ETV Bharat / state

ক'ভিডৰ দুবছৰত শিক্ষা লাভৰ পৰা বঞ্চিত ৰাজ্যৰ ৫৮ শত‍াংশ শিক্ষাৰ্থী

author img

By

Published : Jul 8, 2022, 1:53 PM IST

58-percent-students-from-states-deprived-of-education-in-two-years-of-covid
ক'ভিডৰ দুবছৰত শিক্ষা লাভৰ পৰা বঞ্চিত ৰাজ্যৰ ৫৮ শত‍াংশ শিক্ষাৰ্থী

চৰকাৰী খণ্ডত নামতেহে চলিল অনলাইন ক্লাছ । ৮৪ শতাংশ চৰকাৰী বিদ্যালয়ত নাই অনলাইন শিক্ষাৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি । মোবাইল ফোন, কম্পিউটাৰৰ অভাৱত ছাত্ৰ-ছাত্ৰীসকলে নাপালে অনলাইন শিক্ষাৰ সুবিধা। ৰাজ্যৰ বহু বিদ্যালয়ত আজিলৈ বিদ্যুৎ সংযোগৰ ব্যৱস্থাই নহ'ল । অসমৰ বহু পৰিয়ালে এতিয়াও দেখা নাই বিজুলী বাতিৰ পোহৰ । দূৰ হোৱা নাই নেটৱৰ্কৰ সমস্যা ।

গুৱাহাটী,8 জুলাই: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শোচনীয় ফলাফলৰ বাবে চৰকাৰে কেৱল শিক্ষক সমাজক দোষাৰোপ কৰি অহাৰ সময়তে পোহৰলৈ আহিছে চৰকাৰী শিক্ষা ব্যৱস্থাত বিৰাজ কৰা দুৰৱস্থাৰ কথা । আন্তঃগাঁথনি তথা সা-সুবিধাৰ দিশত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ পিচপৰি ৰোৱাৰ পৰিপ্ৰেক্ষিততে ইয়াত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে বহুক্ষেত্ৰত ফেৰ মাৰিবলৈ সক্ষম নহয় ব্যক্তিগত খণ্ডৰ শিক্ষাৰ্থীৰ সৈতে ।

এনে প্ৰেক্ষাপটত বিগত দুবছৰ ধৰি তথা ক’ভিডকালীন পৰিস্থিতিত অসমৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ বুজনসংখ্যক ছাত্ৰ-ছাত্ৰী বঞ্চিত হৈছিল শিক্ষা লাভৰ পৰা । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অধীনত চলা দি নেচনেল এচিভমেন্ট ছাৰ্ভে (এন এ এছ)ত প্ৰকাশ পোৱা তথ্য অনুসৰি, যোৱা ২০২০ আৰু ২০২১ বৰ্ষত অসমৰ চৰকাৰী শিক্ষানুষ্ঠানৰ ৫৮ শতাংশ শিক্ষার্থী শিক্ষা লাভৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈছিল (58 percent students from states deprived of education in two years of Covid )।

উল্লেখ যে, ২০২০ আৰু ২০২১ বৰ্ষত ক'ভিড পৰিস্থিতি তথা লকডাউনৰ বাবে বন্ধ হৈ পৰিছিল ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ । সেই সময়ত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে আৰম্ভ কৰে অনলাইন ক্লাছ । তাৰ পিচতে চৰকাৰী বিদ্যালয়সমূহতো অনলাইন ক্লাছ কৰিবলৈ নিৰ্দেশ দিয়া হয় চৰকাৰ তথা শিক্ষা বিভাগৰ পৰা। সেইমৰ্মে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও অনলাইন ক্লাছ আৰম্ভ কৰে ।

