ETV Bharat / state

Rajasthan Election 2023: অসমৰ ৰাজ্যপালৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ; নিৰ্বাচন আয়োগৰ দ্বাৰস্থ বিৰোধী

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 11:22 AM IST

ৰাজস্থানৰ উদয়পুৰত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ ৷ বিজেপি প্ৰাৰ্থীৰ হৈ ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাজস্থান কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থীয়ে । ৰাজ্যপাল কাটাৰিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নিৰ্বাচনী পর্যবেক্ষকলৈ লিখিত অভিযোগ দাখিল কৰিছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ বল্লভে ৷ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ ৷

allegation against Assam Governor
অসমৰ ৰাজ্যপালৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ

গুৱাহাটী, 14 নৱেম্বৰ: অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ অসমৰ ৰাজ্যপালগৰাকীয়ে নিৰ্বাচনমুখী ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ অহা 25 নৱেম্বৰত ৰাজস্থানত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷

allegation against Assam Governor
অসমৰ ৰাজ্যপালৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ

এই নিৰ্বাচনলৈ লক্ষ্য ৰাখিয়েই ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে অসমৰ ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে ৷ বিজেপি প্ৰাৰ্থীৰ হৈ ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাজস্থান কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থীয়ে । উদয়পুৰ চহৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী গৌৰৱ বল্লভে উত্থাপন কৰিছে এই অভিযোগ ।

allegation against Assam Governor
উদয়পুৰ চহৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী গৌৰৱ বল্লভ

ৰাজ্যপাল কাটাৰিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নিৰ্বাচনী পর্যবেক্ষকলৈ লিখিত অভিযোগ দাখিল কৰিছে গৌৰৱ বল্লভে ৷ কেৱল নিৰ্বাচনী পৰ্যবেক্ষককে নহয়, এই অভিযোগ পত্ৰৰ প্রতিলিপি ৰাজস্থানৰ মুখ্য নির্বাচন আয়ুক্ত, দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈও প্ৰেৰণ কৰা হৈছে বুলি কংগ্ৰেছ প্ৰাৰ্থীজনে জনায় ৷ ইয়াৰোপৰি, দেশৰ ৰাষ্ট্ৰপতিগৰাকীলৈও এই প্ৰতিলিপি প্ৰেৰণ কৰিছে কংগ্ৰেছ দলৰ উদয়পুৰ নগৰ সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ বল্লভে ।

allegation against Assam Governor
অসমৰ ৰাজ্যপালৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচন আয়োগলৈ পত্ৰ

কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ বল্লভে অভিযোগ পত্ৰখনত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই উদয়পুৰৰ বিভিন্ন স্থানত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তাৰাচান্দ জৈনৰ সমৰ্থনত সভা আয়োজন কৰি থকা বুলি স্পষ্টকৈ স্পষ্টকৈ উল্লেখ কৰা আছে বুলি জানিব পৰা গৈছে ৷ বল্লভে লগতে কয়, "সাংবিধানিক পদত থকা লোক এজনে নিজৰ পদৰ অপপ্ৰয়োগ কৰি এক নিম্ন স্তৰৰ ৰাজনীতিত লিপ্ত হৈ পৰিছে ৷ গুলাব চান্দ কাটাৰিয়াৰ চলন-ফুৰণত বাধা আৰোপ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে, যাতে ৰাজ্যত নিৰ্বাচনী আচৰণ-বিধি ৰক্ষা হয় ।"

উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া ৰাজস্থান বিজেপিৰ এগৰাকী বৰ্যীয়ান নেতা । 1989 চনত কাটাৰিয়া উদয়পুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । 2003 চনৰ পৰা 2023 চনলৈ কাটাৰিয়া উদয়পুৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল । ইয়াৰোপৰি, 2019ৰ পৰা 2023 লৈ ৰাজস্থান বিধানসভাৰ বিৰোধী দলৰ নেতা হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীয়ে ৷

গুৰুতৰ অভিযোগটো উত্থাপন হোৱাৰ পিচতে ৰাজ্যপালৰ দৰে গুৰুত্বপূৰ্ণ সাংবিধানিক পদবীত থকা এগৰাকী ব্যক্তিয়ে কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব পাৰে নে বুলিও সচেতন মহলত প্ৰশ্নৰ অৱতাৰণা হৈছে ? নিৰ্বাচন আয়োগে অসমৰ ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে উঠা এই অভিযোগৰ ক্ষেত্ৰত কিবা পদক্ষেপ গ্ৰহণ কৰিব নে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক: MP Ajit Bhuyan slams BJP: শাসকীয় দলক দুৰ্নীতিগ্ৰস্ত আৰু লুণ্ঠনজীৱী আখ্যা সাংসদ অজিত কুমাৰ ভূঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.