ETV Bharat / state

Electricity tariff hike: মাচুল বৃদ্ধিৰ বিকল্প নাই; আকৌ নতুন জাননী জাৰি APDCL ৰ !

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 6:20 PM IST

APDCL issued a new notification
Electricity tariff hike

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব আৰু কথা মতে কাম নহ’ব তেনে জানো হ’ব পাৰে ৷ জুৰুলা অৱস্থাৰ পৰা সকাহ পাবলৈ জনতাৰ মূৰত ৰাম টাঙোন সোধাই APDCL এ প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত মাচুল বৃদ্ধি কৰিছিল ৷ কিন্তু তাৰ পাচতেই সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে ৩০০ ইউনিটলৈকে মাচুল বৃদ্ধি নহয় ৷ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিচতেই দেওবাৰে জাননীযোগে এই কথা প্ৰকাশ কৰিলে নিগমে ৷

গুৱাহাটী, ২ অক্টোবৰ: বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত APDCL য়ে জাৰি কৰিছে নতুন নিৰ্দেশনা ৷ বিদ্যুৎ মাচুল বৃদ্ধিৰ কোনো বিকল্প নাই, কিন্তু আছে কিছু সকাহৰ বাট ৷ নিগমৰ নিৰ্দেশনা অনুসৰি ৩০০ ইউনিটলৈকে অপৰিৱৰ্তিত থাকিব মাচুল ৷ ৩০০ ইউনিটৰ ওপৰত ব্যৱহাৰ কৰা গ্ৰাহক সকলে ভৰিব লাগিব অতিৰিক্ত বিদ্যুৎ মাচুল ৷

Electricity tariff hike
বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত APDCLৰ নতুন নিৰ্দেশনা

APDCLৰ নতুন নিৰ্দেশনা অনুসৰি ৩০১ৰ পৰা ৫০০ ইউনিটলৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে ০.২০ পইচা ৷ একেদৰে ৫০১ ইউনিটৰ পৰা অধিক ইউনিটলৈ বিদ্যুৎ মাচুল বৃদ্ধি ০.৯৯ পইচা ৷ আনহাতে বাণিজ্যিক আৰু ঔদ্যোগিক খণ্ডত বিদ্যুৎ মাচুল বৃদ্ধি ০.৫৯ পইচা

প্ৰিপেইড মিটাৰৰ ক্ষেত্ৰটো মাচুলৰ নতুন নিৰিখ ধাৰ্য APDCLৰ ৷ ১ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ প্ৰতিদিনে প্ৰিপেইড মিটাৰৰ গ্ৰাহকে ভৰিব লাগিব অতিৰিক্ত মাচুল ৷ প্ৰতিদিনে ৯২ পইচাকৈ অতিৰিক্তভাৱে বহন কৰিব লাগিব প্ৰিপ্ৰেইড মিটাৰৰ গ্ৰাহকে৷ কালিৰ পৰা অৰ্থাৎ ১ অক্টোবৰৰ পৰা প্ৰযোজ্য হ'ব এই মাচুল বৃদ্ধি ৷

উল্লেখযোগ্য যে, বিস্তৰ লোকচানৰ অজুহাতত শেহতীয়াভাৱে APDCL এ প্ৰতি ইউনিটত ৩০ পইচাৰ পৰা ১.২৯ টকা পৰ্যন্ত মাচুল বৃদ্ধি কৰিছে । আনকি বিদ্যুৎ নিয়ামক আয়োগৰ অগোচৰেই এই মাচুল বৃদ্ধি কৰা হৈছে ৷ ১ অক্টোবৰৰ পৰা প্ৰযোজ্য হৈছে এই নতুন নিৰিখ । এ পি ডি চি এলে ৯৯ দিনৰ বাবে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিব লোকচানৰ অতিৰিক্ত ধন । সেই অনুসৰি মাহে ৩০০ ইউনিট ব্যৱহাৰ কৰিলে অতিৰিক্তভাৱে ৯০ টকা মাচুল দিব লাগিব ।

মাত্ৰ কেইদিনমান পূৰ্বে তীব্ৰ গৰমৰ মাজতে বিদ্যুতৰ নাটনি আৰু সঘন লোডশ্বেডিং সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদ্যুৎ মাচুল বৃদ্ধিৰ ইংগিত বহন কৰি কৈছিল যে হয় বিদ্যুতৰ বাবে বৰ্ধিত মাচুল ভৰিব লাগিব, নহয় কিছুদিন জনসাধাৰণে বিদ্যুতৰ নাটনিৰে সহাৱস্থান কৰিব লাগিব । অৱশেষত মুখ্যমন্ত্ৰী গৰাকীয়ে ইংগিত দিয়াৰ দৰেই APDCL এ পুনৰ বৃদ্ধি কৰিলে বিদ্যুৎ মাচুল ।

আনহাতে নতুনকৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । তেতিয়াই ক্ষোভ প্ৰশমণৰ উদ্দেশ্যেৰে দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ৩০০ ইউনিটলৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰা হোৱা নাই

ৰাইজৰ ওপৰত কোনোধৰণৰ বৰ্ধিত মাচুল আৰোপ কৰা হোৱা নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই । মুঠতে সৰ্বসাধাৰণ গ্ৰাহকৰ ক্ষতি হোৱাকৈ এপইচাও বিদ্যুৎ মাচুল বৃদ্ধি কৰা হোৱা নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে । তাৰ পিছতেই দেওবাৰে বন্ধৰ দিনতো জৰুৰীভাৱে জাৰি হয় APDCL ৰ এই নতুন জাননী ৷

লগতে পঢ়ক: Hike in Electricity Charge : লোকচানৰ দোহাই দি এপিডিচিএলে পুনৰ বৃদ্ধি কৰিলে বিদ্যুৎ মাচুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.