ETV Bharat / bharat

ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে অমিত শ্বাহৰ বৈঠক

author img

By

Published : Oct 7, 2022, 5:59 PM IST

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত আহি উপস্থিত হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (JP Nadda)। অমিত শ্বাহে তেওঁৰ অসম ভ্ৰমণৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ (Amit Shah Northeastern state visit) সকলো মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ সৈতে এখন বৈঠকত মিলিত হ'ব ।

Amit Shah
Amit Shah

নিউজ ডেস্ক, ৭ অক্টোবৰ : ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্য সৰবৰাহ উত্তৰ-পূবত এক ডাঙৰ ভাবুকি হৈ পৰিছে । এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীত (Home Minister Amit Shah arrived Guwahati) উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সকলো মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকপ্ৰধানৰ (ডিজিপি) সৈতে এখন বৈঠকত মিলিত হ'ব ।

উল্লেখ্য, তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত আহি উপস্থিত হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (JP Nadda)। গৃহ মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই ইটিভি ভাৰতক জনোৱা অনুসৰি, অমিত শ্বাহে তেওঁৰ অসম ভ্ৰমণৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ (Amit Shah Northeastern state visit) সকলো মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ সৈতে এখন বৈঠকত মিলিত হ'ব ।

"উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সকলো মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ সৈতে ড্ৰাগছৰ বিষয়টো সন্দৰ্ভত গৃহমন্ত্ৰীয়ে ৰাজ্যিক অতিথিশালাত এক বৈঠকত মিলিত হ'ব ।" বিষয়াজনে কয় ।

উল্লেখ্য, শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সৈতে হোৱা বৈঠকত অমিত শ্বাহে এই বিপদৰ মোকাবিলাৰ বাবে গ্ৰহণ কৰিবলগা পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

"দৰাচলতে গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) ড্ৰাগছ সৰবৰাহ চিনাক্ত কৰিবলৈ উত্তৰ-পূবৰ কিছুমান ঘটনাৰ তদন্ত কৰি আছে । ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহ জড়িত থকাটোও অস্বীকাৰ কৰিব নোৱাৰি । বিষয়াসকলে লগতে কয় ।" আনহাতে, মণিপুৰ আৰু নাগালেণ্ডৰ নিৰাপত্তা সংস্থাসমূহে কেইবাবাৰো কিছু উগ্ৰপন্থীক ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰা বুলিও বিষয়াসকলে কয় ।

চোৰাংচোৱাৰ প্ৰতিবেদন অনুসৰি, বাংলাদেশ আৰু ম্যানমাৰৰ পৰা ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী চোৰাংকৈ অনা হৈছে (Drugs smuggling in North East) । ম্যানমাৰৰ পৰা অহাসকলে প্ৰায়ে মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডত অৱস্থান বিচাৰে । আফিং খেতি খণ্ডৰ সৈতে ম্যানমাৰৰ ঘনিষ্ঠতাই উত্তৰ-পূবৰ ৰাজ্যসমূহক ড্ৰাগছ কৰিডৰত ইন্ধন যোগাইছে ।

সীমান্ত সুৰক্ষা বাহিনী (BSF), অসম ৰাইফলছৰ (Assam Rifles) দৰে সীমান্ত সুৰক্ষা সংস্থাই প্ৰায়ে ভাৰত-বাংলাদেশ আৰু ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলৰ পৰা অবৈধ ড্ৰাগছ জব্দ কৰে । ইফালে গৃহমন্ত্ৰী অমিত শ্বাহৰ শনিবাৰৰ পৰা আৰম্ভ হোৱা উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ তিনিদিনীয়া ভ্ৰমণকালত উত্তৰ-পূব পৰিষদৰ লগতে বিভিন্ন বিষয়া তথা অন্যান্যসকলক সাক্ষাৎ কৰিব (BJP National president JP Nadda)।

লগতে পঢ়ক :জম্মু-কাশ্মীৰ আৰক্ষীৰ জালত হাইব্ৰিড সন্ত্ৰাসবাদী: অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.