ETV Bharat / state

মাজুলী-যোৰহাট সংযোগী দলং হ'ব জাঁজীমুখেদি !

author img

By

Published : Aug 4, 2020, 8:59 PM IST

story of teok prospected bridge
মাজুলী-যোৰহাট সংযোগী দলং হ'ব জাঁজীমুখেদি!

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ বাবে ২০১৬ ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত আধাৰশিলা স্থাপন কৰা হৈছিল ৷ কিন্তু দলঙৰ নামত শিল এটাও নপৰিল যোৱা চাৰিটা বছৰে । পুনৰ নিৰ্বাচন সমাগত । এইবাৰ কেন্দ্ৰৰ এটা বিশেষজ্ঞৰ দলে পূৰ্বে নিধাৰণ কৰা নিমাতি-কমলাবাৰীৰ পৰিৱৰ্তে মাজুলীৰ দক্ষিণপাট আৰু যোৰহাটৰ টীয়ক সমষ্টিৰ জাঁজীমুখ হাতীশাল সংযোগ ঘটাই ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত দলংখন নিৰ্মাণ কৰাৰ বাবে প্ৰাৰম্ভিক জৰীপ চলাইছে ।

যোৰহাট,4 আগষ্টঃ মাজুলী-যোৰহাট সংযোগী দলং হ'ব জাঁজীমুখেদি ৷ ইয়াকে লৈ উৎফুল্লিত অঞ্চলবাসী ৷ কিন্তু তাৰ মাজতে প্ৰশ্ন উদয় হৈছে এয়া চৰকাৰৰ নিৰ্বাচনী কৌশল নেকি ? কাৰণ ২০১৬ ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত সৰ্বসাধাৰণ ৰাইজক আভুৱা ভাৰি মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল ৷ কিন্তু দলঙৰ নামত শিল এটাও নপৰিল যোৱা প্ৰায় চাৰিটা বছৰে ।পুনৰ নিৰ্বাচন সমাগত, সেয়ে পুনৰ এই দলঙক লৈ শাসক, বিৰোধীৰ মাজত আৰম্ভ হৈছে বাক-বিতণ্ডাৰ ।

মাজুলী-যোৰহাট সংযোগী দলং হ'ব জাঁজীমুখেদি!

ইয়াৰ মাজতে কেন্দ্ৰৰ এটা বিশেষজ্ঞৰ দলে পূৰ্বে নিধাৰণ কৰা নিমাতি-কমলাবাৰীৰ পৰিবৰ্তে মাজুলীৰ দক্ষিণপাট আৰু যোৰহাটৰ টীয়ক সমষ্টিৰ জাঁজীমুখ হাতীশাল সংযোগ ঘটাই ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত দলংখন নিৰ্মাণ কৰাৰ বাবে প্ৰাৰম্ভিক জৰীপ চলাইছে । জাঁজীমুখক সংযোগ ঘটাই নিৰ্মাণ কৰিবলৈ লোৱা এই দলংখনক লৈ এতিয়া জাঁজীমুখবাসীৰ লগতে সমগ্ৰ টীয়ক বাসী উৎফুল্লিত হৈ পৰিছে । দলং খনৰ নিৰ্মাণে অতি পিছপৰা জাঁজীমুখ অঞ্চলটোৰ যাতায়ত ব্যৱস্থাৰ উন্নতি হোৱাৰ লগতে ইক' টুৰিজিমৰ প্ৰচুৰ সম্ভাৱনা থকা জাঁজীমুখৰ উন্নয়ন হ'ব বুলি মত প্ৰকাশ কৰিছে টীয়কবাসীয়ে । সেয়ে কেৱল আধাৰশিলাতে সীমাবদ্ধ নাৰাখি দলংখন সম্পূৰ্ণ কৰি ৰাইজৰ সুবিধা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।
লগতে পঢ়কঃপৰিৱেশ প্ৰভাৱ সম্পৰ্কীয় খচৰাই উত্তাল কৰিছে উত্তৰ-পূৰ্বাঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.