ETV Bharat / state

Homeopathic College Issue : যোৰহাটত হোমিঅপেথিক কলেজ বন্ধৰ প্ৰতিবাদ কংগ্ৰেছৰ

author img

By

Published : Nov 9, 2022, 5:33 PM IST

Updated : Nov 9, 2022, 7:29 PM IST

বন্ধৰ দিশে যোৰহাট আৰু নগাঁৱৰ হোমিঅ'পেথিক মহাবিদ্যালয় । যোৰহাটস্থিত হোমিঅ'পেথিক কলেজৰ সন্মুখত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী (Congress protest at Jorhat Homeopathic College) । চৰকাৰৰ এই সিদ্বান্তক জাতিদ্ৰোহী আখ্যা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ।

Jorhat
Jorhat

যোৰহাট, ৯ নৱেম্বৰ : সদৃঢ় আন্তঃগাঁথনি আৰু স্বকীয় পৰিচয় থকা যোৰহাট জে কে শইকীয়া হোমিঅ'পেথিক কলেজ (Jorhat Homeopathic College) আৰু নগাঁৱৰ হোমিঅ'পেথিক কলেজ (Nagaon Homeopathic College) বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তই স্তম্ভিত কৰি তুলিছ সকলোকে । যোৰহাট আৰু নগাঁৱৰ দুয়োখন হোমিঅ'পেথিক কলেজ বন্ধ কৰি ৰাজ্য চৰকাৰে গুৱাহাটীৰ হোমিঅ'পেথিক কলেজৰ (Guwahati Homeopathic College) লগত একত্ৰিকৰণ কৰাৰ যো-জা চলাইছে ।

আনহাতে, যোৰহাটৰ লগতে নগাঁৱৰ হোমিঅ'পেথিক কলেজ দুখন বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন ৰাজনৈতিক আৰু অ-ৰাজনৈতিক দল-সংগঠন । যোৰহাট আৰু নগাঁৱৰ হোমিঅ'পেথিক কলেজ বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ দাবীত আজি যোৰহাটস্থিত হোমিঅ'পেথিক কলেজৰ সন্মুখত জিলা কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (Congress protest at Jorhat Homeopathic College) ।

Homeopathic College Issue : যোৰহাটত হোমিঅপেথিক কলেজ বন্ধৰ প্ৰতিবাদ কংগ্ৰেছৰ

উক্ত কাৰ্যসূচীত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা হোমিঅ'পেথিক কলেজ বন্ধৰ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় কংগ্ৰেছে । আনহাতে, চৰকাৰে উক্ত শিক্ষানুষ্ঠানবোৰ বন্ধ কৰাৰ পৰিৱৰ্তে নতুনকৈ জন্ম দিব লাগে আৰু ১৯৭৫ চনৰ ২ অক্টোবৰত প্ৰতিষ্ঠা লাভ কৰাৰ যোৰহাটস্থিত হোমিঅ'পেথিক কলেজৰ আন্তঃগাঁথনি আজিৰ তাৰিখত উন্নত বুলিও উল্লেখ কৰে ।

১০ বিঘাত ঔষধি উদ্যান, ৮ বিঘাত হোষ্টেল আৰু ৬ বিঘাৰ ভূমিত মহাবিদ্যালয় চৌহদ থকা যোৰহাট হোমিঅ'পেথিক কলেজ বন্ধ কৰাৰ চৰকাৰৰ সিদ্ধান্ত এক জাতিদ্ৰোহী পদক্ষেপ বুলি মন্তব্য আজি প্ৰতিবাদস্থলীত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ । চৰকাৰৰ এই অবিবেচক সিদ্ধান্তৰ বিৰুদ্ধে আজি কংগ্ৰেছৰ সহস্ৰাধিক নেতা-কৰ্মীৰ প্ৰতিবাদত কঁপি উঠে যোৰহাটস্থিত হোমিঅ'পেথিক মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ ।

উল্লেখ্য যে এই বৰ্ষৰ যোৰহাট জে কে শইকীয়া হোমিঅ'পেথিক কলেজৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় আয়ুস দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত কলেজখনৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে যিসমূহ আনুষংগিক সমস্যা আছে সেই সমস্যাসমূহ স্থায়ী সামাধানৰ আশ্বাস প্ৰদান কৰিছিল (Central Minister Sarbananda Sonowal) ।

লগতে সমস্যাসমূহৰ বিষয়ে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় আয়ুস মন্ত্ৰালয়ত প্ৰস্তাৱ দাখিল কৰিলেই উক্ত সমস্যাসমূহ স্থায়ী সমাধান কৰাৰ হ'ব বুলি মন্তব্য দাঙি ধৰিছিল । মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাট জে কে শইকীয়া হোমিঅ'পেথিক কলেজৰ লগতে নগাঁৱৰ হোমিঅ'পেথিক কলেজৰ সকলো সমস্যা সমাধানৰ আশ্বাস দিয়াৰ পিছতো কিয় ৰাজ্য চৰকাৰে এনেধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে সেয়া এক সাঁথৰ ।

ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে নগাঁও আৰু যোৰহাটত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ৰাজ্য চৰকাৰৰ এই হঠকাৰীৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীৰে আজি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে ।

লগতে পঢ়ক :Tejaswita Baruah death: তেজস্বীতা বৰুৱাৰ মৃত্যুৰ প্ৰতিবেদন প্ৰকাশ

Last Updated : Nov 9, 2022, 7:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.