ETV Bharat / state

Electricity tariff hike: ৰাইজৰ ওপৰত অন্যায় অত্য়াচাৰ সকলো চলাইছে বিজেপি চৰকাৰে; আপৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 9:08 PM IST

Electricity tariff hike
AAP Assam criticizes Assam Govt

বৰ্ধিত বিদ্যুৎ মাচুল সন্দৰ্ভত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা আম আদমী পাৰ্টী অসমৰ ৷ চৰকাৰে ঋণৰ বোজা ৰাইজৰ ওপৰত জাপিছে বুলি মন্তব্য আপৰ নেত্ৰী অনুৰূপা ডেকাৰজাৰ ৷

বিদ্যুৎ মাচুল‌‌ বৃদ্ধিৰ‌ বিৰুদ্ধে আম আদমী পাৰ্টীৰ মন্তব্য

গুৱাহাটী, 3 অক্টোবৰ: বিদ্যুৎ মাচুল‌‌ বৃদ্ধিৰ‌ বিৰুদ্ধে সৰব হৈ পৰিছে আম আদমী পাৰ্টী ।‌ গুৱাহাটীত মঙলবাৰে অনুষ্ঠিত এখন‌ সংবাদমেলত আপৰ ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই বিদ্যুৎ মাচুল‌‌ বৃদ্ধিৰ‌ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰিছে । তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে মানুহৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পিছৰে পৰা বিদ্যুৎ মাচুল সঘনাই বৃদ্ধি কৰি আছে ।‌ যোৱা কেইমাহ ধৰি বিদ্যুৎ মাচুল তিনিগুণ পৰ্যন্ত বৃদ্ধি কৰিছে ।

নেত্ৰীগৰাকীয়ে অভিযোগ তুলি কয় যে সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ‌ ফলত সাধাৰণ মানুহৰ জীৱন দুৰ্বিসহ হৈ পৰিছে । এতিয়া আকৌ মাহে মাহে বিদ্যুৎ মাচুল‌ বৃদ্ধি কৰি আছে । এয়া বিজেপি চৰকাৰে অসমৰ‌ মানুহৰ‌ প্ৰতি অন্যায় কৰায়েই নহয় অত্যাচাৰো ‌কৰিছে ।‌ মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাই ঋণ লৈ চৰকাৰৰ চলাই আছে । লাখ লাখ টকা অদৰকাৰী বিভিন্ন কাৰ্যসূচীত খৰচ কৰি আছে । ইপিনে ঋণৰ বোজা ৰাইজৰ ওপৰত জাপি দি বিদ্যুৎ মাচুল‌ বৃদ্ধি কৰি আছে ।

উল্লেখ্য যে, APDCL এ যোৱা 30 ছেপ্টেম্বৰ তাৰিখে এক নিৰ্দেশনাযোগে প্ৰতি ইউনিট বিদ্যুতৰ মূল্য 1.29 পইটাকৈ বৃদ্ধি কৰিছিল ৷ কিন্তু এই বিষয়ত সৰ্বত্ৰে প্ৰতিবাদ হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে 300 ইউনিটৰ অপৰত বিদ্যুৎ খৰচ কৰিলেহে বৰ্ধিত হাৰত আদায় দিব লাগিব মাচুল ৷ তাৰ পাচতে 1 অক্টোবৰত পুনৰ এখন নিৰ্দেশনা প্ৰকাশ কৰে APDCL এ ৷

এই নিৰ্দেশনা অনুযায়ী 301 ৰ পৰা 500 ইউনিট পৰ্যন্ত বিদ্যুৎ মাচুল 20 পইচা বৃদ্ধি কৰা হৈছে ৷ 500 ইউনিটৰ ওপৰত 99 পইচা আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বা ঔদ্যোগিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত 59 পইচা বৃদ্ধি কৰা হৈছে ৷

ইফালে, যোৱা 20 ছেপ্টেম্বৰৰ পৰা বিজেপি চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা ‘মোৰ মাটি মোৰ দেশ' শীর্ষক অমৃত কলহ যাত্ৰা কাৰ্যসূচী সন্দৰ্ভতো গুৱাহাটীত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰে মুখপাত্ৰ অনুৰূপা ডেকাৰজাই । তেওঁ কয়, ‘‘অমৃত কলহ যাত্ৰাৰ‌ বাবে বিদ্যালয়ৰ ছয়মাহিলী পৰীক্ষা পৰ্যন্ত পিছুৱাই দিবলগীয়া হৈছে । কণকণ ছাত্ৰ-ছাত্ৰীসকল পাঠদানৰ‌ পৰা বঞ্চিত‌ হ'ব লগা হৈছে ।’’

লগতে পঢ়ক: Electricity tariff hike: মাচুল বৃদ্ধিৰ বিকল্প নাই; আকৌ নতুন জাননী জাৰি APDCL ৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.