ETV Bharat / state

এতিয়া বিজেপিৰ সময় : অপূৰ্ব ভট্টাচাৰ্য্য

author img

By

Published : Mar 9, 2022, 8:50 PM IST

apcc-gs-apurba-kumar-bhattacharjees-press-meet-at-guwahati-rajib-bhawan
এতিয়া বিজেপিৰ সময় : অপূৰ্ব ভট্টাচাৰ্য্য

বিজেপি যিহেতু এতিয়া শাসনত আছে সেয়ে এতিয়া বিজেপিৰ সময় । ৰাজ্যত পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ দলে শোচনীয়ভাৱে পৰাজয়বৰণ কৰা পিছতে ৰাজীৱ ভৱনত বুধবাৰে অনুষ্ঠিত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্য এই মন্তব্য কৰে(APCC general secretary Apurba Kumar Bhattacharjee) ৷

গুৱাহাটী, 9 মাৰ্চ : বুধবাৰে ঘোষিত ৰাজ্যৰ পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল অনুযায়ী বিজেপিয়ে 759 টা পৌৰসভাৰ ৱাৰ্ডত জয় লাভ(BJP wins 759 Municipal wards) কৰাৰ বিপৰীতে কংগ্ৰেছ দলে মাত্ৰ 76 টা পৌৰসভাৰ ৱাৰ্ডত জয় লাভ কৰিবলৈ সক্ষম হয় । আনহাতে অজাপ, ৰাইজৰ দল আৰু নিৰ্দলীয়ে মুঠ 141 টা পৌৰসভাৰ ৱাৰ্ডত জয় লাভ কৰে(BJP wins municipal elections 2022) ।

এতিয়া বিজেপিৰ সময় : অপূৰ্ব ভট্টাচাৰ্য্য

পৌৰ সভাৰ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় অৱস্থাৰ সম্পৰ্কত অসম প্ৰদেশ কংগ্ৰেছ ৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয় যে, পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল কংগ্ৰেছৰ বাবে অস্বাভাৱিক নহয় (Apurba Bhattacharjee on congress partys failure) ।

ইফালে বুধবাৰে অনুষ্ঠিত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যই এই মন্তব্য কৰি কয় যে, বিজেপি যিহেতু এতিয়া শাসনত আছে সেয়ে এতিয়া বিজেপিৰ সময় । ৰাজ্যত পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ দলে শোচনীয়ভাৱে পৰাজয়বৰণ কৰাৰ পিছতে এইবুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

তেওঁ কয় যে শাসক দলৰ ওচৰত ৰাইজৰ আস্থা আছে বাবে বিজেপিৰ ফলাফল ভাল হৈছে । আমি উৎসাহিত । আমাৰ প্ৰাৰ্থীক হেঁচা । অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয় - "আমি ৰাইজৰ ৰায় মানি লৈছো । আমি পৌৰসভাৰ নিৰ্বাচনৰ ফলাফলকলৈ অকনো বিচলিত হোৱা নাই । নগৰাঞ্চল যোৱা ডেৰবছৰ ধৰি কংগ্ৰেছৰ ভেটি দুৰ্বল হৈছিল । কংগ্ৰেছ দলক পুনৰ শক্তিশালী কৰিম ।

তেওঁ কয় যে এইবাৰ কংগ্ৰেছ দলৰ 903 গৰাকী প্ৰাৰ্থীক বিজেপিৰ গুণ্ডা বাহিনীৰ দ্বাৰা হেঁচা প্ৰয়োগ কৰা হৈছিল । তাৰ পিছতো কংগ্ৰেছৰ 703 গৰাকী প্ৰাৰ্থীয়ে পৌৰসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। উল্লেখ্য যে 80 খন পৌৰসভাৰ 77 খন বি জে পি, 1 খনত কংগ্ৰেছ আৰু 2 খনত নিৰ্দলীয়ে দখল কৰিছে ।

লগতে পঢ়ক : CM Himanta Biswa Sarma Flies to Delhi : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকস্মিক দিল্লী ভ্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.