ETV Bharat / state

Allegation of Land grabbing : ৰঙিয়াত ৰাজহ চক্ৰ বিষয়াৰ ছত্ৰ ছাঁয়াতেই চলিছে কেলেংকাৰী !

author img

By

Published : Dec 27, 2021, 9:47 PM IST

Land grabbing allegation
ৰঙিয়াত ৰাজহ চক্ৰ বিষয়াৰ চত্ৰছায়াতেই চলিছে কেলেংকাৰী

ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে ভূমি কেলেংকাৰী(Allegation of Land grabbing)ত জড়িত থকাৰ অভিযোগ ৷ ঘটনাৰ সন্দৰ্ভত অপৰাধ অনুসন্ধান বিভাগৰ লগতে কামৰূপ জিলা উপায়ুক্ত আৰু ৰঙিয়া মহকুমাধিপতিৰ ওচৰত গোচৰ ৰুজু ভুক্তভোগীৰ ৷

ৰঙিয়া,27 ডিচেম্বৰ : ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়(Rangia Revenue Circle Office)ত পুনৰ ভয়ংকৰ ভূমি কেলেংকাৰী(Allegation of Land grabbing) সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । কেইবাকোটি টকীয়া মাটিৰ গৰাকীৰ অজ্ঞাতে অন্য চাৰিগৰাকী লোকৰ নামত ৰহস্যজনকভাৱে নামজাৰী হোৱাৰ অভিযোগ কৰিছে মাটিৰগৰাকী তথা ৰঙিয়াৰ মৰাণজানাৰ ফিজনুৰ আলীয়ে ।

ৰঙিয়া ৰাজহ চক্ৰ বিষয়া(Rangia Revenue Circle Officer), কেৰাণী আৰু লাট মণ্ডলৰ বিৰুদ্ধে এই সন্দৰ্ভত ইতিমধ্যে পৃথকে পৃথকে ইতিমধ্যে কেইবাটাও গোচৰ তৰিছে ভুক্তভোগী ফিজনুৰ আলীয়ে ৷ ৰঙিয়া প্ৰেছ ক্লাৱত সোমবাৰে এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰি সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনাইছে ফিজনুৰ আলীয়ে ।

ৰঙিয়াত ৰাজহ চক্ৰ বিষয়াৰ চত্ৰছায়াতেই চলিছে কেলেংকাৰী

সংবাদমেলত ফিজনুৰ আলীয়ে বৃহৎ ধনৰ লেনদেনৰ বিনিময়ত এই জালিয়তি সংঘটিত হোৱাৰ অভিযোগ কৰে ৷ ফিজনুৰ আলীয়ে পিতৃ পচনুৰ আলীৰ মৃত্যুৰ পিছত ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তৰাধিকাৰীসূত্ৰে নামজাৰীৰ বাবে উপস্থিত হৈছিল । কিন্তু ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আহি হতভম্ব হৈ পৰে ফিজনুৰ ।

পিতৃ তথা পৰিয়ালৰ অন্য লোকে মাটি বিক্ৰী নকৰাকৈয়ে পিতৃৰ চাৰি বিঘা একঠা ভূমি অন্য লোকৰ নামত ইতিমধ্যে নামজাৰী হৈ গৈছে । ফিজনুৰে সমস্ত ঘটনা বিৱৰি ৰঙিয়া ৰাজহ চক্ৰ বিষয়াক অৱগত কৰে যদিও কিন্তু কোনো সঁহাৰি লাভ নকৰাৰ অভিযোগ কৰে ৷ তদুপৰি ন্যায় বিচৰাৰ বাবে ফিজনুৰক কেৰাণীয়ে আক্ৰমণ কৰিবলৈ চেষ্টা চলোৱা বুলি দুখ প্ৰকাশ কৰিছে ফিজনুৰ আলীয়ে ।

অৱশেষত ফিজনুৰ আলীয়ে আৰ টি আই কৰে । কিন্তু আৰ টি আইৰ ৰিপ’ৰ্টত ওলাই পৰিছে এক ভয়ংকৰ জালিয়তি । ৰঙিয়াৰ সমষ্টিৰ মৰাণজানা গাঁৱৰ চাৰি বিঘা এক কঠা ভূমিৰ দলিলৰ পৰিৱৰ্তে হাজো সমষ্টিৰ ধুহি গাঁৱৰ দলিল দেখুৱাই মৰাণজানা অঞ্চলৰ চাৰিগৰাকী ক্ৰমে জিয়াউৰ ৰহমান, চৰিফুদ্দিন আহমেদ, নাজিমুদ্দিন আহমেদ আৰু মুকুল আহমেদৰ নামত নামজাৰী কৰা হৈছে ।

এই খেলিমেলিত ৰঙিয়া ৰাজহ চক্ৰ বিষয়া লিনা কুমাৰ পাৱে, কেৰাণী ৰাজীৱ ডেকা, লাট মণ্ডল ৰামচৰণ লহকৰ আৰু লাট মণ্ডল দিলোৱাৰা ইয়াচমিনে জালিয়তিৰে ব্যাপক খেলিমেলি কৰা বুলি ফিজনুৰ আলীয়ে অপৰাধ অনুসন্ধান বিভাগ, কামৰূপ জিলা উপায়ুক্ত, ৰঙিয়া মহকুমাধিপতি আৰু ৰঙিয়া থানাত গোচৰ দিছে ।

ইফালে এই সন্দৰ্ভত ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত সংবাদ মাধ্যমৰ আগক কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷ এতিয়া প্ৰশ্ন হ’ল ভূ-মাফিয়াক গ্ৰেপ্তাৰ কৰিয়ে দায়িত্ব সামৰিব নে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৰকাৰী ৰৌ-বৰালিবোৰকো গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই !

লগতে পঢ়ক : পত্নীৰ কোম্পানীৰ ভূমি কেলেংকাৰী, অস্বস্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.