ETV Bharat / state

Crime graph goes up in Guwahati: মহানগৰীত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এইবাৰ হত্যাৰ অভিযোগ

author img

By

Published : Feb 28, 2023, 12:43 PM IST

Drug mafia accused of killing his driver
ড্ৰাগছ মাফিয়াই নিজৰ চালকক হত্যাৰ অভিযোগ

অলপতে কোটি টকাৰ ড্ৰাগছসহ মহানগৰীৰ নালাপাৰাত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ মাফিয়া আব্দুল ৰচিদৰ বিৰুদ্ধে এইবাৰ উঠিছে হত্যাৰ অভিযোগ (Allegations of murder raised against drugs mafia) ৷ বিগত বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে চাদিকুল ইছলাম নামৰ এগৰাকী চালক ৷ ইয়াৰ পাছতেই চাদিকুল ইছলামৰ পৰিয়ালে ড্ৰাগছ মাফিয়াটোৰ বিৰুদ্ধে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ ৷

ড্ৰাগছ মাফিয়াই নিজৰ চালকক হত্যাৰ অভিযোগ

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী : ৯ কোটি টকাৰ ড্ৰাগছসহ গুৱাহাটী মহানগৰীৰ নালাপাৰাৰ পৰা গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ মাফিয়া আব্দুল ৰচিদৰ বিৰুদ্ধে এইবাৰ উত্থাপিত হৈছে হত্যাৰ অভিযোগ । বিগত তিনিমাহে কোনো সন্ধান উলিয়াব নোৱাৰা বকোৰ চাদিকুল ইছলামক হত্যাৰ সন্দেহ কৰি ড্ৰাগছ মাফিয়া আব্দুল ৰচিদৰ বিৰুদ্ধে পৰিয়ালৰ লোকে উত্থাপন কৰিছে হত্যাৰ অভিযোগ । বিগত বৰ্ষৰ ১ ডিচেম্বৰৰ দিনা গুৱাহাটীৰ পৰা ইম্ফললৈ ট্ৰাকৰ ভাড়া লৈ যোৱা চাদিকুল ইছলামৰ আজি পৰ্যন্ত পৰিয়ালে পোৱা নাই কোনো সন্ধান (Drug mafia accused of murder in Guwahati)।

শেহতীয়াকৈ নিৰুদ্দেশ অৱস্থাত থকা চাদিকুল ইছলামক ড্ৰাগছ মাফিয়া আব্দুল ৰচিদেই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চাদিকুলৰ পৰিয়ালৰ লোকে (Drug mafia accused of killing his driver) । উল্লেখযোগ্য যে, ২৬ ফেব্ৰুৱাৰীৰ নিশা নালাপাৰাত ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱা বৰপেটাৰ আব্দুল ৰচিদৰ ট্ৰাক এখনৰ চালক হিচাবে আছিল বকোৰ চাদিকুল ইছলাম নামৰ লোকজন । কিন্তু যোৱা ১ ডিচেম্বৰৰ দিনাখন গুৱাহাটীৰ পৰা ইম্ফললৈ ট্ৰাক ভাড়া লৈ যোৱা চাদিকুল ইছলামৰ আজি পৰ্যন্ত কোনো সন্ধান পোৱা নাই পৰিয়ালে । ইফালে এই ভাড়া লৈ যোৱাৰ পিছতে ৰহস্যজনক ভাবে AS01 LC 8367 নম্বৰৰ ট্ৰাকখন বৰ্ণিহাতত উদ্ধাৰ হয় ৷ অৱশ্যে বাহনখন উদ্ধাৰ হোৱাৰ পিছতো আজি পৰ্যন্ত কোনো সন্ধান নোলাল বাহনখনৰ চালক চাদিকুলৰ ।

আনহাতে চাদিকুলৰ পৰিয়ালকো আজি পৰ্যন্ত কোনো সুদত্তৰ নিদিলে ট্ৰাকখনৰ মালিক তথা ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱা আব্দুলে (Drugs mafia arrested in Guwahati) । সমগ্ৰ ঘটনা সন্দৰ্ভত চালকজনৰ পৰিয়ালে ইতিমধ্যে বশিষ্ঠ থানাত এক গোচৰ ৰুজু কৰিছিল যদিও আৰক্ষীয়ে ট্ৰাকখনৰ লগতে চালকজনৰ মোবাইলটোহে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল যদিও চাদিকুলৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহ’ল । ইয়াৰ পিছতে ট্ৰাকৰ মালিক আব্দুল ৰচিদক আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰাৰ পিছতে চাদিকুলৰ দুৰ্ভগীয়া পৰিয়ালটোৱে বশিষ্ঠ থানাত উপস্থিত হৈ ধৃত আব্দুলক কেইবাবাৰো চাদিকুল ইছলামৰ সন্ধান বিচাৰে যদিও একো উত্তৰ পাবলৈ সক্ষম নহ’ল বুলি উল্লেখ কৰে ।

ভুক্তভোগী চাদিকুলৰ পত্নী তথা আত্মীয়ই আব্দুলৰ ড্ৰাগছ ব্যৱসায়ৰ কথা অৱগত হোৱাৰ পাছতে আব্দুলৰ প্ৰতি সন্দেহ উপজাৰ লগতে ইয়েই চাদিকুলক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ তদুপৰি, নিজৰ স্বামীৰ কোনো সন্ধান নাপাই তেওঁক যিকোনো প্ৰকাৰে উলিয়াই দিবলৈ আৰক্ষীক আবেদন জনাইছে নিৰুদ্দিষ্ট চাদিকুলৰ পত্নীৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোৱে । আনহাতে, হত্যাৰ এই অভিযোগ পোনছাটেই নাকচ কৰিছে ড্ৰাগছ মাফিয়া ধৃত আব্দুল ৰচিদে ৷

অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় ।

লগতে পঢ়ক : UP youth arrested in Lakhimpur: বন বিভাগৰ পৰীক্ষা দিবলৈ আহি গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশৰ ৰঞ্জিত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.