ETV Bharat / state

অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন জি পি সিঙৰ

author img

By

Published : May 28, 2021, 10:46 PM IST

Updated : May 29, 2021, 6:53 AM IST

gp-singh-visited-to-assam-nagaland-border
অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন জি পি সিঙৰ

বৃহস্পতিবাৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আঘাতপ্ৰাপ্ত হোৱাৰ পাচতে শুকুৰবাৰে মৰিয়নীৰ সীমান্ত অঞ্চলত উপস্থিত হয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ চৰকাৰৰ বিশেষ দলৰ লগত পাহাৰৰ ওপৰতে এক আলোচনাত মিলিত হয় বিশেষ আৰক্ষী সঞ্চালক গৰাকী ।

যোৰহাট, 28 মে’ : শুকুৰবাৰে মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত উপস্থিত হয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ উল্লেখ্য যে, ক’ভিডৰ আতংকৰ পূৰ্ণ সুযোগ লৈ অসমৰ ভূমি নগা দুৰ্বৃত্তই বেদখল কৰি নিজৰ আধিপত্য বিস্তাৰ কৰি ইতিমধ্যে বৃহৎ অংশৰ ভূমি দখল কৰিছিল ।

এই সমগ্ৰ ঘটনাৰ অৱগত হৈ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বৃহস্পতিবাৰে পৰিদৰ্শন কৰিছিল বেদখল কৰা ভূমি ৷ সেই সময়তে নগা দুৰ্বৃত্তই পাহাৰৰ ওপৰৰ পৰা গুলিবৰ্ষণ কৰিছিল । সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছিল বিধায়কগৰাকীৰ লগতে স্থানীয় সাংবাদিক আৰু ৰাইজ । ইয়াৰ পাচতে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক দ্বায়িত্ব অৰ্পণ কৰে । সেয়েহে বিশেষ আৰক্ষী সঞ্চালক গৰাকীয়ে উপস্থিত হয় মৰিয়নীৰ সীমান্ত অঞ্চলত ।

অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন জি পি সিঙৰ

নাগালেণ্ডৰ মুককছাং জিলাৰ উপায়ুক্ত, সীমান্ত দণ্ডাধীশৰ লগতে নাগালেণ্ডৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ লগতে অসম চৰকাৰৰ বিশেষ দলটোৰ সৈতে পাহাৰৰ ওপৰতে এক আলোচনাত মিলিত হয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে । যিহেতু অসম-নাগালেণ্ডৰ সীমান্তৰ সীমা সন্দৰ্ভত মহামান্য উচ্চতম ন্যায়ালয়ত এই বিচাৰ চলি আছে, তেনে ক্ষেত্ৰত নাগালেণ্ডৰ এইদৰে সীমান্ত অঞ্চলত বেদখল আৰু ভূমিত কৃষিৰ ফাৰ্ম কৰিব নোৱাৰে ।

জানিব পৰা মতে, ইতিমধ্যে আগন্তুক 48 ঘণ্টাৰ ভিতৰত দুয়োখন ৰাজ্যৰ শীৰ্ষ প্ৰশাসনিক নেতৃত্বই এক বিশেষ আলোচনা মিলিত হ’ব । আনহাতে সীমান্ত অঞ্চলত ইতিমধ্যে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে । যেতিয়ালৈকে মৰিয়নীৰ সীমা সমস্যাৰ সমাধান নহয়, তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব বিধায়ক কুৰ্মীয়ে ।

লগতে পঢ়ক : ধুবুৰীৰ অসম-বংগ সীমান্তত জব্দ 122 খন শিল ভৰ্তি ট্ৰাক

Last Updated :May 29, 2021, 6:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.