ETV Bharat / state

আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ: যোৰহাট জিলাত সম্পূৰ্ণ প্ৰস্তুতি

author img

By

Published : May 31, 2022, 10:25 PM IST

Updated : Jun 1, 2022, 10:05 AM IST

১ জুনৰ পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ: যোৰহাট জিলাত প্ৰস্তুতি সম্পূৰ্ণ
১ জুনৰ পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ: যোৰহাট জিলাত প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যত পূৰ্ণগতিত চলি আছে গুণোৎসৱ । প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পাছত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হ'ব ১ জুনৰ পৰা (Third phase of gunutsav will begin on June 1) । ইতিমধ্যে ৰাজ্য়ৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাতো সম্পূৰ্ণ হৈছে গুণোৎসৱৰ প্ৰস্তুতি ( third phase of gunutsav at Jorhat) ।

যোৰহাট,৩১ মে': ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা গুণোৎসৱ-২০২২ ৰ তৃতীয় পৰ্যায় অনুষ্ঠিত হ'ব ১ জুনৰ পৰা ৪ জুনলৈকে (Third phase of gunutsav will begin on June 1) । গুণোৎসৱৰ তৃতীয় পৰ্যায়ত সামৰি লোৱা হৈছে যোৰহাট জিলাক । যোৰহাট জিলাৰ চৰকাৰী, প্ৰাদেশীকৃত আৰু বাগিচা পৰিচালিত মুঠ ১,৩৮০ খন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে মুঠ ৭৪,৫২৯ জন ছাত্ৰ-ছাত্ৰীক গুণোৎসৱ ২০২২ত সামৰি লোৱা হ'ব ৷

জিলাখনৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চৰকাৰী বিষয়াৰ সৈতে মুঠ ৫৪১ জন বহিঃমুল্যায়ক প্ৰশিক্ষণসহ সাজু হৈ উঠিছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে (Jorhat district ready for third phase of gunautsav) । এই বহিঃমুল্যায়ক সকলে ২ জুনৰ পৰা ৪ জুনলৈকে বিভিন্ন বিদ্যালয়ত মুল্যায়ন কাৰ্য পৰিচালনা কৰিব । পাঁচটা শিক্ষাখণ্ডৰ ১৩৪ জন সংযোগকাৰী বিষয়া বহিঃমুল্যায়ক সকলক সহায় কৰিবলৈ সাজু হৈ আছে ।

প্ৰত্যেকখন বিদ্যালয়ৰে একোজনকৈ নডেল শিক্ষকক নিৰ্বাচিত কৰি ৰখা হৈছে । গুণোৎসৱ সন্দৰ্ভত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে জনাই যে ৰাইজৰ সহায় সহযোগিতা আৰু বিদ্যালয় প্ৰধানসকলৰ প্ৰচেষ্টাত ১০০% ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত গুণোৎসৱ-২০২২ সফলতাৰে উদযাপন কৰা হ'ব । যোৰহাট জিলা প্ৰশাসন আৰু সমগ্ৰ শিক্ষাৰ ফালৰ পৰা গুণোৎসৱৰ সফলতাৰ বাবে সকলোকে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: অচিৰেই ন-ৰূপত জিলিকি উঠিব ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰ

Last Updated :Jun 1, 2022, 10:05 AM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.