ETV Bharat / state

Ripun criticizes Assam Govt: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক শোষণকাৰী আখ্যা ৰিপুণ বৰাৰ

author img

By

Published : Jun 5, 2023, 5:33 PM IST

Ripun Bora slams Assam Govt
Ripun criticizes Assam Govt

সংবাদমেল পাতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ক্ষুৰধাৰ সমালোচনা তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰিপুন বৰাৰ ৷ চৰকাৰৰ সকলো সিদ্ধান্তই টোগলকী সিদ্ধান্ত আখ্যা নেতাগৰাকীৰ (Ripun Bora slams Assam Govt) ৷

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক শোষণকাৰী আখ্যা ৰিপুণ বৰাৰ

গুৱাহাটী, ৫ জুন: ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি মিত্ৰজোঁট চৰকাৰখন শোষণকাৰী চৰকাৰ ।‌ সাধাৰণ মানুহৰ তেজ শুহি খোৱা চৰকাৰ ।’’ এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ । সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই মন্তব্য কৰে (Ripun Bora slams Assam Govt) ৷

তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি মিত্ৰজোঁট চৰকাৰখন এখন ডকাইতৰ চৰকাৰ । এই চৰকাৰখনে মানুহক কৰৰ বোজা জাপি দিছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি ৰাইজৰ জীৱন দুৰ্বিষহ কৰি তুলিছে (Ripun Bora termed Assam govt as dacoit) ।

ৰিপুন বৰাই পুনৰ কয়, ‘‘ৰাজ্য চৰকাৰে যোৱা মে' মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ৩০ পইচাৰ ৭০ পইচালৈ বৃদ্ধি কৰিছে । মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কৈছে যে, বিদ্যুতৰ মাচুল নামমাত্ৰ বৃদ্ধি পাইছে । আমি ক'ব খোজো যে এয়া মুখ্যমন্ত্ৰীৰ বাবে সৰু কথা হ'ব পাৰে । কিন্তু এজন গৰীৱ আৰু নিম্ন মধ্যবিত্ত মানুহৰ বাবে বিদ্যুতৰ মাচুল বৃদ্ধি সৰু কথা নহয় ।’’ (Electricity tariff hike in Assam)

যি সময়ত চৰকাৰে সম্পত্তিৰ কৰ বৃদ্ধি কৰিছে, ঔষধৰ দাম বৃদ্ধি কৰিছে, ৰন্ধন গেছৰ দাম বৃদ্ধি কৰিছে । তেনে সময়ত বৰ্ধিত বিদ্যুৎ মাচুল আদায় দিয়াতো এজন দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ বাবে সহজ নহয় বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছ অসমৰ সভাপতিগৰাকীয়ে (Price Hike in Assam) । ‌

লগতে পঢ়ক: Culvert construction: ধোঁৱাচাঙত চৰকাৰী আঁচনি, গাঁঠিৰ ধন ভাঙি কালভাৰ্ট নিৰ্মাণ ৱাৰ্ড মেম্বাৰৰ

সংবাদমেলত ৰিপুন বৰাই আৰু কয় যে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে তেল কোম্পানীবোৰক ভেট ৰেহাই দিয়া বন্ধ কৰিছে । যাৰ বাবে এতিয়া প্ৰতিলিটাৰ পেট্টলৰ দাম ৫৮ পইচা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৫২ পইচা বৃদ্ধি পাইছে । চৰকাৰে এনেদৰে ৰাইজক শোষণ কৰা আৰম্ভ কৰিছে । চৰকাৰৰ এই শোষণ নীতিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছে ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ৰিপুন বৰাই হুংকাৰ দিয়ে (Ripun Bora on price hike)।

সংবাদমেলত ৰিপুন‌ বৰাই লগতে কয় যে, গুৱাহাটীত জল সংকটৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি মিত্ৰজোঁট চৰকাৰখন গুৱাহাটীৰ খোৱাপানীৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে । পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ১০ কোটি টকা মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি আজিলৈকে কাৰ্যকৰী নহ'ল ।

ৰিপুন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনক ব্যৰ্থতাৰ বাবে ধিক্কাৰ জনায় । সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ শৰ্মাও উপস্থিত আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.