ETV Bharat / state

হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Aug 26, 2022, 10:24 AM IST

হাতীৰ উপদ্ৰৱৰ বাবে চকুত টোপনি নাইকীয়া হৈছে তিতাবৰবাসীৰ (Elephant terror in Titabor)। ছন পৰি ৰৈছে হাজাৰ বিঘা ভূমি । বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আতংকিত হৈ পৰিছে ৰাইজ । অৱশেষত বন বিভাগৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে ।

protest
হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজৰ প্ৰতিবাদ

তিতাবৰ,২৬ আগষ্ট: ৰাজ্যত অব্যাহত আছে হস্তী মানুহৰ সংঘাত (Man Elephant conflict in Assam)। তিতাবৰ অঞ্চলত শেহতীয়াকৈ এই সংঘাতে ভয়ংকৰ ৰূপ লৈছে । তিতাবৰ সমষ্টিৰ দাঁতিকাষৰীয়া মৰিয়নি সমষ্টিৰ গিবন অভৰায়ণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলায় অহা বনৰীয়া হাতীয়ে প্ৰায়ে উপদ্ৰৱ চলাই আহিছে অঞ্চলটোত (Man elephant conflict)। বনৰীয়া হাতীয়ে প্ৰায়ে খেতি পথাৰৰ শস্য নষ্ট কৰাৰ বাবে ছন পৰি ৰৈছে তিতাবৰৰ ১ নং মৰাণ গাঁও, ৰঙাজান বাসীৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি । কিন্তু ইয়াৰ পাছতো বন বিভাগে কোনো ধৰণৰ উচিত ব্যৱস্থা হাতত লোৱা নাই ।

উল্লেখ্য যে হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিনতি স্বৰূপে তিতাবৰ আৰু কাটনি মৌজাত এইবাৰ ছন পৰি ৰ'ল প্ৰায় ১০০০ হাজাৰ বিঘা কৃষিভূমি । ইফালে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি ক্ষতিসাধন কৰিছে বনৰীয়া হাতীয়ে । ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ নামতো চৰকাৰ তথা বন বিভাগে আজিলৈ কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে ।

হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজৰ প্ৰতিবাদ

আনকি বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে সাধাৰণ কৃষক ৰাইজ । হাতী উপদ্ৰৱৰ ভয়ত খেতি কৰিব নোৱাৰা কৃষক পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । আনকি অতি দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে লঘোনে থাকিবলগীয়াও পৰিৱেশৰ সৃষ্টি হৈছে । কিন্তু বন বিভাগ তথা প্ৰশাসনে ৰাইজৰ কথা চিন্তা নকৰাত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে গাঁৱৰ ৰাইজ । শুকুৰবাৰেও অঞ্চলটোৰ বহু পুৰুষ-মহিলাই ৰাজপথলৈ ওলাই আহি বন বিভাগ আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে (People protest seeking relief from elephant menace)।

বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে অতি শীঘ্ৰে বন বিভাগক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে লোকসকলে (Public protest against forest department)। কিন্তু ৰাইজৰ এই আহ্বানৰ কথা শুনিব নে চৰকাৰে ? কিয়নো পূৰ্বেও বহু প্ৰতিবাদ কৰাৰ পাছতো ৰাইজৰ সুবিধাৰ্থে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বন বিভাগে । প্ৰতিবাৰে কেৱল ৰাইজক আশ্বাস হে প্ৰদান কৰি আহিছে ।

লগতে পঢ়ক :জোনাইত মেজৰ দুৰ্গা মল্লৰ স্মৃতিত বলিদান দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.