ETV Bharat / state

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত টীয়কত আছুৰ প্ৰতিবাদ

author img

By

Published : Feb 19, 2021, 1:58 PM IST

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত টীয়কত আছুৰ প্ৰতিবাদ
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত টীয়কত আছুৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল আৰু ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে টীয়কত আঞ্চলিক ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ ৷ টীয়কৰ মাজমজিয়াত অসম ৰাজ্যিক বাছ আস্থানৰ সন্মুখতে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে টীয়ক ছাত্ৰ সন্থাই ।

টীয়ক, ১৯ ফেব্ৰুৱাৰী: অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল আৰু ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে যোৰহাট জিলাৰ টীয়কত আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

ইয়াৰ সমান্তৰালকৈ, টীয়ক আঞ্চলিক ছাত্ৰ সন্থায়ো টীয়কৰ মাজমজিয়াত অসম ৰাজ্যিক বাছ আস্থানৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে । মূলতঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে পেট্ৰ’ল আৰু ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰা এই প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰৰ মন্ত্ৰীসকলৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে ৷

সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, ফণীভূষণ চৌধুৰী মুৰ্দাবাদ, বিজেপি গ' বেক, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে বৃহস্পতিবাৰে টীয়কৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ চৰকাৰখনে প্ৰতিদিনেই ন ন আঁচনি ঘোষণা কৰি প্ৰকৃততে সাধাৰণ জনতাৰ মূৰত যি ৰামটাঙোন সোধাইছে তাক ৰাইজে অনুধাৱন কৰি অনাগত বিধানসভা নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক আৰু টি এম পি কে ই পূৰ্ণ সমৰ্থন আগবঢ়ায় ।

লগতে পঢ়ক:তিনিচুকীয়াৰ বাৰেকুৰিত বৃহৎ প্ৰতিবাদী বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.