ETV Bharat / state

জুনৰ ভিতৰত ১৬ হাজাৰ টেট শিক্ষকক নিযুক্তি দিয়া হ'ব: মুখ্যমন্ত্ৰী

author img

By

Published : Mar 22, 2022, 3:57 PM IST

জুনৰ ভিতৰত ১৬ হাজাৰ টেট শিক্ষকক নিযুক্তি দিয়া হ'ব : মুখ্যমন্ত্ৰী
জুনৰ ভিতৰত ১৬ হাজাৰ টেট শিক্ষকক নিযুক্তি দিয়া হ'ব : মুখ্যমন্ত্ৰী

চলিত বৰ্ষৰ জুন মাহৰ ভিতৰত ১৬ হাজাৰ টেট শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিব অসম চৰকাৰে (16000 TET qualified candidates to be appointed by June) ৷ বিধানসভাৰ বাজেট অধিৱেশনৰ ষষ্ঠদিনা এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

গুৱাহাটী,২২ মাৰ্চ : জুন মাহৰ ভিতৰত ১৬ হাজাৰ টেট শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰিব অসম চৰকাৰে(16000 TET qualified candidates to be appointed by June) । বিধানসভাৰ বাজেট অধিৱেশনৰ ষষ্ঠদিনা এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বিধানসভাত সদস্যৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীগৰাকীয়ে বহুকেইটি মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হ'ল(CM himanta Bishwa Sarma speech in Assembly session) ৷ তেওঁ কয় যে, "অসম চৰকাৰৰ ১ লাখ নিযুক্তিৰ অংশ স্বৰূপে জুন মাহৰ ভিতৰত ১৬ হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰা হ'ব । টেট উত্তীৰ্ণ হোৱা মানেই চাকৰি পোৱা নুবুজাই ।"

আনহাতে, নিযুক্তি লাভ কৰা ল’ৰা-ছোৱালীবোৰে গাঁৱলৈ যাব নিবিচৰাটো এক ডাঙৰ সমস্যা বুলি উল্লেখ কৰি তেওঁ কয় যে, উপায়ুক্তৰ অনুমতি অবিহনে জিলা এৰি কোনো চৰকাৰী চাকৰিয়ালে যাব নোৱাৰিব । দৰঙত চাকৰি কৰি সন্ধিয়া গুৱাহাটীলৈ আহিব নোৱাৰিব । যদি কোনোবাই ভিডিঅ’ বনাই দিয়ে তেন্তে চৰকাৰে এইক্ষেত্রত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

cm himanta bishwa sarma speech in assembly session
জুনৰ ভিতৰত ১৬ হাজাৰ টেট শিক্ষকক নিযুক্তি দিয়া হ'ব : মুখ্যমন্ত্ৰী

ইফালে সংখ্যালঘু প্রধান সমষ্টিত স্কুল-কলেজ বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, সংখ্যালঘু প্ৰধান সমষ্টিত কলেজ-স্কুল বৃদ্ধি কৰিব লাগিব । ছাত্ৰীৰ শিক্ষাত গুৰুত্ব দিব লাগিব । স্বাধীনতাৰ অমৃত মহোৎসৱ কালত আমি এই কামবোৰ কৰিব লাগিব বুলি তেওঁ জানিবলৈ দিয়ে । চৰ অঞ্চলৰ যোগাযোগ ব্যৱস্থা ভাল কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, মানুহখিনি ওলাই আহিলে মনবোৰ আধুনিক হ'ব ।

প্ৰতিটো সমষ্টিত মডেল স্কুল স্থাপন কৰিব বিচাৰিছো বুলি উল্লেখ কৰি তেওঁ বিধায়কসকলক উদ্দেশ্যি কয় যে, "আপোনালোকে তালিকা দিয়ক, ৰাইজে ভাল পাব। সকলো ফালৰ পৰা মডেল হ'ব এই মডেল স্কুল ।"

আনহাতে, লোক নিৰ্মাণ বিভাগৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয় যে, বিধায়কে ঠিকাদাৰ ঠিক কৰি দিয়াৰ সংস্কৃতি বন্ধ কৰিব লাগে । এই কথাবোৰে বিভাগসমূহক নিয়ন্ত্ৰণৰ বাহিৰলৈ নিছে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, তেওঁ বহু ৰাজ্য ঘূৰি থাকে আৰু গম পাওঁ যে বেলেগ ৰাজ্যত বিধায়ক ফাণ্ড বেছি পায় । কিন্তু কোনো কামত বিধায়ক সোমাব নোৱাৰে ।

ৰাস্তা, দলং, স্কুল আদি নিৰ্মাণ বিভাগে কৰে । অসমত সকলোতে বিধায়কে তালিকা বনাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আনকি কামৰ ঠিকাদাৰজনকো বিধায়কে ঠিক কৰি দিয়ে । বিধায়কে ঠিকাদাৰ ঠিক কৰি দিয়াৰ সংস্কৃতি বন্ধ কৰিব লাগে । জালুকবাৰীত এইবোৰ হ'ব দিয়া নাই বাবে জালুকবাৰীৰ উন্নতি হৈছে বুলি তেওঁ কয় । বিধায়কক কথাবোৰ ক'লে বেয়া পায় বুলি উল্লেখ কৰি তেওঁ কয় যে, কামত বেয়া হ'লে মন্ত্ৰীতো জে’লত যাব । গতিকে বেলেগ কামত যদি বিধায়কে হস্তক্ষেপ নকৰে তেন্তে বিধায়ক ফাণ্ড পাঁচ কোটি টকা হ'ব পাৰে । কিন্তু মই টকা নবঢ়াও বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মই ডিছক্ৰিছনাৰী ফাণ্ড কমোৱাৰ পক্ষত আছো ।

তেওঁ লগতে কয় যে আমি কি কাম কৰিম তাৰ বাবে আগষ্টতে সকলো ঠিক কৰিম আৰু সকলোৱে তালিকা দিব। সেইমতে একেদিনাই নিবিদা হ'ব আৰু একেদিনাই সকলো ঠিক কৰিম । সমষ্টি ভিত্তিত কাম কৰাৰ বিপৰীতে জিলা ভিত্তিত কাম কৰা হ'ব বুলি সদৰি কৰি মুখ্যমন্ত্রীয়ে কয় যে, জিলা ভিত্তিত উন্নতি কৰাত আমি আগবাঢ়িম। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এপ থাকিব আৰু এপৰ যোগেদি প্ৰতিখন গাঁৱৰ কোনে কোনে অৰুণোদয় আঁচনি পাইছে তাৰ সকলো তথ্য পোৱা যাব। ভোটাৰ তালিকাৰ ভিত্তিত এই তালিকা পোৱা যাব । পৰৱৰ্তীকালত কোনে কোনে পোৱা নাই তাক নিৰ্ণয় কৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব ৷

লগতে পঢ়ক : পেট্ৰ’ল-ডিজেলৰ লগতে মূল্যবৃদ্ধি হ’ল ৰন্ধন গেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.