ETV Bharat / state

ৰাজ্যৰ প্ৰশাসনত পুনৰ ব্যাপক সালসলনি

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 9:46 PM IST

Administrative Reshuffle In Assam
ৰাজ্যৰ প্ৰশাসনত পুনৰ সালসলনি

ৰাজ্যৰ প্ৰশাসনত পুনৰ কেইবাটাও ৰদবদল ৷ সলনি হ’ল কামৰূপ মহানগৰৰ জিলা আয়ুক্ত ৷

নিউজ ডেস্ক, 30 নৱেম্বৰ : ৰাজ্যৰ প্ৰশাসনত পুনৰ কৰা হৈছে কেইবাটাও ৰদবদল ৷ ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগত কৰা হৈছে এই সালসলনি ৷ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ প্ৰশাসনীয় বিষয়াক বৰ্তমান কৰ্মৰত বিভাগৰ পৰা সলনি কৰা হৈছে আন বিভাগলৈ ৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এই সন্দৰ্ভত জাৰি কৰা হৈছে নিৰ্দেশ ৷

বাক্সাৰ জিলা আয়ুক্ত তথা বিটিআৰৰ মুখ্য সচিব মাচন্দা মেকডালিন পাৰ্টিনক (IAS) দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ যুটীয়া সচিব, অসম দক্ষতা বিকাশ অভিযানৰ মিছন ডাইৰেক্টৰ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধ্যক্ষ হিচাবে বদলি কৰা হৈছে ৷

Administrative Reshuffle In Assam
জ্য চৰকাৰৰ কেইবাটাও বিভাগত সালসলনি

আনহাতে বৰ্তমানৰ অসম দক্ষতা বিকাশ অভিযানৰ মিছন ডাইৰেক্টৰ অংকুৰ জৈনক (IPS) পৰিবহন বিভাগৰ আয়ুক্ত হিচাবে বদলি কৰা হৈছে ৷ বৰ্তমানৰ পৰিবহন বিভাগৰ আয়ুক্ত আৰু অসম চিকিৎসা সেৱা নিগমৰ অধ্যক্ষ ৰবীন কুমাৰক (IPS) পৰিবহন বিভাগৰ আয়ুক্তৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ৷

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এমডি কৃষ্ণা বৰুৱাক (ACS) বাক্সাৰ জিলা আয়ুক্ত হিচাবে আৰু বিটিআৰৰ মুখ্য সচিব (অতিৰিক্ত দায়িত্ব) হিচাবে বদলি কৰা হৈছে ৷

Administrative Reshuffle In Assam
প্ৰশাসনত ৰদবদল

ইফালে কৰ আৰু আবকাৰী বিভাগৰ আয়ুক্ত, অসম চাহ নিগমৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱালাক (IAS) কৰ বিভাগৰ আয়ুক্তৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে ৷

কামৰূপ মহানগৰৰ বৰ্তমানৰ জিলা আয়ুক্ত আৰু জাইকাৰ প্ৰজেক্ট ডাইৰেক্টৰ পল্লব গোপাল ঝাক (IAS) কৰ আয়ুক্ত আৰু অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কাৰ্যসূচীৰ প্ৰজেক্ট ডাইৰেক্টৰ (অতিৰিক্ত) হিচাবে বদলি কৰা হৈছে ৷ অৱশ্যে জাইকাৰ প্ৰজেক্ট ডাইৰেক্টৰ হিচাবে তেওঁ কাৰ্যনিৰ্বাহ কৰি থাকিব ৷

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত আৰু অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কাৰ্যসূচীৰ প্ৰজেক্ট ডাইৰেক্টৰ মেঘ নিধি দাহালক (IAS) অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কাৰ্যসূচীৰ প্ৰজেক্ট ডাইৰেক্টৰৰ দায়িত্বৰ পৰা মুকলি কৰা হৈছে ৷

ইফালে বৰ্তমানৰ লখিমপুৰৰ জিলা আয়ুক্ত সুমিত সাত্তাৱানক (IAS) কামৰূপ মহানগৰৰ জিলা আয়ুক্ত হিচাবে বদলি কৰা হৈছে ৷ আনহাতে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ যুটীয়া সচিব গায়ত্ৰী দেৱীদাসক (IAS) লখিমপুৰৰ জিলা আয়ুক্ত হিচাবে বদলি কৰা হৈছে ৷

লগতে পঢ়ক : তিনিমাহলৈ কাৰ্যকাল বাঢ়িল মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.