ETV Bharat / bharat

কিংবদন্তি গায়ক ভূপেন হাজৰিকাৰ জন্মজয়ন্তী উপলক্ষে গুগলৰ বিশেষ ডুডল

author img

By

Published : Sep 8, 2022, 10:16 AM IST

Google Celebrates Bhupen Hazarikas Birth Anniversary With special Doodle
Google Celebrates Bhupen Hazarikas Birth Anniversary With special Doodle

ৰাজ্যৰ লগতে এইবাৰে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান গুগলেও উদযাপন কৰিছে সুধাকণ্ঠৰ বিশেষ দিন ৷ গুগলে এক বিশেষ ডুডলৰ জৰিয়তে কিংবদন্তি গায়কগৰাকীৰ জন্ম জয়ন্তী পালন কৰিছে (Birth anniversary of legendary singer Bhupen Hazarika)৷ এই ডুডলটো অংকন কৰিছে মুম্বাইৰ শিল্পী ৰুতুজা মালিয়ে (doodle illustrated by Rutuja Mali)৷

নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ: আজি কিংবদন্তি গায়ক, সুধাকণ্ঠ তথা জাতিৰ হিয়াৰ আমঠুস্বৰূপ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্ম দিৱস (Google celebrating 96th birth anniversary)৷ ৰাজ্যৰ লগতে এইবাৰে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান গুগলেও উদযাপন কৰিছে সুধাকণ্ঠৰ বিশেষ দিন ৷ গুগলে এক বিশেষ ডুডলৰ জৰিয়তে কিংবদন্তি গায়কগৰাকীৰ জন্ম জয়ন্তী পালন কৰিছে (Birth anniversary of legendary singer Bhupen Hazarika)৷ এই ডুডলটো অংকন কৰিছে মুম্বাইৰ শিল্পী ৰুতুজা মালিয়ে (doodle illustrated by Rutuja Mali)৷

ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত । তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা ।

অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা ৷ তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক । সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল । ড৹ হাজৰিকাক এগৰাকী মানৱতাবাদী শিল্পী বুলিও গণ্য কৰা হয় ৷

অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল । তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও ভাৰত তথা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছিল ৷

ড৹ হাজৰিকাই ১৯৭৭ চনত পদ্মশ্ৰী আৰু ২০০১ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয় ৷ তেওঁক ২০০৯ চনত অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্নৰে সন্মানিত কৰা হৈছিল ৷ ১৯৯২ চনত তেওঁ ভাৰতৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত হৈছিল ৷ ২০১৯ চনত তেওঁক মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু ২০১২ চনত মৰণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণৰে সন্মানিত কৰা হয় । ড॰ হাজৰিকা ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৫৯তম অধিৱেশনৰ সভাপতি আছিল । সংগীত নাটক অকাডেমীৰ চেয়াৰমেন পদ লাভ কৰোঁতা হাজৰিকা প্ৰথমগৰাকী অসমীয়া ব্যক্তি ।

বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি ড॰ হাজৰিকাই ৫ নৱেম্বৰ ২০১১ চন মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৫ আগষ্টত ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেৰালাস্থিত শিল্পী নিতিয়ে চিলা উৰুওৱা খেলক ছবিৰ আকাৰে শিল্পকৰ্মত চিত্ৰণ কৰি এনিমেশ্যনেৰে বিশেষ ডুডল প্ৰস্তুক কৰিছিল(Google marks Azadi with animated doodle) ৷

এতিয়া এই বিশেষ ডুডলটোৱে সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে ৷ গুগলৰ এই পদক্ষেপক শলাগ লৈছে ৰাজ্যবাসীয়ে ৷

লগতে পঢ়ক: 76 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গুগলৰ বিশেষ এনিমেটেড ডুডল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.