ETV Bharat / state

যোৰহাট কেন্দ্ৰীয় কাৰাগাৰক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব ৰাজ্য চৰকাৰে

author img

By

Published : Aug 19, 2021, 5:24 PM IST

যোৰহাট কেন্দ্ৰীয় কাৰগাৰতে এতিয়াও সংৰক্ষণ হৈ আছে স্বাধীনতাৰ মুক্তি সেনানী পিয়লি ফুকন, মনিৰাম দেৱানৰ স্মৃতি ৷ এই সমূহ স্মৃতি সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা ৷

state-government-to-convert-jorhat-central-jail-into-tourist-spot
যোৰহাট কেন্দ্ৰীয় কাৰাগাৰক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব ৰাজ্য চৰকাৰে

যোৰহাট,19 আগষ্ট: বৃহস্পতিবাৰে উজনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ জিলা যোৰহাটত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছতে মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হয় যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত ৷

মুখ্যমন্ত্ৰী গৰাকীক যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰ ভ্ৰমণ কৰোতে সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ কামখ্যা প্ৰসাদ তাছা, যোৰহাট সদৰ সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীকে প্ৰমুখ্য কৰি কেইবাজনো বিজেপি দলৰ নেতা কৰ্মীয়ে ৷

state-government-to-convert-jorhat-central-jail-into-tourist-spot
যোৰহাট কেন্দ্ৰীয় কাৰাগাৰক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব ৰাজ্য চৰকাৰে

উল্লেখযোগ্য যে, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ যি ঐতিহ্য বা বুৰঞ্জী আছে সেই সমূহ কেনেদৰে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কৰিবলৈ কাৰাগাৰখনলৈ আহিছিল বুলি জানিব পৰা গৈছে ৷

মনকৰিবলগীয়া যে, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰতে ভাৰতৰ স্বাধীনতাৰ হকে যুঁজ দিয়া কেইবাজনো স্বাধীনতাৰ মুক্তি সংগ্ৰামীক কাৰাৰুদ্ধ কৰি ৰখাৰ লগতে দিয়া হৈছিল ফাঁচিও ৷ স্বাধীনতা সংগ্ৰামী স্বহীদ পিয়লি ফুকন, মনিৰাম দেৱান কাৰাগাৰত থকাৰ সময়ৰে বহুতো সমল আজিও কাৰাগাৰখনতে সংৰক্ষণ হৈ আছে ৷

যোৰহাট কেন্দ্ৰীয় কাৰাগাৰক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব ৰাজ্য চৰকাৰে

লগতে পঢ়কঃ তৃতীয়বাৰলৈ বিয়াত বহিল তাৰামিঞা : কোন শতৰুৰ জ্বলিছে হিয়া ?

সেই সমল সমূহ ব্যৱহাৰ কৰি কাৰাগাৰখন যাতে পৰ্যটনৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব পাৰি, তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ একেদৰে শতবৰ্ষ গৰকা এই কেন্দ্ৰীয় কৰাগাৰখনৰ সংৰক্ষিত প্ৰায় 100 বিঘা ভূমি অহা 5 বছৰৰ ভিতৰত ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবলৈ ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰি আছে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জানিব দিয়ে ৷

আনহাতে আগন্তুক 15 দিনৰ পাচতহে আন্ত: জিলা যাতায়ত ব্যৱস্থা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়কঃ তালিবানে নহয়, অমৰুল্লাহ চালেহে চলাব আফগানিস্তান: পিছে কোন এই চালেহ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.