ETV Bharat / state

AIUDF Press Meet: বিজেপিক প্ৰতিহত কৰাৰ যিকোনো কাৰ্যত আমি আছো : এ আই ইউ ডি এফ

author img

By

Published : May 14, 2023, 8:12 PM IST

AIUDF Press Meet at Guwahati
নীতিশ কুমাৰক সাক্ষাৎ কৰা সন্দৰ্ভত এ আই ইউ ডি এফৰ সংবাদমেল

সাংসদ বদৰুদ্দিন আজমলৰ নেতৃত্বত এ আই ইউ ডি এফৰ চাৰিজনীয়া এটা প্ৰতিনিধি দলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰা সন্দৰ্ভত দলটোৰ নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰে ৷ দেওবাৰে দলৰ গুৱাহাটীৰ হাতীগাঁৱস্থিত মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে কয় যে বিহাৰৰ মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণ ক্ৰমে এই সাক্ষাৎ হৈছিল (AIUDF Press Meet at Guwahati) ৷

নীতিশ কুমাৰক সাক্ষাৎ সন্দৰ্ভত এ আই ইউ ডি এফৰ সংবাদমেল

গুৱাহাটী, 14 মে' : সাংসদ বদৰুদ্দিন আজমলৰ নেতৃত্বত এ আই ইউ ডি এফৰ চাৰিজনীয়া এটা প্ৰতিনিধি দলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰা সন্দৰ্ভত দলটোৰ নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰে ৷ দেওবাৰে দলৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে কয় যে বিহাৰৰ মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণ ক্ৰমে এই সাক্ষাৎ হৈছিল ৷ সাক্ষাতকালত দেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হৈছিল (AIUDF Press Meet at Guwahati) ৷

বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিজেপি বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাৰ প্ৰচেষ্টা কৰা হৈছে ৷ তাৰেই অংশ হিচাবে এ আই ইউ ডি এফক আমন্ত্ৰণ জনোৱা হৈছিল বুলি মন্তব্য কৰে দলটোৰ নেতৃত্বই ৷ তেওঁলোকে লগতে কয় যে সৰু দল হলেও এ আই ইউ ডি এফক যথেষ্ট গুৰুত্ব দিছে নীতিশ কুমাৰে ৷ সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হৈ এজন প্ৰাৰ্থী দিয়াৰ ফৰ্মুলাৰ কথা নীতিশ কুমাৰে কৈছে ৷ এ আই ইউ ডি এফ দলে ইয়াৰ সমৰ্থন কৰিছে (AIUDF Press Meet over meeting with Nitish Kumar) ৷

বিধায়ক আমিনুল ইছলামে কয় যে বিজেপি বিৰোধী যিকোনো কাৰ্যতে এ আই ইউ ডি এফ দল আছে বুলি আমি নীতিশ কুমাৰক কৈছো ৷ আনহাতে আৰ জে ডিৰ নেতৃত্বৰ লগতো আলোচনা হোৱাৰ কথা তেওঁ সংবাদমেলত সদৰী কৰে ৷ বিজেপি বিৰোধী শক্তিসমূহ কেনেকৈ একেলগ হ'ব পাৰি তাৰ ওপৰত চিন্তা চৰ্চা হৈ আছে ৷ তেওঁ কয় যে আমি এটাই কথা কৈছো আমি বিজেপি বিৰোধী শিবিৰত আছো ৷ তেওঁ কয় যে মহাজোঁটবন্ধন কংগ্ৰেছক লৈ হ'ব নে নহয় সেইয়া এতিয়াও ঠিৰাং হোৱা নাই (Ajmal meets Nitish Kumar) ৷

ইফালে অসমত কংগ্ৰেছৰ নেতৃত্বত 11টা ৰাজনৈতিক দল ঐক্যবদ্ধ হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমেলত আমিনুল ইছলামৰ লগতে বিধায়ক কৰিম উদ্দিন বৰভূঁঞাই কয় যে বিগত বিধানসভা নিৰ্বাচনত অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে ভোট বিভাজন কৰি বিজেপিক সহায় কৰিলে ৷ এইবাৰো তেওঁলোকে নিজা দলৰ পৰাই নিৰ্বাচন খেলিব ৷ আনহাতে এ আই ইউ ডি এফৰে মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছে বাধা দিয়া নাই বুলি উল্লেখ কৰি বৰভূঁঞাই কয় যে কংগ্ৰেছত থকা বিজেপিৰ 'এজেণ্ট' সকলেহে বাধা দিছে (AIUDF Press Meet) ৷

তেওঁ লগতে কয় যে, তৃণমূল পৰ্যায়ত কোনো অস্তিত্ব নথকা দলৰ লগত একেলগ হৈ কি কৰিব ৷ ভূপেন বৰা, দেৱব্ৰত শইকীয়া আমাৰ অভিভাৱক নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে আমি স্বীকৃতি প্ৰাপ্ত দল, আমি নিজৰ সিদ্ধান্ত নিজে ল'ম ৷ নীতিশ কুমাৰে মাতিছে বাবে আমি গৈছো বুলি সদৰী কৰি তেওঁ কয় যে বিজেপিক পৰাভূত কৰিবলৈ আমি যি কৰিব লাগে তাকে কৰিম ৷ তেওঁ লগতে কয় যে বৰ্তমান আমি এ আই চি চিৰ ওচৰত যোৱা নাই আৰু নাযাওঁ ৷ অসম কংগ্ৰেছৰ বিজেপি এজেন্ট সকলেহে এ আই ইউ ডি এফৰে মিত্ৰতাত বাধা দিব বিচাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমত কংগ্ৰেছৰ বিৰোধী ঐক্যত কোনো নাথাকে, সময়ত সকলো ওলাই যাব ৷ উল্লেখযোগ্য যে, সংবাদমেলত দলটোৰ কেইবাজনো নেতা উপস্থিত আছিল ৷

লগতে পঢ়ক: Congress AIUDF alliance: কংগ্ৰেছত এ আই ইউ ডি এফৰ কোনো স্থান নাই; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.