ETV Bharat / state

Polythene seized in Jorhat: নিষিদ্ধ পলিথিনৰ বিৰুদ্ধে যোৰহাটত অভিযান

author img

By

Published : Dec 8, 2022, 7:13 PM IST

যোৰহাটত ক'লা পলিথিন আৰু অন্যান্য পলিথিন জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলায় শিৱসাগৰ আঞ্চলিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে (Sivasagar Regional Pollution Control Board) । পলিথিন মজুত আৰু বিক্ৰীৰ অভিযোগত জৰিমনা সংগ্ৰহ ।

polythene seized in Jorhat
নিষিদ্ধ পলিথিনৰ বিৰুদ্ধে যোৰহাটত অভিযান

যোৰহাট, ৮ ডিচেম্বৰ: যোৰহাটত পলিথিনৰ বিৰুদ্ধে প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ বিষয়াই বৃহস্পতিবাৰে অভিযান চলায় (Pollution Control Board)। উক্ত অভিযানত জব্দ কৰা হৈছে এক কুইন্টলৰো অধিক পলিথিন । কেন্দ্ৰীয় চৰকাৰে পলিথিন নিষিদ্ধ ঘোষণা কৰাৰ পিছত এতিয়া একাংশ ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ স্বাৰ্থত গোপনেই পলিথিন মজুত আৰু বিক্ৰী কৰি আহিছে । যোৰহাটত এনেদৰে মজুত ৰখা পলিথিন উক্ত ব্যৱসায়ীসকলে অত্যাধিক দামত বিক্ৰী কৰি আহিছে । ফলত ব্যৱসায়িক প্ৰতিষ্ঠান ,পাঁচলি আৰু মাছ বজাৰকে আদি কৰি সকলোতে উভৈনদী হৈ পৰিছে মাৰাত্মক ক'লা পলিথিনৰ লগতে অন্যান্য পলিথিন ।

নিষিদ্ধ পলিথিনৰ বিৰুদ্ধে যোৰহাটত অভিযান

এই ক'লা পলিথিন আৰু অন্যান্য পলিথিন জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে শিৱসাগৰ আঞ্চলিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে (Raid against polythene seller at Jorhat) । যোৰহাট পৌৰ সভাৰ সহযোগত শিৱসাগৰ আঞ্চলিক পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে জিলাখনৰ কৃষ্ণকান্ত সন্দিকৈ পথত (পুৰণা আৱৰ্ত ভৱন পথত ) থকা চালিমাৰ প্লাষ্টিক নামৰ পাইকাৰী দোকানখনত অভিযান চলাই ২৭কেজিৰো অধিক পলিথিন জব্দ কৰে । তদুপৰি পলিথিন মজুত আৰু বিক্ৰীৰ কৰাৰ অভিযোগত উক্ত দোকানখনৰ বিৰুদ্ধে জৰিমনা সংগ্ৰহ কৰে ।

আনহাতে, ইয়াৰ পিছত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে নিউভিল ৰোডত থকা হানফি ষ্ট'ৰত অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা ৫৮ কেজি পলিথিন জব্দ কৰে । তদুপৰি হানফি ষ্ট'ৰৰ পৰা ৫০০০হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰে । যোৰহাট পৌৰসভাৰ সহযোগত শিৱসাগৰ আঞ্চলিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে অভিযান আৰু অধিক তীব্ৰতৰ কৰিব বুলি কয় ।

লগতে পঢ়ক:Assam animal to Ambani Zoo : অসমৰ বন্যপ্ৰাণী নিয়াক লৈ তীব্ৰ প্ৰতিবাদ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.