ETV Bharat / state

Mahalaya 2023 : মহালয়াৰ দিনটোত লোকাৰণ্য যোৰহাটৰ ৰাজপথ

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 7:11 AM IST

মহালয়াৰ পবিত্ৰ দিনটোত যোৰহাটত জনসমুদ্ৰ ৷ ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্ক লোকৰ ভিৰ পৰিলক্ষিত হ’ল যোৰহাটৰ গড়আলি, এ টি ৰোড আৰু ন আলি অভাৰ ব্ৰীজকে ধৰি সকলোতে ৷ মহালয়া অমাৱস্যা শুকুৰবাৰৰ নিশা 9 বাজি 50 মিনিট 20 চেকেণ্ডৰ পৰা আৰম্ভ হৈ শনিবাৰে অৰ্থাৎ 14 অক্টোবৰৰ নিশা 11 বাজি 24 মিনিট 24 চেকেণ্ডত শেষ হ’ব ।

Mahalaya 2023
মহালয়াৰ পবিত্ৰ দিনটোত যোৰহাটত জনসমুদ্ৰ

মহালয়াৰ পবিত্ৰ দিনটোত যোৰহাটত জনসমুদ্ৰ

যোৰহাট, 14 অক্টোবৰ : আজি মহালয়া ৷ জনবিশ্বাস মতে, আজি মৰ্ত্যলৈ নামি আহিব মহিষমৰ্দিনী দেৱী দুৰ্গা । মহালয়াৰ সমান্তৰালভাৱে ৰাজ্যত আৰম্ভ হৈছে দুৰ্গাপূজাৰ উৎসৱমুখৰ পৰিৱেশৰ । মহালয়াৰ দিনটোত ৰাজ্যত দেখা গৈছে এক উৎসৱ মুখৰ পৰিৱেশ । মহালয়াৰ পবিত্ৰ দিনটোত যোৰহাটটো দেখিবলৈ পোৱা গ’ল জনসমুদ্ৰ ।

শনিবাৰৰ পুৱতি নিশা যোৰহাটৰ গড়আলি, এ টি ৰোড আৰু নআলি অভাৰ ব্ৰীজকে ধৰি সকলোতে দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰ । ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্ক প্ৰতিগৰাকী লোকে দুগুণ উৎসাহেৰে মহালয়াৰ পবিত্ৰ দিনটোত ঘৰৰ পৰা ওলাই অহা দেখা গৈছে ।

উল্লেখ্য যে, পবিত্ৰ মহালয়াৰ পিচৰ পৰাই দেৱীপক্ষ আৰম্ভ হয় । দেৱীপক্ষৰ প্ৰথম দিনটোত পৱিত্ৰ ৰাতি শ্ৰী শ্ৰী শৈল্য পুত্ৰী ৰূপত পূজা কৰা হয় । এনেদৰে দেৱীপক্ষৰ 9 টা দিন বা নৱ ৰাত্ৰিত দেৱী দুৰ্গাৰ 9 টা ৰূপক পূজা কৰা হয় । সংস্কৃত অৰ্থত মহালয়া মহা মানে পৰম । আনহাতে, প্ৰথম অৰ্থত লয়া মানে বিলীন, দ্বিতীয় অৰ্থত আলয় মানে ঘৰ অৰ্থাৎ ঘৰত উৎসৱৰ আৰম্ভণি ।

মূলতঃ যি পৰম তত্বৰ বিলীন হৈ যায়, সেয়াই মহালয়া । সেইবাবে মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম গতি পায় বুলি বিশ্বাস কৰা হয় । মহালয়া অমাৱস্যা শুকুৰবাৰৰ নিশা 9 বাজি 50 মিনিট 20 চেকেণ্ডৰ পৰা আৰম্ভ হৈ শনিবাৰে অৰ্থাৎ 14 অক্টোবৰৰ নিশা 11 বাজি 24 মিনিট 24 চেকেণ্ডত শেষ হ’ব ।

বৈদিক জ্যোতিষ শাস্ত্ৰৰ মতে অমাৱস্যাৰ আছে এক বিশেষ তাৎপৰ্য । আৰু মহালয়াৰ অমাৱস্যাৰো আছে কিছু বিশেষ মহত্ব ৷ মহালয়াত অমাৱস্যাৰ দিনা পূৰ্বপুৰুষক শ্ৰদ্ধা জনাই হিন্দু শাস্ত্ৰ অনুযায়ী তৰ্পন কৰা হয় ৷

লগতে পঢ়ক: Mahalaya 2023 : ধৰাৰ বুকুলৈ দেৱীৰ আগমন; ৰাজ্যজুৰি মহালয়াৰ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.