ETV Bharat / state

National Pension Scheme : পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবী আম আদমি পাৰ্টীৰ

author img

By

Published : Nov 9, 2022, 6:45 PM IST

AAP
AAP

অসমৰ কৰ্মচাৰী সমাজৰ পেঞ্চন সম্পৰ্কীয় দাবী সন্দৰ্ভত আম আদমি পাৰ্টীৰ স্থিতি স্পষ্ট কৰিবলৈ মঙলবাৰে গুৱাহাটীত এখন সংবাদমেলৰ আয়োজন কৰা হয় (AAP press meet about NPS) । আম আদমি পার্টীয়ে কেন্দ্রীয়ভাৱে সমগ্ৰ দেশতেই পুৰণি পেঞ্চন আঁচনি পুনৰ বাহালৰ দাবী জনাইছে ।

গুৱাহাটী, ৯ নৱেম্বৰ : অসমৰ কৰ্মচাৰী সমাজৰ পেঞ্চন সম্পৰ্কীয় দাবী সন্দৰ্ভত আম আদমি পাৰ্টীৰ স্থিতি স্পষ্ট কৰিবলৈ মঙলবাৰে গুৱাহাটীত এখন সংবাদমেলৰ আয়োজন কৰা হয় (AAP press meet about NPS) । উল্লেখযোগ্য যে অসমৰ কৰ্মচাৰী সমাজ বিশেষকৈ 2005 চনৰ ফেব্ৰুৱাৰী মাহৰ পিচত নিযুক্তিপ্রাপ্ত কৰ্মচাৰীসকলে বিগত কিছুদিন ধৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত বিভিন্ন প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে (Old Pension Scheme) ।

সংবাদমেলত আপ, অসমৰ মুখপাত্ৰ ক্ৰমে অনুৰূপা ডেকাৰজা, দীপাংকৰ কলিতা আৰু হেপী গগৈয়ে কয় যে আম আদমি পার্টী, অসমে আৰম্ভণিৰে পৰা পুৰণি পেঞ্চন ব্যৱস্থা (OPS) পুনৰ বাহালৰ হকে নিজৰ স্পষ্ট মত পোষণ কৰি আহিছে (Aam Admi Party Assam) । বিগত মাৰ্চ মাহত পঞ্জাব প্ৰদেশত চৰকাৰ গঠনৰ পিচত ছমাহৰ ভিতৰত ভগৱন্ত মান নেতৃত্বাধীন আপ চৰকাৰে ৰাজ্যখনত পুৰণি পেঞ্চন ব্যবস্থা প্রবর্তন কৰিছে । আম আদমি পার্টীয়ে কেন্দ্রীয়ভাৱে সমগ্ৰ দেশতেই পুৰণি পেঞ্চন আঁচনি পুনৰ বাহালৰ দাবী জনাইছে (AAP demanded to reintroduce OPS)।

তেওঁলোকে কয় যে National Pension System (NPS) অবসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে এক অভিশাপ হৈ পৰিছে । এই ব্যবস্থাৰ অধীনত অৱসৰপ্ৰাপ্ত এগৰাকী কৰ্মচাৰীয়ে 600-700 টকা পেঞ্চন হিচাপে লাভ কৰিবলগীয়া হৈছে, যিটো চূড়ান্ত অপমানজনক । কিয়নো এগৰাকী কৰ্মচাৰীয়ে 60 বছৰ বয়স পৰ্যন্ত এখন চৰকাৰ বা ৰাজ্যৰ হকে নিষ্ঠা আৰু সততাৰে নিজৰ সেবা আগবঢ়ায় ।

চৰকাৰে দূৰণিবটীয়া স্থানলৈ বদলি কৰিলেও হাঁহিমুখে স্বীকাৰ কৰি সেৱা অব্যাহত ৰাখে । কৰ্মচাৰীসকলৰ মনত এটাই আশা বা বিশ্বাস যে বৃদ্ধ বয়সত অৱসৰৰ ধনকেইটাৰে সূচাৰুৰূপত জীৱনটো চলাই নিব পাৰিব । তেনেস্থলত NPS ব্যৱস্থাই কৰ্মচাৰীসকলৰ অৱসৰী জীৱন দুৰূহ কৰি পেলাব । তেওঁলোকে লগতে কয় যে পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত এগৰাকী কৰ্মচাৰীয়ে তেওঁৰ শেষৰ মাহৰ দৰমহাৰ আধা পেঞ্চন হিচাপে লাভ কৰে । তাৰ বিপৰীতে NPS ব্যৱস্থাত কোনো নিৰ্দিষ্ট পৰিমাণৰ ধন পেঞ্চন হিচাপে নাপায়, বৰঞ্চ শ্বেয়াৰ বজাৰৰ উত্থান-পতনৰ ওপৰত নিৰ্ভৰ কৰি সামান্য ধন লাভ কৰে ।

অথচ এই ব্যৱস্থাত প্রতিমাহে কৰ্মচাৰী এজনৰ দৰমহাৰ পৰা 10 শতাংশ ধন পেঞ্চনৰ নামত কৰ্তন কৰা হয় । সেয়েহে আপ, অসমে NPS ব্যৱস্থাৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰি দাবী জনায় যে অসম চৰকাৰে শীঘ্ৰে ৰাজ্যখনত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহাল কৰক । এই দিশত চৰকাৰখনে ৩ মাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰি কৰ্মচাৰীসকলৰ প্ৰতি নিজৰ সদিচ্ছা প্রকাশ কৰক বুলি আহ্বান জনায় ।

আৰু যদিহে চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে বুজিব লাগিব যে এই চৰকাৰ কৰ্মচাৰীবিৰোধী চৰকাৰ, কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ প্ৰতি এই চৰকাৰ মুঠেও চিন্তিত নহয় বুলি আপ অসম প্ৰদেশে উল্লেখ কৰে । লগতে আম আদমি পার্টীয়ে ঘোষণা কৰে যে যদি এই চৰকাৰে এই পদক্ষেপ গ্ৰহণ নকৰে তেন্তে 2026 চনত আপে অসমত চৰকাৰ গঠন কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহাল কৰিব ।

লগতে পঢ়ক :Homeopathic College Issue : যোৰহাটত হোমিঅপেথিক কলেজ বন্ধৰ প্ৰতিবাদ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.