ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে যোৰহাটত প্লাজমা দান শিবিৰ মুকলি

author img

By

Published : Sep 16, 2020, 6:54 PM IST

Prime Minister Narendra modi 70th Birthday Celebration at jorhat
যোৰহাটত প্লাজমা দান শিবিৰ মুকলি

নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে যোৰহাটত প্লাজমা দান শিবিৰ আয়োজন ৷ জিলাখনৰ প্ৰায় 50 গৰাকী লোকে প্লাজমা দান কৰে উক্ত শিবিৰত ৷

যোৰহাট, 16 ছেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 70 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা সেৱা সপ্তাহৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় প্লাজমা দান শিবিৰ । এই প্লাজমা দান শিবিৰত প্ৰায় 50 গৰাকী লোকে প্লাজমা দান কৰা হয় বুলি জানিব পৰা গৈছে ৷

যোৰহাটত প্লাজমা দান শিবিৰ মুকলি

আনহাতে, জিলাখনত ইতিমধ্যে সুস্থ হৈ উঠা কৰ'ণা ৰোগী সকলে প্লাজমা দান কৰি যথেষ্ট সুখী অনুভৱ কৰে বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে ৷

যোৰহাটত প্লাজমা দান শিবিৰ মুকলি

উল্লেখ্য যে,উক্ত প্লাজমা দাম শিবিৰত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱা,বিজেপি দলৰ জিলা সভাপতি কামাখ্যা মোহন দাস, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : তিনিচুকীয়াত মাইক্ৰফাইনেঞ্চ কোম্পানীৰ সাহাৰ্য বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.