ETV Bharat / state

Japanese Encephalitis in Jorhat: যোৰহাটত এনকেফেলাইটিছৰ ত্ৰাস

author img

By

Published : Aug 4, 2023, 7:24 PM IST

Rise in number of Japanese Encephalitis cases in Jorhat
যোৰহাটত এনকেফেলাইটিছৰ ত্ৰাস

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জাপানীছ এনকেফেলাইটিছ ৰোগে । যোৰহাটত ৪৫ জন দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ । বৰ্তমানো যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন ৬ জন ৰোগী ।

যোৰহাটত এনকেফেলাইটিছৰ ত্ৰাস

যোৰহাট,৪ আগষ্ট: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীছ এনকেফেলাইটিছ আৰু ডেংগুৰ প্ৰাদুৰ্ভাৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে যোৰহাটতো বৃদ্ধি পাইছে জাপানীছ এনকেফেলাইটিছ আৰু ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা । এক তথ্য অনুসৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰীক্ষাগাৰত ৪৫ জন দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ আৰু বৰ্তমান ৬ জন চিকিৎসাধীন হৈ আছে চিকিৎসা মহাবিদ্যালয়খনত ।

সৰ্বাধিক হাৰত জাপানীজ এনকেফেলাইটিছ আৰু ইয়াৰ সদৃশ ৰোগত আক্ৰান্ত ৰোগী হল গোলাঘাটৰ । ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগ তথা জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু সদৃশ ৰোগে সংহাৰী ৰূপ ধাৰণ কৰাৰ তথ্য প্ৰকাশ কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা হাস্পতালৰ অধীক্ষক পূৰ্ণিমা বৰুৱাই ।

আজি তাৰিখত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ৬ জন লোক চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে । আনহাতে অধীক্ষক পূৰ্ণিমা বৰুৱাই কয় যে এই বৰ্ষত ২২৯ জন ৰোগী জাপানীজ আৰু ডেংগু সদৃশ ৰোগত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়খনলৈ আহিছিল আৰু ২২৯ জনৰ ভিতৰত ৪৫ জনৰ দেহত পোৱা গৈছিল জাপানীজ এনকেফেলাইটিছ ।

আনহাতে এই ৰোগত আৰু লগতে ডেংগু সদৃশ ৰোগত সৰ্বাধিক ৰোগী আছিল কাষৰীয়া জিলা গোলাঘাটৰ । ইয়াৰ উপৰিও কাৰ্বি আলং আৰু শিৱসাগৰ জিলাৰ পৰা ৰোগী বৰ্তমানো আহি আছে আৰু এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখতো পৰিবলগীয়া হৈছে ৰোগী ।

এই ৰোগ পৰা পৰা বাচি থাকিবলৈ স্বাস্থ্য বিভাগে দিয়া নিৰ্দেশাৱলী মানি চলাৰ লগতে শোৱাৰ সময়ত আঠুৱা তৰাৰ লগতে দিনৰ ভাগত দীঘল হাতৰ চোলা পৰিধান কৰিব লাগে আৰু বিভিন্ন স্থানত পানী জমা থকা ব্যৱস্থা দূৰ কৰিব লাগে বুলি জনাই অধীক্ষকগৰাকীয়ে । লগতে পৰাপক্ষত গাহৰি পোহা ঠাই স্থান দূৰণিত হোৱাৰ লগতে গাহৰিৰ স্পৰ্শ পৰা আতৰি আহিব লাগে আৰু এনেবোৰ সাৱধানতা পালন কৰিলে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি মত প্ৰকাশ যোৰহাট চিকিৎসা মহাবিদ্যালয় অধীক্ষক পূৰ্ণিমা বৰুৱাৰ ।

লগতে পঢ়ক: Illegal liquor joints : টীয়কত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ, দুজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.