ETV Bharat / state

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি

author img

By

Published : Oct 7, 2022, 7:26 PM IST

গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি
গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি

গুৱাহাটীত উপস্থিত হ’ল গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ বিমান বন্দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি নেতৃবৃন্দই উষ্ম আদৰণী জনায় দুই শীৰ্ষ নেতাক (Union Home Minister Amit Shah in Guwahati)।

গুৱাহাটী, ৭ অক্টোবৰ: তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হ’ল গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি নেতৃবৃন্দই উষ্ম আদৰণী জনায় দুই শীৰ্ষ নেতাক । দুই শীৰ্ষ নেতাই অংশ ল’ব কেইবাখনো বৈঠকত ।

গৃহমন্ত্ৰী অমিত শ্বাহে আজি সন্ধিয়া কইনাধৰাত বানমুক্ত অসম বিষয়ত বিজেপি ক'ৰ সমিতিৰে বৈঠকত মিলিত হ’ব (Union Home Minister Amit Shah in Guwahati)। শনিবাৰে পুৱা ৯ বজাত ৰাজ্যিক বিজেপিৰ নতুন কার্যালয় মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে (Assam BJP new office)। ৯:৩০ বজাত বিজেপিৰ ৪০ টা জিলা কার্যালয় মুকলিদিনৰ ১২:৩০ বজাত খানাপাৰাত কাৰ্যকৰ্তা সন্মিলনত ভাগ ল’ব ।

ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক লৈ বিয়লি উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰে বৈঠকত অংশগ্ৰহণ কৰিব কেন্দীয় গৃহমন্ত্ৰীগৰাকীয়ে ।

গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি

আনহাতে, ৯ অক্টোবৰত উত্তৰ-পূব পৰিষদৰ পূৰ্ণাংগ অধিবেশনত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে । তাৰ পাছতে আৰক্ষী অধীক্ষকৰ ৰাজ্যিক পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব ৷ উল্লেখ্য যে মুখ্যত মহানগৰীৰ বশিষ্ঠত ৰাজ্যিক বিজেপিৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা মুখ্য কাৰ্যালয়ৰ শুভ উদ্বোধনৰ বাবে উপস্থিত হোৱা শাসকীয় দলটোত শীর্ষ নেতাদ্বয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবেও ৰাজ্যিক নেতৃত্বক লগত লৈ প্ৰস্তুত কৰিব বিশেষ ৰণকৌশল ।

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তৃণমূল কর্মী তথা বুথ কর্মী আৰু শক্তিকেন্দ্ৰৰ কৰ্মীসকলক অধিক সক্ৰিয় কৰাৰ বাবে দলীয় নেতৃত্বই গ্ৰহণ কৰিছে এলানি বিশেষ কাৰ্যসূচী । এই কাৰ্যসূচীৰ সমান্তৰালকৈ লোকসভা নিৰ্বাচনত দলৰ ৰণকৌশল কি হ'ব, কোন কোন সমষ্টিক লক্ষ্য কৰি দলৰ স্থিতি কি হ'ব সেই সম্পৰ্কে বিস্তৃত পর্যালোচনা চলাব ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু অমিত শ্বাহে (BJP president J P Nadda in Guwahati)।

লগতে পঢ়ক: ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে অমিত শ্বাহৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.