?

কৃষকৰ মাটিৰ খাজানা বৃদ্ধি কৰা, নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি আদি বিভিন্ন উদাহৰণ দি ভূপেন বৰাই ন'টিচৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্রীৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ কয় যে ন'টিচ মানে বেংকে দিয়া ন'টিচ নহয়, চৰকাৰে বৃদ্ধি কৰা কৰ-কাটল তথা মাচুল একো একোখন ন'টিচ ।

ভূপেন বৰাই লগতে কয় যে মুখ্যমন্ত্ৰীয়ে ঋণৰ পাছত ঋণ লৈ অসমৰ ৰাইজৰ ওপৰত ধাৰৰ বোজা জাপি দিছে । ইয়াৰ পৰিণাম ভাল নহ'ব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে । উল্লেখ্য যে শনিবাৰে ঋণ লোৱাৰ প্ৰসংগত যুক্তি দৰ্শাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁৰ মূৰৰ ওপৰত কোনো ঋণ নাই । যাৰ মূৰৰ ওপৰত ধাৰৰ বোজা আছে তেওঁ মাৰি থাকিব ।

মুখ্যমন্ত্ৰীয়ে লগতে কৈছিল যে তেওঁৰ ধাৰ ধুনীয়াকৈ মাৰি আছে । গতিকে তেওঁৰ মূৰত কোনো টেনশ্যন নাই । লগতে কাৰোবালৈ ঋণৰ জাননী আহিছে নেকি বুলি প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ যাৰ প্ৰত্যুত্তৰত ভূপেন বৰাই আজি মুখ্যমন্ত্ৰীক উভতি ধৰে ।

লগতে পঢ়ক: ঋণৰ বোজাৰ কথা সাহিত্যিকে লিখা কথা...মোৰ মূৰত কোনো টেনচন নাই : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.