ETV Bharat / state

টেট উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ নিযুক্তি কেতিয়া?

author img

By

Published : Oct 7, 2020, 7:55 PM IST

বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সদৌ অসম প্ৰবীণ-ৰত্ন,বি.এড,ডি.এল.এড অৰ্হতাসম্পন্ন উচ্চ প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল ৷ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষক পদত নিযুক্তি দিয়াৰ পৰিৱৰ্তে অসম ৰাষ্ট্রভাষা প্রচাৰ সমিতিয়ে বছৰ বছৰ ধৰি পৰীক্ষাৰ নামত লাখ লাখ টকা সংগ্রহ কৰাৰ ক্ষোভ প্ৰকাশ কৰিছে ডিগ্ৰীধাৰীসকলে ৷

All Assam B.Ed D.El.Ed Association press meet
সদৌ অসম প্ৰবীণ-ৰত্ন,বি.এড,ডি.এল.এড অৰ্হতাসম্পন্ন উচ্চ প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল

গুৱাহাটী,7 অক্টোবৰ: মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱত বুধবাৰে উচ্চ প্ৰাথমিক,মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী শিক্ষক পদৰ 1,102 টা পদৰ B No. EAA/STU/125/202/43 বিজ্ঞাপনত ভাৰত চৰকাৰৰ দ্বাৰা স্নাতক সমকক্ষ মান্যপ্ৰাপ্ত তথা অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা প্ৰদান কৰা প্ৰবীণ ৰত্ন ডিগ্ৰীধাৰীসকলক উচ্চ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষক পদৰ নিযুক্তি দিয়া সন্দৰ্ভত সদৌ অসম প্ৰবীণ-ৰত্ন,বি.এড,ডি.এল.এড অৰ্হতাসম্পন্ন উচ্চ প্ৰাথমিক টেট উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংবাদমেল সম্বোধন ৷

সংবাদমেল সম্বোধন কৰি উদ্যোক্তাসকলে কয় যে,যোৱা 11/09/2020 তাৰিখে প্রকাশ পোৱা উচ্চ প্রাথমিক বিদ্যালয়ৰ হিন্দী শিক্ষক পদৰ আবেদনৰ অন্তিম দিন আছিল 26/09/2020। ইয়াত হিন্দী শিক্ষক পদৰ আবেদন কৰিবলৈ স্নাতক পর্যায়ত হিন্দী এটা মূল বিষয় নাইবা এটা ঐচ্ছিক বিষয় থকাটো বাধ্যতামূলক। কিন্তু ভাৰত চৰকাৰৰ দ্বাৰা স্নাতক সমকক্ষ মান্যপ্রাপ্ত প্রবীণ ৰত্ন ডিগ্রীধাৰীসকলক আবেদনৰ সুযোগ দিয়া নাছিল । এই বিষয়ত প্রবীণ ৰত্ন ডিগ্রীধাৰীসকলে শিক্ষামন্ত্রী,শিক্ষা আয়ুক্ত আৰু প্রাথমিক শিক্ষা সঞ্চালকলৈ স্মাৰক পত্র প্ৰেৰণ কৰাৰ পাচতো আজি পর্যন্ত কোনা স্পষ্ট বিবৃত্তি লাভ নকৰাত তেওঁলোকে সংবাদ মাধ্যমৰ সহায় ল'ব লগা হৈছে বুলি মত প্ৰকাশ কৰে ।

আনহাতে,এই বিষয় সন্দৰ্ভত প্রাথমিক সঞ্চালকক প্রবীণ ৰত্ন ডিগ্ৰীধাৰীসকলে বাৰে বাবে লগ ধৰাৰ পাচতো সঞ্চালকগৰাকীয়ে NCTEৰ দোহাই দি বিষয়টোৰ পৰা আঁতৰি থাকে ৷ কিন্তু তাৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰামত প্রবীণ-ৰত্ন ডিগ্রীধাৰীসকল উচ্চ প্রাথমিক বিদ্যালয়ৰ হিন্দী শিক্ষক পদৰ আবেদন লাভ কৰিছে ৷

উচ্চ প্রাথমিক বিদ্যালয়ত প্রবীণ ৰত্ন ডিগ্ৰীধাৰীসকলক কিয় আবেদন কৰাৰ সুযোগ দিয়া নহয় বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁলোকে কয় যে,অসমত যিহেতু হিন্দী ৰাজ্যভাষা নহয়,যাৰ ফলত অধিকাংশ শিক্ষার্থীয়ে স্নাতক পর্যায়ত হিন্দী বিষয়টো অধ্যয়ন নকৰে ৷ সেইবাবে 2012, 2017 আৰু 2018 চনত উচ্চ প্রাথমিক বিদ্যালয়ৰ হিন্দী শিক্ষকৰ বিজ্ঞাপন দিয়াৰ পাচতো আজি পর্যন্ত হিন্দী শিক্ষকৰ পদবোৰ পূৰণ কৰিব পৰা নাই । আকৌ 2020 চনৰ 11 ছেপ্তেম্বৰত বিজ্ঞাপন দি 26 ছেপ্তেম্বৰত আবেদন প্রক্রিয়া সমাপ্ত হৈছে ।

যদি ভাৰত চৰকাৰৰ দ্বাৰা স্নাতক সমকক্ষ অসম ৰাষ্ট্রভাষা প্রচাৰ সমিতিয়ে 6-7 বছৰ পৰীক্ষাৰ অন্তত প্রদান কৰা প্রবীণ ৰত্ন ডিগ্ৰীৰ কোনো মূল্যই নাই,তেন্তে অসম ৰাষ্ট্রভাষা প্রচাৰ সমিতিয়ে কিয় বছৰ বছৰ ধৰি পৰীক্ষাৰ নামত লাখ লাখ টকা সংগ্রহ কৰি আছে বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে বিষয়টোত শিক্ষামন্ত্রীৰ হস্তক্ষেপ দাবী কৰে ডিগ্ৰীধাৰীসকলে ।

লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ যুৱ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.