ETV Bharat / state

অসম-মিজোৰাম সীমান্তলৈ ৰাওনা বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল

author img

By

Published : Jul 31, 2021, 11:44 AM IST

All party representative to Assam Mizoram border
All party representative to Assam Mizoram border

শনিবাৰে অসম-মিজোৰাম সীমান্ত(Assam-Mizoram)লৈ ৰাওনা হ'ল সৰ্বদলীয় প্ৰতিনিধিৰ দল । সীমান্তৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ ল'ব দলটোৱে । লাইলাপুলকে ধৰি সীমান্তৱৰ্তী বিবদমান অঞ্চলসমূহ পৰিদৰ্শন কৰিব দলটোৱে ।

গুৱাহাটী, ৩১ জুলাই : অসম-মিজোৰাম সীমান্তলৈ (Assam-Mizoram Border) শনিবাৰে পুৱাই গুৱাহাটীৰ পৰা ৰাওনা হৈছে অসম বিধানসভা(Assam Assembly)ৰ এটা সৰ্বদলীয় প্ৰতিনিধিৰ দল । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী(Biswajit Daimari)ৰ নেতৃত্বত যোৱা এই দলটোত আছে শাসক দল বিজেপিৰ লগতে কংগ্ৰেছ, অগপ, বি পি এফ, ইউ পি পি এল, এ আই ইউ ডি এফ, ৰাইজৰ দল আৰু চি পি এমৰ বিধায়ক । গুৱাহাটীৰ পৰা ৰাওনা হোৱা দলটোত দহগৰাকী বিধায়ক আছে যদিও একাংশ বিধায়কে ইতিমধ্যে শিলচৰত বাহৰ পাতি আছে । গুৱাহাটীৰ পৰা বিধায়কৰ দলটো শিলচৰত উপস্থিত হোৱাৰ পিছত একত্ৰিতভাৱে সৰ্বদলীয় বিধায়কৰ দলটো অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'ব ।

লাইলাপুলকে ধৰি সীমান্তৱৰ্তী বিবদমান অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ পিছত দলটো পুনৰ গুৱাহাটী অভিমুখে উভতিব । বৃহস্পতিবাৰে কাছাৰৰ অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কৰিছিল কাছাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং আৰু বিধায়ক কৌশিক ৰায় আৰু দীপায়ন চক্ৰৱৰ্তীয়ে । উল্লেখ্য যে, যোৱা ২৬ জুলাইত কাছাৰৰ লাইলাপুৰৰ অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে অসম আৰক্ষীলৈ লক্ষ্য কৰি গুলিচালনা কৰিছিল ।

এই ঘটনাত অসমৰ ৬ জন আৰক্ষী জোৱান শ্বহীদ হোৱাৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়া আহত হয় । এতিয়াও অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি সুস্থিৰ হোৱা নাই ।

কাছাৰত অসম আৰক্ষীক আক্ৰমণ কৰাৰ পাছত কৰিমগঞ্জৰ সীমান্তত অসমৰ ভূমি দখল কৰিবলৈ আৰম্ভ কৰিছে মিজো আৰক্ষীয়ে । ৩টা অসমীয়া পৰিয়ালৰ বাসগৃহ মিজো আৰক্ষীয়ে দখল কৰিছে বুলি জানিব পৰা গৈছে । এতিয়া সৰ্বদলীয় প্ৰতিনিধিৰ দলটোৱে সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰাৰ পাছত অসম চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:লাইলাপুৰ ঘটনা সন্দৰ্ভত শিলচৰত সৰ্বদলীয় বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.