তেজপুৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন

author img

By

Published : Sep 8, 2022, 2:11 PM IST

Bhupen Hazarika birth anniversary celebrated in Tezpur
Bhupen Hazarika birth anniversary celebrated in Tezpur ()

সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত গীত-কথাৰে ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে তেজপুৰবাসী ৰাইজে (Bhupen Hazarika birth anniversary celebrated in Tezpur)৷

তেজপুৰ, 8 ছেপ্টেম্বৰ: আজি অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, বিশ্ব বৰেণ্য, সুধাকণ্ঠ, ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ 96 সংখ্যক ওপজা দিন (Bhupen Hazarika birth anniversary)৷ সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত গীত-কথাৰে ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে তেজপুৰবাসী ৰাইজে (Bhupen Hazarika birth anniversary celebrated in Tezpur)৷

শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাৰত ৰত্ন গৰাকীৰ পূৰ্ণাবয়ব প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । ইয়াৰ পিছতেই অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত উপায়ুক্তগৰাকীয়ে এই কলাভূমিত শিল্পী গৰাকীৰ জন্মজয়ন্তীৰ উপলক্ষে প্ৰত্যেক সন্ধিয়া দুঘণ্টা কম স্বৰত তেঁওৰ কালজয়ী গীত সমূহ বজাই থকাৰ ব্যৱস্থা কৰা হ'ব বুলি কয় ৷

আনহাতে বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া আৰু একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত বৰেণ্য শিল্পী গৰাকীৰ "শাৰদী ৰাণী তোমাৰ হেনো নাম" শীৰ্ষক গীত পৰিবেশন কৰি ভূপেন হাজৰিকা কলাভূমি প্ৰাংগন জীপাল কৰি তোলে বিশিষ্ট কন্ঠশিল্পী কামাল ৰচিদ আহমেদে । আনহাতে অনুষ্ঠানটিত বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ সান্নিধ্য লাভ কৰা বিশিষ্ট গীতিকাৰ সুৰকাৰ বংকিম শৰ্মাই সান্নিধ্যৰ কেতবোৰ স্মৃতি ৰোমন্থন কৰে৷ ভূপেন হাজৰিকাক সকলোৱে খঙাল ব্যক্তি বুলি জানে যদিও তেওঁ প্ৰকৃততে এগৰাকী কোমল অন্তৰৰ ব্যক্তি আছিল বুলি নষ্টালজিক হৈ পৰে সুৰকাৰগৰাকী ৷

আনহাতে তেজপুৰ সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়াই আজিৰ দিনটোত শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভূপেন হাজৰিকাৰ উত্তৰসূৰীৰ এতিয়া অভাৱ পৰিলক্ষিত হৈছে বুলি উদ্বেগ প্ৰকাশ কৰে ।

এই অনুষ্ঠানত উপস্থিত থাকে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, পংকজ নাগবংশী, তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়া,অসমীয়া ক্লাবৰ উপসভাপতি পংকজ বৰা, ণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাস, বিশিষ্ট কন্ঠশিল্পী কামাল ৰচিদ আহমেদ,জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, ড৹ গোপাল বৰদলৈকে ধৰি বিশিষ্ট ব্যক্তিসকল ৷

লগতে পঢ়ক: কিংবদন্তি গায়ক ভূপেন হাজৰিকাৰ জন্মজয়ন্তী উপলক্ষে গুগলৰ বিশেষ ডুডল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.