ETV Bharat / state

Crime in Assam: ২০২৩ ৰ প্ৰথম দুটা মাহত ৩৩৭২ টা অপৰাধমূলক ঘটনা

author img

By

Published : May 6, 2023, 8:12 PM IST

3372 criminal cases in the first two months of 2023 in Assam
২০২৩ ৰ প্ৰথম দুটা মাহত ৩৩৭২ টা অপৰাধমূলক ঘটনা

অপৰাধ অপৰাধীৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী । পিছে ইমানৰ পাচতো ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনেই সংঘটিত হৈ আহিছে ভিন্ন অপৰাধমূলক ঘটনা । চলিত বৰ্ষৰ প্ৰথম দুটা মাহত ৰাজ্যত সংঘটিত হৈছে ৩৩৭২ টা অপৰাধমূলক ঘটনা । বিধান সভাত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য় (Criminal incidents rise in Assam) ।

গুৱাহাটী,৩ মে': ৰাজ্যত দৈনিক সংঘটিত হৈছে অপৰাধজনিত ঘটনা (Daily criminal incidents are taking place in Assam) । হত্যা, হিংসা, ধৰ্ষণ, চুৰি ডকাইতিৰ দৰে ঘটনা নিতৌ সংঘটিত হৈ আহিছে । বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । ইয়াৰ মাজতে বিধানসভাত প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য (Assam Legislative Assembly) । বিধানসভাত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজ্যত চলিত বৰ্ষৰ প্ৰথম দুটা মাহত ৩৩৭২ টা অপৰাধমূলক ঘটনা সংঘটিত হৈছে (3372 criminal cases in the first two months of 2023 in Assam) ।

ইয়াৰ ভিতৰত চুৰি ১৩৫৯ টা, নাৰীজনিত অপৰাধ ১০৬২ টা, নাৰীজনিত অপহৰণ ৪১৮ টা, আত্মহত্যা ২১১ টা, ধৰ্ষণ ১৫৫ টা, হত্যা ১৫৫ টা আৰু ডকাইতিৰ ১২ টা ঘটনা সংঘটিত হৈছে । বছৰতোৰ প্ৰথম দুমাহত সংঘটিত হোৱা ৩৩৭২ টা অপৰাধমূলক ঘটনাৰ ভিতৰত ৬৩৯ টাই গুৱাহাটী মহানগৰীত সংঘটিত হৈছে । ইয়াৰ ভিতৰত চুৰি ৪১০ টা, নাৰীজনিত অপৰাধ ৯৭ টা, আত্মহত্যা ৬৪ টা, নাৰীজনিত অপহৰণ ৩৪ টা, লুন্ঠন ১৪ টা, হত্যা ১০ টা, ধৰ্ষণ ৯ টা আৰু ১ টা ডকাইতি কাণ্ড সংঘটিত হৈছে (Criminal incidents rise in Assam) ।

উল্লেখযোগ্য যে ২০১৬ চনৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহলৈ ৰাজ্যত হত্যা ৮৩৫৪ টা, আত্মহত্যা ১৮৭৬৪ টা, নাৰীজনিত অপৰাধ ১৭০১৭৪ টা, নাৰীজনিত অপহৰণ ৩৯০৭৫ টা, চুৰি ১০৩২৯৬ টা, ডকাইতি ১১৫৮ টা, ধৰ্ষণ ১২৭২৬ টা সংঘটিত হৈছে । আনহাতে মহানগৰীত ২০১৬ চনৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈ হত্যা ৫১৯ টা, আত্মহত্যা ২৫২৭ টা, নাৰীজনিত অপৰাধ ৮৭০০ টা, নাৰীজনিত অপহৰণ ৩১৫১ টা, চুৰি ২৬৭৪২ টা, ডকাইতি ৫৩ টা, ধৰ্ষণ ৪৫২ টা আৰু লুন্ঠণৰ ঘটনা ৩৩৬৬ টা সংঘটিত হৈছে ।

অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম আৰক্ষী যথেষ্ট কঠোৰ হোৱা বুলি চৰ্চা চলিলেও বিদানসভাত প্ৰকাশিত এই তথ্যই বাৰুকৈয়ে চিন্তিত কৰি তুলিছে সচেতন মহলক । বিগত দিনসমূহত সংঘটিত এনে অপৰাধজনিত ঘটনাই অনাগত দিনত এক অনিশ্চিত ভৱিষ্য়তৰ যে সূচনা কৰিছে সেয়াও নুই কৰিব নোৱাৰি ।

লগতে পঢ়ক: Loksabha Election 2023 : আঞ্চলিক গণ মৰ্চাত শিৱসাগৰ প্ৰেছ ক্লাৱৰ সমানো মানুহ নাই; পৱিত্ৰ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.