ETV Bharat / state

যাযাবৰী শিল্পী সুধাকন্ঠ ড৹ ভূপেন হাজৰিকালৈ একাজলি শ্ৰদ্ধাঞ্জলি

author img

By

Published : Sep 8, 2022, 5:51 PM IST

অজি অসমৰ গৌৰৱ ড৹ ভূপেন হাজৰিকাৰ 96 সংখ্যক জন্মদিন (96th Birth anniversary of legendary singer Bhupen Hazarika)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন ধৰণে উদযাপন কৰা হৈছে কিংবদন্তি গায়কগৰাকীৰ জন্ম জয়ন্তী ৷ ইটিভি ভাৰতেও আজিৰ এই বিশেষ দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছে অসম ৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাক ৷

96th Birth anniversary of legendary singer Bhupen Hazarika
যাযাবৰী শিল্পী সুধাকন্ঠ ড৹ ভূপেন হাজৰিকালৈ একাজলি শ্ৰদ্ধাঞ্জলি

নিউড ডেস্ক, 8 ছেপ্টেম্বৰ : আজি অসম ৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ 96 সংখ্যক জন্মদিন (96th Birth anniversary of legendary singer Bhupen Hazarika) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, বিশ্ব বৰেণ্য, সুধাকণ্ঠ, ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ ওপজা দিন উদযাপন কৰা হৈছে ৷

কি তেজপুৰ, কি বৰপেটা... উজনিৰ পৰা নামনিলৈকে অসমীয়াৰ হিয়াৰ আমঠুগৰাকীক তেখেতৰে গীত-কথাৰে ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন হয় (Bhupen Hazarika birthday celebrated across Assam) ৷ ৰাজ্যৰ লগতে এইবাৰে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান গুগলেও উদযাপন কৰিছে সুধাকণ্ঠৰ আজিৰ এই বিশেষ দিনটো ৷ গুগলে এক বিশেষ ডুডলৰ জৰিয়তে কিংবদন্তি গায়কগৰাকীৰ জন্ম জয়ন্তী পালন কৰিছে ৷

যাযাবৰী শিল্পী সুধাকন্ঠ ড৹ ভূপেন হাজৰিকালৈ একাজলি শ্ৰদ্ধাঞ্জলি

এই ডুডলটো অংকন কৰিছে মুম্বাইৰ শিল্পী ৰুতুজা মালিয়ে (Doodle illustrated by Rutuja Mali) ৷

লগতে পঢ়ক :

1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত জন্মহগ্ৰহণ কৰা যাযাবৰী শিল্পীগৰাকী আছিল অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক ৷ সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল । ড৹ হাজৰিকাক এগৰাকী মানৱতাবাদী শিল্পী বুলিও গণ্য কৰা হয় ৷

সুধাকন্ঠৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও ভাৰতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছিল ৷ আনকি তেওঁক 1977 চনত পদ্মশ্ৰী আৰু 2001 চনত পদ্মভূষণ, 2009 চনত অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্নৰে সন্মানিত কৰা হৈছিল ৷

1992 চনত তেওঁ ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত হৈছিল ৷ 2012 চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আৰু 2019 চনত তেওঁক মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হয় । ইয়াৰ উপৰিও তেওঁ আছিল সংগীত নাটক অকাডেমীৰ চেয়াৰমেন পদ লাভ কৰোতা প্ৰথমগৰাকী অসমীয়া ব্যক্তি ।

চাওঁতে চাওঁতে আজি পাৰ হ’ল ভূপেন দা বিহীন বহু সময়, কেবাবছৰো ৷ আজি অসম ৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ 96 সংখ্যক জন্মদিনটোত সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে ৷ যাযাবৰী শিল্পীগৰাকী এই বিশেষদিনটোত ইটিভাৰত তৰফৰ পৰাও জনালো অলেখ শুভেচ্ছা আৰু শুভকামনা ৷

লগতে পঢ়ক : আজি সুধাকণ্ঠৰ 96 সংখ্যক জন্মজয়ন্তী: কেনে আছে ভূপেন দাৰ আপোন ঘৰখন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.