ETV Bharat / state

AAP protest: গুৱাহাটীবাসীৰ পানীৰ সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

author img

By

Published : Jun 5, 2023, 7:31 PM IST

গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা পানীৰ সমস্যাৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহে আপ অসমৰ নেতা-কৰ্মীসকল ৷ জনতা ভৱনৰ দিশে প্ৰতিবাদ কৰি আগুৱাই যোৱা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰি চচললৈ স্থানান্তৰ কৰে ৷ মন্ত্ৰী অশোক সিংহল আৰু মেয়ৰ মৃগেন শৰণীয়াৰ পদত্যাগ দাবী আপ অসমৰ (AAP protest in Guwahati) ৷

AAP protest in Guwahati
Drinking water crisis in Guwahati

গুৱাহাটীবাসীৰ পানীৰ সমস্যা সমাধানৰ দাবীত আম আদমী পাৰ্টিৰ প্ৰতিবাদ

গুৱাহাটী, ৫ জুন: গুৱাহাটীবাসীৰ পানীৰ সমস্যা সমাধানৰ দাবীত আম আদমী পাৰ্টি, অসমৰ কাৰ্যকর্তা সকলে সোমবাৰে দিছপুৰত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে- কার্ড লৈ গুৱাহাটীবাসীক পানী দিয়ক, মেয়ৰ মৃগেন শৰণীয়াই গুৱাহাটীবাসীক ক্ষমা খোজক, মন্ত্ৰী অশোক সিংহলে পদত্যাগ কৰক, বিজেপি চৰকাৰ মূৰ্দাবাদ, জিএম চি হুছিয়াৰ, মুখ্যমন্ত্ৰী হায় হায় আদি শ্লোগান দি জনতাভৱনৰ দিশে যাত্ৰা কৰে ৷ কিন্তু আধা বাটতে আৰক্ষীয়ে বাধা প্ৰদান কৰে প্ৰতিবাদকাৰীসকলক (AAP protest in Guwahati) ।

আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক তাৰ পৰা গ্ৰেপ্তাৰ কৰি চচললৈ লৈ যায় আৰু তাতে আবদ্ধ কৰি ৰাখে৷ প্ৰতিবাদত অংশ গ্ৰহণ কৰা আপ, অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে, গুৱাহাটীৰ বাসিন্দা সকলে এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে । কিন্তু পানী যোগান দিব বুলি প্ৰতিশ্ৰুতি দিয়া ৭ বছৰীয়া বিজেপি চৰকাৰখনে গুৱাহাটী মহানগৰবাসীক প্ৰবঞ্চনা কৰিছে (Drinking water crisis in Guwahati) ।

তেওঁ লগতে কয় যে, গুৱাহাটীৰ কাষেৰে বিশাল ব্ৰহ্মপুত্ৰ বৈ যোৱাৰ পিচতো ইয়াৰ পানী সংশোধন কৰি গুৱাহাটীবাসীক পানী যোগান ধৰিব নোৱাৰাটো বিজেপি চৰকাৰৰ অন্যতম বিফলতা । মুখ্যমন্ত্ৰীয়ে অসমখনক উন্নত পাঁচ খন ৰাজ্যৰ ভিতৰতৰ এখন হিচাপে গঢ়ি তুলিব বুলি ঘোষণা কৰিছে । কিন্তু উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীতেই যদি খোৱা পানীৰ সমস্যা সমাধান কৰিব পৰা নাই তেন্তে তেওঁৰ সেই সপোন সপোন হৈয়ে ৰ’ব (AAP Assam protest against BJP Govt) ৷

লগতে পঢ়ক: Ripun criticizes Assam Govt: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক শোষণকাৰী আখ্যা ৰিপুণ বৰাৰ

আনহাতে গুৱাহাটী বাসীৰ মৌলিক প্ৰয়োজন এটুপি খোৱা পানী যোগান দিব নোৱাৰা পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জনসাধাৰণৰ মূৰত কেৱল কৰৰ বোজা জাপি দিয়েই দায়িত্ব পালন কৰিছে বুলি উল্লেখ কৰে ডেকাই । পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত পানী যোগানৰ প্ৰতিশ্ৰুতি দিয়া গুৱাহাটীৰ সাংসদ কুইন ওজা আৰু মেয়ৰ মৃগেন শৰণীয়াই গুৱাহাটীবাসীক ক্ষমা খুজিব লাগে বুলিও তেওঁ দাবী উত্থাপন কৰে (Protest against Guwahati drinking water crisis) ৷

খোৱা পানীৰ সমস্যাৰ কথা ক’লে সততে পানী যোগানৰ প্ৰতিশ্ৰুতি দিয়া গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহলক অকর্মন্য, অদক্ষ আখ্যা দি পদত্যাগ কৰা উচিত বুলি কয় জিতুল ডেকাই৷ গুৱাহাটীৰ উন্নয়নৰ দায়িত্ব এনেকুৱা এগৰাকী কথা চহকী মন্ত্ৰীক দিয়াটো গুৱাহাটীবাসীৰ বাবে দুর্ভাগ্যজনক বুলি কয় নেতাগৰাকীয়ে৷ গুৱাহাটীবাসীৰ পানীৰ সমস্যা সমাধান কৰিবলৈ আপ, অসমে চৰকাৰক দাবী জনোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ চলি থাকিব বুলিও মন্তব্য কৰে জিতুল ডেকাই (AAP protest news)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.