ETV Bharat / state

ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ সন্দৰ্ভত আছুৰ সংবাদমেল

author img

By

Published : Apr 24, 2021, 7:07 PM IST

ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ সন্দৰ্ভত আছুৰ সংবাদমেল
ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ সন্দৰ্ভত আছুৰ সংবাদমেল

মহানগৰীৰ শ্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ সংবাদমেল ৷ বিশ্ববিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন আছু সভাপতি দিপাংক কুমাৰ নাথৰ ৷

গুৱাহাটী,24 এপ্ৰিলঃ শনিবাৰে মহানগৰীৰ শ্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ সংবাদমেল সম্বোধন ৷ বিশ্ববিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে আছু সভাপতি দিপাংক কুমাৰ নাথে ৷ সংবাদমেলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ প্ৰতি আহ্বান আছুৰ পৰীক্ষা online নে offline হ’ব সেয়া নিশ্চিত কৰিব লাগে ৷ এই ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তাৎক্ষণিক ভাৱে সিদ্ধান্ত গ্ৰহণ কৰাৰ দাবী তুলে সংগঠনটোৱে ৷

ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ সন্দৰ্ভত আছুৰ সংবাদমেল

আনহাতে UG আৰু PG পৰীক্ষা সন্দৰ্ভতো আছুৰ সভাপতি দিপাংক কুমাৰ নাথে মন্তব্য প্ৰকাশ কৰি কয় যে, UG, PG সকলো পৰীক্ষা কি পদ্ধতিৰে হ’ব সেয়া নিশ্চিত কৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৷ সমান্তৰাল ভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰত তাৎক্ষণিক ভাৱে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ শনিবাৰৰ সংবাদমেল খনৰ যোগে ছেবা আৰু অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদক আহ্বান জনালে আছু সভাপতি গৰাকীয়ে ৷ এই ক্ষেত্ৰত যাতে ছাত্ৰ-ছাত্ৰীসকলে দোমোজাত থাকিব নালাগে তাৰ বাবেও শীঘ্ৰে ব্যৱস্থা কৰিব লাগে বুলি সভাপতি গৰাকীয়ে দাবী কৰে ৷

লগতে পঢ়কঃ ক'ভিড আক্ৰান্ত হোমেন বৰগোহাঞিঃ জিএমচিএইচত ভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.