ETV Bharat / state

Youth Dead body recovered: যুৱকৰ মৃতদেহ উদ্ধাৰ, মুখত আঘাতৰ চিন স্পষ্ট

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 7:33 PM IST

অসমীয়াত এষাৰ কথা আছে চৰণেহে জানে মৰণৰ ঠাই ৷ বন্ধুৰ লগত ওলাই গৈ প্ৰাণ হেৰুৱালে অনুৰাগে ৷ এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷

Youth Dead body recovered
যুৱকৰ মৃতদেহ উদ্ধাৰ, মুখত আঘাতৰ চিন স্পষ্ট

যুৱকৰ মৃতদেহ উদ্ধাৰ, মুখত আঘাতৰ চিন স্পষ্ট

যোৰহাট, ১২ ছেপ্টেম্বৰ: যোৰহাট জিলাৰ লিচুবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বাঘচোঙত মঙলবাৰে পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজন যোৰহাটৰ ক্লাব ৰোড নিবাসী অনুৰাগ বৰা বুলি চিনাক্ত গৰা হৈছে ।

ঘটনা সন্দৰ্ভত জানিব পৰামতে, যোৰহাট ক্লাব ৰোড নিবাসী অনুৰাগ বৰা(২৩) নামৰ যুৱকজনে সোমবাৰে নিশা প্ৰায় ৯ বজাত ঘৰৰ পৰা এ এছ ০৩ এক্স ৯১৭১ নম্বৰৰ গ্লেমাৰ বাইকখন লৈ ওলাই আহিছিল। কিন্তু নিশা ঘৰলৈ উভতি যোৱা নাছিল যুৱকজন ৷ তাৰ পিচতে মঙলবাৰে যুৱকজনৰ মৃতদেহ পুৱা প্ৰায় ৫ বজাত লিচুবাৰী অঞ্চলৰ স্থানীয় ৰাইজে পথৰ কাষত পৰি থকা প্ৰত্যক্ষ কৰে।

আনহাতে মৃতদেহৰ কাষত ৰাইজে অনুৰাগ বৰাৰ মটৰ চাইকেলখনো প্ৰত্যক্ষ কৰে ৷ লগে লগে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত লিচুবাৰী আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতাললৈ প্ৰেৰণ কৰে ৷

আনহাতে মৃতদেহটোৰ মুখমণ্ডলত আঘাতৰ চিন প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে ইয়াক এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে।

আনহাতে যুৱকজনৰ পৰিয়ালৰ পৰা জানিব পৰামতে, যুৱকজনে নিশা ঘৰৰ পৰা ওলাই অহাৰ পাচত নিশা প্ৰায় ১২ বজালৈকে পৰিয়ালৰ লোকৰ লগত ফোন জৰিয়তে সংস্পৰ্শত আছিল। যুৱকজনৰ লগত সেইসময়ত আন চাৰিজনমান যুৱক আছিল বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে। জানিব পৰা মতে মৃত অনুৰাগ বৰাৰ পিতৃ প্ৰশান্ত বৰা স্থানীয় এটা ৱেব পৰ্টেলৰ স্বত্বাধিকাৰী ৷

লগতে পঢ়ক: Extra marital affair : পৰকীয়া প্ৰেমৰ বাবেই প্ৰাণ হেৰুৱালে শুকুৰ আলীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.