কিন্তু লক্ষণীয়ভাৱে ডিভাইচ তথা লেপটপ, কম্পিউটাৰ বা মোবাইলৰ অভাৱত চৰকাৰী বিদ্যালয়ৰ ৫৮ শতাংশ শিক্ষার্থী দুবছৰ ধৰি সম্পূৰ্ণৰূপে বঞ্চিত হয় অনলাইন শিক্ষা লাভৰ পৰা । অর্থাৎ দুবছৰ ধৰি উক্ত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পাঠ্যক্ৰমৰ বিষয়ে কোনো শিক্ষাই লাভ নকৰিলে সংশ্লিষ্ট বিদ্যালয়ৰ পৰা ।

কেৱল ইমানেই নহয় সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি, ক'ভিডৰ সময়ত অনলাইন ক্লাছ কৰিবলৈ অসমৰ ৮৪ শতাংশ বিদ্যালয়ত নাছিল কোনো উপকৰণ তথা সা-সঁজুলি । নাছিল অডিঅ' ভিজুৱেল ব্যৱস্থা । ইপিনে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যকেইখনতো চৰকাৰী খণ্ডৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী ক'ভিডৰ সময়ত অনলাইন ক্লাছৰ পৰা বঞ্চিত হৈছিল ।

অৰুণাচল প্ৰদেশৰ ৪৩ শতাংশ শিক্ষার্থী ডিভাইচৰ অভাৱত অনলাইন ক্লাছৰ পৰা বঞ্চিত হৈছিল । একেদৰে মিজোৰামৰ ৩৯ শতাংশ,নাগালেণ্ডৰ ৩৭ শতাংশ, ত্ৰিপুৰাৰ ৪৬ শতাংশ ছাত্ৰ-ছাত্ৰী অনলাইন শিক্ষাৰ পৰা বঞ্চিত হয় । উল্লেখ যে অলপতে ফলাফল ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ কেইবাখনো চৰকাৰী খণ্ডৰ বিদ্যালয়ে শোচনীয় ফলাফল প্ৰদৰ্শন কৰাক লৈ সৰ্বত্ৰে চর্চা হৈছিল ।

শূন্যৰ পৰা ১০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীর্ণ হোৱা শতাধিক বিদ্যালয়লৈ ইতিমধ্যে শিক্ষা বিভাগৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে । চৰকাৰী বিদ্যালয়সমূহৰ এনে শোচনীয় ফলাফলৰ বাবে মূলতঃ জগৰীয়া কৰিব বিচৰা হৈছে শিক্ষক-শিক্ষয়িত্ৰীসকলক। শিক্ষাগুৰুসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলিও হুংকাৰ দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা ।

কিন্তু লক্ষণীয়ভাৱে বিগত দুবছৰ ধৰি চৰকাৰী বিদ্যালয়ৰ বুজনসংখ্যক শিক্ষার্থী প্ৰযোজনীয় সা-সুবিধাৰ অভাৱত অনলাইন ক্লাছৰ পৰা বঞ্চিত হোৱাৰ পিচতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । ৰাজ্যৰ যিবোৰ অঞ্চলত ম'বাইল ফোনৰ নেটৱৰ্ক দুৰ্বল, তেনে ঠাইত টাৱাৰ বহুওৱাৰ কথা ঘোষণা কৰিছিল চৰকাৰে । কিন্তু সেয়াও ঘোষণাতে সীমাবদ্ধ হৈ থাকিল ।

আনহাতে ৰাজ্যৰ বহু বিদ্যালয়ত আজিলৈ বিদ্যুৎ সংযোগৰ ব্যৱস্থাই নহ'ল। একেদৰে অসমৰ বহু পৰিয়ালে এতিয়াও দেখা নাই বিজুলী বাতিৰ পোহৰ । ইয়াৰ পৰিণতিতে এইবাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে স্কুলীয়া পাঠদান অবিহনেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হৈছিল ।

লগতে পঢ়ক: শিক্ষা মন্ত্রণালয়ৰ প্ৰতিবেদনত উন্মোচন অসমৰ ডিজিটেল শিক্ষা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.