Mahalaya 2023 : মহালয়াত যোৰহাটৰ গড়আলিত জনসমুদ্ৰ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 9:34 AM IST

thumbnail

যোৰহাট, 14 অক্টোবৰ: আজি মহালয়া, স্বৰ্গৰ পৰা মা দেৱী দুৰ্গা আজিৰ দিনটোতে মৰ্ত্যলৈ নামি আহে বুলি বিশ্বাস কৰা হয় । মহালয়াৰ পৱিত্ৰ ক্ষণত আজি যোৰহাটৰ গড়আলিত লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হয় । 

শিশুৰ পৰা বয়োজেষ্ঠ সকলো লোক ওলাই আহি গড়আলিত মহালয়া পালন কৰে । উল্লেখ্য যে, পৱিত্ৰ মহালয়াৰ পিচৰ পৰাই দেৱীপক্ষ আৰম্ভ হয় । দেৱীপক্ষৰ প্ৰথম দিনটোত পৱিত্ৰ ৰাতি শ্ৰী শ্ৰী শৈল্য পুত্ৰী ৰূপত পূজা কৰা হয় । এনেদৰে দেৱীপক্ষৰ 9 টা দিন বা নৱ ৰাত্ৰিত দেৱী দুৰ্গা 9 টা ৰূপক হিচাপে পূজা কৰা হয় । 

সংস্কৃত ভাষাত মহালয়াৰ অৰ্থ হ’ল মহা মানে পৰম আৰু লয়া মানে বিলীন, আলয় মানে ঘৰ অৰ্থাৎ ঘৰত উৎসৱৰ আৰম্ভণি । মূলতঃ যি পৰম তত্বৰ বিলীন হৈ যায়, সেয়াই মহালয়া । সেইবাবেই মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম গতি পায় বুলি জনবিশ্বাস প্ৰচলিত ।

লগতে পঢ়ক: Mahalaya 2023 : মহালয়াৰ দিনটোত লোকাৰণ্য যোৰহাটৰ ৰাজপথ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.