ETV Bharat / state

UP youth arrested in Lakhimpur: বন বিভাগৰ পৰীক্ষা দিবলৈ আহি গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশৰ ৰঞ্জিত

author img

By

Published : Feb 28, 2023, 10:48 AM IST

মঙলবাৰে অনুষ্ঠিত হ’ব বন বিভাগৰ চাকৰিৰ বাবে সাক্ষাৎকাৰ । জালিয়াতিৰে সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব খোজা উত্তৰ প্ৰদেশৰ ৰঞ্জিত কুমাৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ ৷ অভিযোগ অনুসৰি, ভূৱা ঠিকনাৰে সাক্ষাৎকাৰত বহিবৰ বাবে প্ৰস্তুতি চলাইছিল উত্তৰ প্ৰদেশৰ ৰঞ্জিতে (Fake examinee detained in North Lakhimpur) ৷

Fake examinee detained in North Lakhimpur
লখিমপুৰ আৰক্ষীৰ জালত উত্তৰ প্ৰদেশৰ ৰঞ্জিত কুমাৰ

লখিমপুৰ আৰক্ষীৰ জালত উত্তৰ প্ৰদেশৰ ৰঞ্জিত কুমাৰ

লখিমপুৰ, 28 ফেব্ৰুৱাৰী : ভূৱা ঠিকনাৰে বন বিভাগৰ চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ আহি লখিমপুৰ আৰক্ষীৰ জালত পৰিল এজন যুৱক (Fake examinee detained in North Lakhimpur) ৷ যুৱকজন উত্তৰ প্ৰদেশৰ ৰঞ্জিত কুমাৰ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । উল্লেখ্য যে, মঙলবাৰে সাক্ষাৎকাৰ হোৱাৰ কথা আছিল ফৰেষ্ট গাৰ্ড অৰ্থাৎ বনৰক্ষীৰ চাকৰিৰ বাবে । সেয়ে উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহি সোমবাৰেই ৰঞ্জিত কুমাৰে লখিমপুৰৰ ত্ৰয়োদশ অসম আৰক্ষী ছাউনীত দাখিল কৰে যাৱতীয় নথি-পত্ৰ (Fake address proof)৷

উত্তৰ প্ৰদেশৰ পৰা অসমলৈ বন বিভাগৰ সাক্ষাৎকাৰ দিবলৈ অহা ৰঞ্জিত কুমাৰে সাক্ষাৎকাৰৰ পূৰ্বৰ দিনটোতে দাখিল কৰে নথি পত্ৰ । ৰঞ্জিত কুমাৰ উত্তৰ প্ৰদেশৰ মউ জিলাৰ কাকৰিহাৰ ভিটি নিবাসী বুলি জানিবলৈ পৰা গৈছে আৰক্ষী সূত্ৰে ৷ কিন্তু ইয়াৰ পৰিৱৰ্তে কেৱল অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত বন বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যৰেই ৰঞ্জিত কুমাৰে বন বিভাগৰ সাক্ষাৎকাৰৰ বাবে পূৰণ কৰিবলগীয়া যাৱতীয় নথি-পত্ৰত লখিমপুৰৰ পানীগাঁৱৰ বুলি পৰিচয় দিছিল ৷ এই ঠিকনাৰেই অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিছিল ৰঞ্জিত কুমাৰে ।

লগতে পঢ়ক : Decision to cancel school accreditation: ছেবাৰ বিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সিদ্ধান্তৰ বিৰোধিতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

স্মৰ্তব্য যে, ফৰেষ্ট গাৰ্ডৰ চাকৰিৰ বিজ্ঞাপনত প্ৰাৰ্থী স্থানীয় এলেকাৰ হোৱাতো বাধ্যতামূলক বুলি উল্লেখ আছিল । সেই বাবে পৰীক্ষাটোত অৱতীৰ্ণ হ’বলৈ ৰঞ্জিত কুমাৰে ভুৱাকৈ ব্যৱহাৰ কৰিছিল লখিমপুৰৰ ঠিকনা । তেওঁ লখিমপুৰৰ পানীগাঁও এলেকাৰ নিবাসী বুলি ভূৱা ঠিকনা সন্নিৱিষ্ট কৰিছিল বন বিভাগৰ অনলাইন আবেদন পত্ৰত । সোমবাৰে উত্তৰ প্ৰদেশৰ ৰঞ্জিত কুমাৰে দাখিল কৰা নথিপত্ৰত লখিমপুৰৰ ঠিকনা দেখি সংশ্লিষ্ট বিষয়াসকলৰ মনত সন্দেহ ওপজে আৰু আৰক্ষীক অৱগত কৰে (Forest guard interview in North Lakhimpur) ।

সেই অনুসৰি লীলাবাৰী আৰক্ষীয়ে ৰঞ্জিতক আটক কৰি প্ৰাথমিক সোধ-পোচ কৰি লখিমপুৰ সদৰ থানাত গতাই দিয়ে । লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে ৰঞ্জিতক গ্ৰেপ্তাৰ কৰি সম্প্রতি লখিমপুৰ সদৰ থানাত সোধপোচ অব্যাহত ৰাখিছে বুলি জানিবলৈ পৰা গৈছে । সদৰ থানাতে ৰঞ্জিতক আৰক্ষীয়ে জেৰা আৰম্ভ কৰিছে আৰু জেৰাৰ অন্তত এই সন্দৰ্ভত অধিক তথ্য আৰক্ষীয়ে প্ৰকাশ কৰিব বুলি সংবাদ মাধ্যমক অৱগত কৰে ।

লগতে পঢ়ক : Electricity contract workers protest: চাকৰি নিয়মীয়াকৰণৰ দাবীত চচলত বিদ্যুৎ কৰ্মীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.