ETV Bharat / state

AAP Assam Press Meet: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দলৰ নেতাই চাকৰিৰ বজাৰ চলোৱাৰ গুৰুতৰ অভিযোগ আপৰ

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 7:29 PM IST

আপ অসমৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাৰ সংবাদমেল সম্বোধন ৷ বিজেপি চৰকাৰৰ দিনত বাজপেয়ী ভৱনৰ পৰাই চাকৰিৰ বজাৰ চলিছে বুলি গুৰুতৰ অভিযোগ কৰিছে আপৰ উপ-সভাপতি জিতুল ডেকাই ৷

AAP Assam Press Conference in Guwahati
জিতুল ডেকাৰ সংবাদমেল

আপ অসমৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাৰ সংবাদমেল সম্বোধন

গুৱাহাটী, 23 আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত বাজপেয়ী ভৱনৰ পৰাই চাকৰিৰ বজাৰ চলিছে বুলি গুৰুতৰ অভিযোগ কৰিছে আপৰ উপ-সভাপতি জিতুল ডেকাই ৷ গুৱাহাটীত বুধবাৰে এখন সংবাদ মেলত দলটোৰ উপ-সভাপতি জিতুল ডেকাই এই অভিযোগ কৰি কয় যে তামোল এখন নোখোৱাকৈ চাকৰি দিয়া বুলি নিকা ভাৱমূৰ্তি দেখাবলৈ চেষ্টা কৰা মুখ্যমন্ত্ৰীৰ দলতেই এতিয়া ওলাইছে চাকৰিৰ দালাল ৷ ইন্দ্ৰাণী তহবিলদাৰ নামৰ বিজেপি নেত্ৰী এগৰাকীৰ আত্মহত্যাৰ ঘটনাৰ পৰাই চাকৰিৰ ক'লা বজাৰৰ কথা প্ৰকাশ পাইছে বুলি আপৰ নেতাগৰাকীয়ে অভিযোগ কৰে ৷

ডেকাই সংবাদমেলত কয় যে চান্দমাৰি আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰাৰ পিছতেই পোহৰলৈ আহিছে এজন এজন কৈ দালালৰ নাম ৷ অনুৰাগ চলিহা নামৰ বিজেপিৰ দালাল আৰু অসীম চক্ৰৱৰ্তী নামৰ আৰ এছ এছৰ এগৰাকী জ্যেষ্ঠ নেতাৰ আত্মীয় গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁলোকৰ ঘৰত উদ্ধাৰ হোৱা পৰীক্ষাৰ এডমিট, প্ৰাৰ্থীৰ নামৰ তালিকাই এখনো তামোল নোখোৱাকৈ চাকৰি পোৱা বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথাত এতিয়া সন্দেহ সৃষ্টি কৰিছে ৰাইজৰ মনত ৷

তেওঁ কয় যে এই দুগৰাকী দালালৰ ঘৰৰ পৰা পৰীক্ষাৰ এডমিট, প্ৰাৰ্থীৰ নামৰ তালিকা উদ্ধাৰ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে বিশেষ মন্তব্য ৷ এই সমগ্ৰ ঘটনা দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰীয়ে কৈছে যে টকা দিয়া সকলে চাকৰি পোৱা নাই ৷ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহওঁতেই মুখ্যমন্ত্ৰীয়ে এই কথা কেনেকৈ জানিলে বুলি প্ৰশ্ন কৰে তেওঁ ৷

আপৰ ৰাজ্যিক নেতাগৰাকীয়ে কয় যে, ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে আগতীয়াকৈ এই ঘটনাৰ ক্লিনচিট দিব বিচাৰিছে নেকি ৷ নে সত্য ওলাই যাব বুলি মুখ্যমন্ত্ৰীয়ে ভয় খাইছে ৷ চান্দমাৰি আৰক্ষীয়ে তদন্তৰ আওঁতালৈ এজনৰ পিছত এজনকৈ অভিযুক্তক আনি থকাৰ লগতে গ্ৰেপ্তাৰ কৰা দুগৰাকী দালালৰ ঘৰত এডমিত, প্ৰাৰ্থীৰ তালিকা, ধনৰ লেন-দেনৰ তথ্য লাভ কৰাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই বক্তব্যই সন্দেহৰ সৃষ্টি কৰিছে ৷

তাতোতকৈ ডাঙৰ কথা তদন্ত চলি থাকোতে তদন্তৰ তদাৰক কৰা আৰক্ষীৰ মধ্য খণ্ডৰ ডি চি পি গৰাকীক বদলি কৰা কাৰ্যই এই সন্দেহ আৰু অধিক কৰি তুলিছে বুলি কয় তেওঁ ৷

অনুৰাগ চলিহা আৰু অসীম চক্ৰৱৰ্তী নামৰ দালাল কেইজনে কাৰ সাহসত চাকৰিৰ নামত ধন সংগ্ৰহ কৰিছিল বুলি ডেকাই প্ৰশ্ন কৰে ৷ এই কেলেংকাৰীৰ তদন্ত মহামান্য উচ্চ ন্যা়য়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে ন্যায়িক তদন্ত কৰিবলৈ জিতুল ডেকাই দাবী জনায় ৷ দলৰ ভিতৰতে যিহেতু এতিয়া দালাল বৃদ্ধি পাইছে সেয়ে ভিজিলেঞ্চৰ শাখা এটা বাজপেয়ী ভৱনৰ ভিতৰত পাতি লৈ তদন্ত কৰিবলৈও দাবী জনায় আপৰ উপ-সভাপতি জিতুল ডেকাই ৷ এই সংবাদ মেলত আপ অসমৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু আপ অসমৰ মিডিয়া তত্বাৱধায়ক হেমন্ত ফুকনো উপস্থিত আছিল ৷

লগতে পঢ়ক : Palm Oil in Assam: পাম অইল কৃষি বন্ধ কৰাৰ দাবীত 26 আগষ্টত ৰাজ্যজোৰা আন্দোলন ঘোষণা কৃষক সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.