ETV Bharat / state

Assam Budget 2023 : 2023-24 বৰ্ষৰ পূৰ্ণাংগ বাজেটক সমালোচনা আপ আৰু চিটুৰ

author img

By

Published : Mar 16, 2023, 9:35 PM IST

Assam Budget 2023
অজন্তা নেওগে দাখিল কৰে 2023-24 বৰ্ষৰ পূৰ্ণাংগ বাজেট

বৃহস্পতিবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে 2023-24 বৰ্ষৰ পূৰ্ণাংগ বাজেট (Assam Budget 2023)৷ এই বাজেটখনক লৈ এতিয়া ৰাজ্যৰ বিভিন্ন দল সংগঠনে কটু সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ এইবাৰ 2023-24 বৰ্ষৰ পূৰ্ণাংগ বাজেটখনক লৈ চৰকাৰক সমালোচনা কৰিছে আম আদমী পাৰ্টী আৰু CITU য়ে ৷

গুৱাহাটী, 16 মাৰ্চ : বৃহস্পতিবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে 2023-24 বৰ্ষৰ অসম বিত্তীয় বাজেট (Assam Budget 2023) ৷ বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰাৰ পাচতে এতিয়া বিভিন্ন দল সংগঠনে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে ৷ অসম তৃণমূল কংগ্ৰেছ, অসম প্ৰদেশ কংগ্ৰেছৰ লগতে আম আদমী পাৰ্টী আৰু CITU য়েও ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া (Assam CM budget reaction) ৷

আম আদমী পাৰ্টী চমুকৈ আপে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটখন অসমৰ ইতিহাসৰ সৰ্বাধিক প্ৰৱঞ্চনাকাৰী বাজেট বুলি অভিহিত কৰে । আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভৱেন চৌধুৰীয়ে এক বিবৃতিৰ জৰিয়তে কয় যে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা 2023-24 বিত্তীয় বৰ্ষৰ বাজেটখন যোৱা বছৰৰ দৰেই ঘোষণা প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ আছে ।

অসমৰ 42 লাখ নিৱনুৱা যুৱক-যুৱতীৰ বিপৰীতে মাত্ৰ 1 লাখক চৰকাৰী চাকৰিত নিয়োগ কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি এপাচি শাকত এটা জালুকতকৈও নগণ্য । স্বাস্থ্য, শিক্ষা বিভাগকে ধৰি যিবোৰ বিভাগত ঠিকাভিত্তিত যুৱক-যুৱতীয়ে বছৰ বছৰ ধৰি কাম কৰি আহিছে, সেইসকলৰ নিয়মীয়াকৰণ সম্পৰ্কত বাজেটত কোনো উল্লেখ নথকাটো চৰম বিশ্বাসঘাতকতা ।

দৰিদ্ৰ ৰাজ্যত শীৰ্ষত থকা অসমৰ পদ পথৰ ক্ষুদ্ৰ-মজলীয়া ব্যৱসায়ী, দিন হাজিৰা কৰা লোক আদিৰ সাহাৰ্যৰ বাবে বাজেটত ফুটাকড়ি এটাও নধৰিলে । যোৱা পাঁচটা বছৰত বিজেপি চৰকাৰে দাখিল কৰা বাজেটসমূহৰ প্ৰতিশ্ৰুতি যেনেকৈ ধোঁৱাচাঙত উঠিল এইবাৰৰ বাজেটখনো তাৰ ব্যতিক্ৰম নহ’ব বুলি উল্লেখ কৰে ডাঃ ভৱেন চৌধুৰীয়ে ।

লগতে পঢ়ক : Assam Budget A to Z: সদনত মুঠ ৯৩৬ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

অসমৰ ইতিহাসৰ সৰ্বাধিক প্ৰৱঞ্চনাকাৰী, কোনো সপোন নথকা দুভাৰ্গজনক বাজেট বুলি আখ্যা দিয়ে আপৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে ৷ তেওঁ কয় যে পূৰ্বৰ বাজেটৰ প্ৰতিশ্ৰুতিসমূহ পূৰ্ণ কাৰ্যকৰী কৰিব নোৱাৰা বিজেপি চৰকাৰে এইবাৰৰ বাজেটত পেট্ৰ’ল-ডিজেল-ৰন্ধন গেছ, বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱন দায়িনী ঔষধৰ যি আকাশলংঘী মূল্য হৈছে ইয়াক নিয়ন্ত্ৰণৰ বাবে বাজেটত এটাও শব্দ উল্লেখ নকৰিলে ।

ইপিনে অসম চৰকাৰৰ বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটখনে বিজেপি চৰকাৰৰ পূৰ্বৰ পৰম্পৰাকে ৰক্ষা কৰি কেৱল হিতাধিকাৰী সৃষ্টি কৰাতেই অধিক গুৰুত্ব প্ৰদান কৰিলে বুলি চিটুৰ ৰাজ্যিক সম্পাদক তপন শৰ্মাই অভিযোগ কৰে । অসমৰ লক্ষ লক্ষ কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীক সকাহ দিব পৰা তেনে কোনো প্ৰস্তাৱ বাজেটত পৰিলক্ষিত হোৱা নাই বুলি তেওঁ কয় ।

শৰ্মাই কয় যে অসমৰ খেতিপথাৰ, খেতিয়ক তথা কৃষিকার্যত নিয়োজিত শ্ৰমিকসকলৰ কল্যাণৰ বাবেও কোনো প্ৰস্তাৱ এই বাজেটত উল্লেখ নহ’ল । আনকি অসমৰ প্ৰাকৃতিক সম্পদ তথা কৃষিখণ্ডৰ উৎপাদিত সামগ্ৰী সংৰক্ষণ আৰু বিকাশৰ কোনো প্ৰস্তাৱ নাই ।

অসম চৰকাৰৰ দ্বাৰা পৰিচালিত কেন্দ্ৰীয় চৰকাৰী তিনিখন মৌলিক আঁচনিত কৰ্মৰত 2 লাখ 71 হাজাৰ আঁচনিভুক্ত কৰ্মচাৰীক সকাহ দিব পৰা ন্যূনতম দায়িত্বও এই বাজেটে পালন নকৰিলে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : Assam Budget 2023: মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ বিভাগৰ বাবে কি কি আঁচনি আছে বাজেটত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.