ETV Bharat / state

Cattle seized in Jorhat: কন্টেইনাৰৰ ভিতৰৰ পৰা ওলাল 30 টা

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 8:58 PM IST

Smuggling Cattle seized in Jorhat
বিলাসী বাছৰ পাচত কন্টেইনাৰৰ ভিতৰৰ পৰা ওলাল গৰু

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা ৷ যোৰহাটত 30 টাকৈ চোৰাংভাৱে কঢ়িওৱা গৰু জব্দ কৰে আৰক্ষীয়ে ৷

বিলাসী বাছৰ পাচত কন্টেইনাৰৰ ভিতৰৰ পৰা ওলাল গৰু

যোৰহাট, 15 অক্টোবৰ: ধোঁৱা চাঙত গো-সুৰক্ষা আইন ৷ ন ন কৌশলেৰে ৰাজ্যত বৰ্তমানেও অব্যাহত আছে গৰু সৰবৰাহ ৷ উজনি অসমৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন কৌশলেৰে চোৰাংকৈ বৰ্তমানেও গৰুৰ সৰবৰাহ কৰি আহিছে একাংশ দুষ্ট চক্ৰই ৷ এইবাৰ যোৰহাটত 30 টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

জানিব পৰা মতে, যোৰহাটৰ অজন্তা হ’ল বাইপাছত আৰক্ষীয়ে তালাচী চলাই আছিল ৷ আৰক্ষীয়ে চলোৱা তালাচীস্থলীৰ পৰা কেইমিটাৰ মানৰ দূৰত্বত এখন কন্টেইনাৰ ৰখাই থৈছিল ৷ কন্টেইনাৰৰ পৰা উদ্ধাৰ কৰে প্ৰায় 30 টাকৈ চোৰাংকৈ কঢ়িয়াই অনা গৰু ৷ বাহনখনৰ নাম্বাৰ হ’ল AS 01 CC 0243 ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, আৰক্ষীৰ তালাচী প্ৰত্যক্ষ কৰি চালক আৰু হেণ্ডিমেনে গাড়ী এৰি পলায়ন কৰে ৷ তাৰ পিচত কন্টেইনাৰখনক লৈ সন্দেহ ওপজাত তহলদাৰী আৰক্ষীয়ে তালাচী চলাই কন্টেইনাৰখনত ৷ প্ৰথমে কন্টেইনাখনৰ ওপৰৰ পৰা ফুটা কৰি ৰাখি থোৱাৰ লগতে আৰু মূল দৰ্জাত তলা লগাই থোৱা আছিল ৷

ইফালে কন্টেইনাৰখনৰ ওপৰত কৰি ৰখা ফুটাৰ সহায়ত আৰক্ষীয়ে কন্টেইনাখনৰ ভিতৰত প্ৰত্যক্ষ কৰে গৰু ৷ পৰৱৰ্তী সময়ত কন্টেইনাৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰি গৰুকেইটা ৷

কেতিয়াবা যদি বাছত, কেতিয়াবা সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ পৰা যদি গৰু উদ্ধাৰ হৈছে আন কেতিয়াবা কন্টেইনাৰ পৰা উদ্ধাৰ কৰা হৈছে চোৰাংকৈ সৰবৰাহ কৰা গৰু ৷ গো-সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ পাচতো এতিয়াও সৰবৰাহ হৈ আছে গৰু ৷ ইফালে গো-সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই ঠায়ে ঠায়ে উদ্ধাৰ কৰিছে চোৰাংকৈ সৰবৰাহ কৰা গৰু ৷

লগতে পঢ়ক:Mahalaya 2023 : মহালয়াত যোৰহাটৰ গড়আলিত জনসমুদ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.