ETV Bharat / state

দেৰগাঁও পথ দুৰ্ঘটনা : সংকটমুক্ত নহয় GMCH ত ভৰ্তি 4 গৰাকী

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 10:43 AM IST

Dergaon Road accident: দেৰগাঁও পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা 4 গৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ইতিমধ্য়ে গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰা হৈছে ৷ চিকিৎসকে জনোৱা অনুসৰি, কণমানি প্ৰীতি শইকীয়াক প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব ।

4 admitted to GMCH not out of crisis
সংকটমুক্ত নহয় GMCH ত ভৰ্তি 4 গৰাকী

গুৱাহাটী, 4 জানুৱাৰী : বুধবাৰে গোলাঘাট জিলাৰ দেৰগাঁৱত সংঘটিত হোৱা ভয়াবহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 4 জনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰা হৈছে । বুধবাৰে নিশা GMCH ত আহত কুলুমণি শইকীয়া, প্ৰীতি শইকীয়া, মৃদুল শইকীয়াক ভৰ্তি কৰাৰ পিচতে বৃহস্পতিবাৰে অৰূপ শইকীয়াক গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে । অৱশ্যে এতিয়াও সংকটমুক্ত নহয় আটাইকেইগৰাকী আঘাতপ্ৰাপ্ত ।

বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰে বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা কৰি থকা হৈছে আহত কুলুমণি শইকীয়া, প্ৰীতি শইকীয়া, মৃদুল শইকীয়া আৰু অৰূপ শইকীয়াক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কুলুমণি শইকীয়া আৰু মৃদুল শইকীয়াক নিউৰ'ল'জী আৰু কাৰ্ডিঅ'ল'জী বিভাগত ভৰ্তি কৰোৱা হৈছে। আনহাতে 7 বছৰীয়া প্ৰীতি শইকীয়াক জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হৈছে । চিকিৎসকে জনোৱা অনুসৰি, কণমানি প্ৰীতি শইকীয়াক প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব । আঘাতপ্ৰাপ্ত কুলুমণি শইকীয়াৰ কন্যা হৈছে প্ৰীতি শইকীয়া । আনহাতে কুলুমণি শইকীয়াৰ স্বামী নৱজিৎ শইকীয়াৰ ইতিমধ্যে মৃত্যু হৈছে। সম্প্ৰতি 27 গৰাকী আহত লোক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে ৷

উল্লেখ্য যে বুধবাৰে পুৱতি নিশা গোলাঘাট বচাগাঁৱৰ পৰা এদল লোকে বনভোজ খাবলৈ তিনিচুকীয়া অভিমুখে AS 02 AC 5083 নম্বৰৰ বাছেৰে গৈ থাকোঁতে গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় ৷ বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ভাঙি চুৰমাৰ হৈ যায় যাত্ৰীবাহী বাছখন ৷ এই দুৰ্ঘটনাত 12 গৰাকী লোকে মৃত্যুক আকোঁৱালি লোৱাৰ লগতে 31 গৰাকী লোক আহত হয় ৷ তাৰ পিচতেই লগে লগে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 31 জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল ৷ এই দুৰ্ঘটনাৰ ঘটনাই সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে ৷

লগতে পঢ়ক: বনভোজ খাবলৈ যোৱা যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ 12জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.