ETV Bharat / bharat

76 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গুগলৰ বিশেষ এনিমেটেড ডুডল

author img

By

Published : Aug 15, 2022, 8:30 PM IST

76 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গুগলৰ বিশেষ এনিমেটেড ডুডল (Google marks Azadi with animated doodle) ৷ এই ডুডলত এগৰাকী মহিলাই চিলা তৈয়াৰ কৰা আৰু যুৱক-যুৱতীসকলে ৰঙীন সাজ-পোছাক পৰিধান কৰি 75 সংখ্যক বৰ্ষপূৰ্তিৰ চিহ্ন থকা চিলা উৰুওৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ পৃষ্ঠভূমিত সূৰ্য আৰু সুউচ্চ অট্টালিকা দেখুওৱা হৈছে ৷

Google marks 75th anniversary of Azadi with animated doodle
76 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গুগলৰ বিশেষ এনিমেটেড ডুডল

নেশ্যনেল ডেস্ক, 15 আগষ্ট: আজি সমগ্ৰ দেশজুৰি উলহে-মালহেৰে উদযাপন কৰা হৈছে 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence Day)৷ এই গৌৰৱোজ্জ্বল 75 বছৰৰ স্বাধীনতা দিৱসৰ বৰ্ষপূৰ্তি উপলক্ষে গুগলে এক বিশেষ এনিমেটেড ডুডল প্ৰস্তুত কৰি উলিয়ায় (Google marks Azadi with animated doodle)৷

ভাৰতৰ জনপ্ৰিয় মনোৰঞ্জনমূলক খেল, চিলা উৰুওৱা খেলক ছবিৰ আকাৰে শিল্পকৰ্মত চিত্ৰিত কৰি সোমবাৰে এক ডুডলৰ জৰিয়তে দেশবাসীলৈ স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰে ৷ এই ডুডলত এগৰাকী মহিলাই চিলা তৈয়াৰ কৰা আৰু যুৱক-যুৱতীসকলে ৰঙীন সাজ-পোছাক পৰিধান কৰি 75 সংখ্যক বৰ্ষপূৰ্তিৰ চিহ্ন থকা চিলা উৰুওৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ পৃষ্ঠভূমিত সূৰ্য আৰু সুউচ্চ অট্টালিকা দেখুওৱা হৈছে ৷

কেৰালাস্থিত শিল্পী নীতিয়ে প্ৰস্তুত কৰে এই বিশেষ ডুডল চিত্ৰৰ (Illustration by Neethi)৷ গুগলে ইয়াত জিআইএফ আৰু এনিমেশ্যন যোগ দি এই ডুডল চিত্ৰক জীৱন্ত ৰূপ দিয়ে ৷ এই ডুডল চিত্ৰত ভাৰতৰ স্বাধীনতাৰ 75 সংখ্যক বৰ্ষপূৰ্তিৰ চিহ্ন থকা চিলাসমূহ মুক্ত আকাশাত উৰি থকা অৱস্থা দেখুওৱা হৈছে ৷

প্ৰায় দুশ বছৰৰ ব্ৰিটিছ শাসনৰ সমাপ্তি ঘটি ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতে আনুষ্ঠানিকভাৱে এখন গণতান্ত্ৰিক দেশলৈ পৰিণত হয় ৷ শিল্পী নীতিয়ে এই ডুডলটোৰ সন্দৰ্ভত কয় যে এই শিল্পকৰ্মটোত চিলাৰ চাৰিওফালে থকা ভাৰতৰ সকলো সম্প্ৰদায় একত্ৰিত হৈ উলহ-মালহেৰে আনন্দময় পৰিৱেশত চিলা উৰুৱাই মহান বীৰপুৰষসকলৰ ত্যাগ আৰু স্বাধীনতাৰ এই বিশেষ দিন উদযাপন কৰা দেখুওৱা হৈছে ৷

শিল্পী নীতিয়ে কয়, "মই আমাৰ ৰাষ্ট্ৰীয় ৰং, প্ৰেমৰ বাৰ্তা আৰু ভাৰতৰ স্বাধীনতাৰ 75 বছৰৰ স্মৃতি চিলাখনত অংকন কৰিবলৈ প্ৰয়াস কৰিছো ৷ ইয়াত আকাশচুম্বী অট্টালিকা, চৰাইৰ দৰে মুক্ত আকাশত উৰা আৰু বিশ্বাসৰ প্ৰতীক সূৰ্যটোক অংকন কৰিছো ৷ এয়া দেশখনে অৰ্জন কৰা স্বাধীনতাৰ এক ৰঙীন প্ৰতীক ৷"

আনহাতে গুগলে এক বিবৃতিত কয়, "মানুহে চিলা উৰুৱাই স্বাধীনতা উদযাপন কৰাটো এক দীৰ্ঘদিনীয়া প্ৰতীক ৷ ভাৰতীয় বিপ্লৱীসকলে ব্ৰিটিছ শাসনৰ প্ৰতিবাদ কৰি বিভিন্ন শ্ল'গানেৰে চিলা উৰুৱাইছিল ৷ তেতিয়াৰ পৰা মনোৰঞ্জনমূলক আৰু প্ৰতিযোগিতামূল বিভিন্ন কাৰ্যত চিলা উৰুৱাটো স্বাধীনতা দিৱসৰ আটাইতকৈ জনপ্ৰিয় পৰম্পৰাবোৰৰ ভিতৰত এটা" ৷

উল্লেখ্য যে আগষ্ট মাহৰ আৰম্ভনিতে, গুগলৰ এজন জ্যেষ্ঠ বিষয়াই আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে "ইণ্ডিয়া কি উড়ান" প্ৰকল্প মুকলি কৰিছিল ৷ এই উন্মোচনৰ সময়তে গুগলে এই বছৰ ১৫ আগষ্টত এটা অতি বিশেষ ডুডল উন্মোচন কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক: লালকিল্লাত নৱমবাৰলৈ ত্ৰিৰংগ পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.