ETV Bharat / state

Firing Incident in Jorhat update : যোৰহাট গুলীচালনাৰ মূল মাষ্টাৰ মাইণ্ড সঞ্জীৱ বৰুৱাক আটক

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 11:11 AM IST

যোৰহাট গুলীচালনা ঘটনা জড়িত মূল মাষ্টাৰ মাইণ্ডক আটক কৰিছে যোৰহাট আৰক্ষীয়ে । ধৃত অভিযুক্তটোৰ নাম সঞ্জীৱ বৰুৱা ৷

Police detain main accused of Jorhat Firing Incident
যোৰহাট আৰক্ষীৰ সফলতা

যোৰহাট, 15 অক্টোবৰ : যোৰহাট আৰক্ষীৰ সফলতা ৷ যোৰহাট গুলীচালনা ঘটনা জড়িত মূল মাষ্টাৰ মাইণ্ডক আটক কৰিছে আৰক্ষীয়ে । শনিবাৰে আৰক্ষীৰ জালত পৰা প্ৰফেছনেল কিলাৰটোৰ নাম সঞ্জীৱ বৰুৱা বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি, নাগালেণ্ডত বাহৰ পাতি সঞ্জীৱে অসম বিভিন্ন প্ৰান্তত সংঘটিত কৰিছিল অপৰাধজনিত ঘটনা ।

মুখ্যমন্ত্ৰী যোৰহাট লৈ অহা প্ৰাকমুৰ্হূতত 11 অক্টোবৰৰ দিনা লিচুবাৰীত বাঘচোঙত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে সৃষ্টি হৈছিল তীব্ৰ উত্তেজনাময় পৰিৱেশৰ ৷ লগতে আৰক্ষী মহলতো ঘটনাক কেন্দ্ৰ কৰি তোলপাৰ লাগিছিল ৷ এই দিনাই গুলীচালনা ঘটনাৰ লগত জড়িত থকা সন্দেহত আৰক্ষীয়ে জিম্পল গগৈ আৰু এগৰাকী ৰহস্যময় যুৱতীক আটকো কৰিছিল ।

Police detain main accused of Jorhat Firing Incident
যোৰহাট আৰক্ষীৰ সফলতা

শনিবাৰে এই গুলীচালনা ঘটনা মূল মাষ্টৰ মাইণ্ড প্ৰফেছনেল কিলাৰ সঞ্জীৱ বৰুৱাক যোৰহাট আৰক্ষীয়ে লখিমপুৰৰ নাওবৈচা পৰা আটক কৰিবলৈ সক্ষম হয় । নাগালেণ্ডত বাহৰ পাতি প্ৰফেছনেল কিলাৰ সঞ্জীৱ বৰুৱাই অসম বিভিন্ন ঠাইত এটাৰ পিচত আন এটা অপৰাধজনিত ঘটনাৰ সৈতে জড়িত হৈ পৰিছিল ।

লগতে পঢ়ক : Firing Incident in Jorhat update: যোৰহাটৰ গুলীচালনাৰ ঘটনাত জড়িত এজনক আটক

লখিমপুৰ আৰক্ষী সহযোগত যোৰহাট আৰক্ষীয়ে আটক কৰা সঞ্জীৱ বৰুৱাৰ জিন্মাৰ পৰাৰ এটা পিষ্টল আৰু দুজাই সজীৱ সক্ৰিয় গুলী উদ্ধাৰ কৰে । সঞ্জীৱ বৰুৱা নামৰ প্ৰফেছনেল কিলাৰটোৱে 2014 চনত মাজুলীৰ এক হত্যাকাণ্ড ঘটনাৰ সৈতে জড়িত হৈ যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত দিন কটাই গৈছিল ।

উল্লেখিত ৰহস্যময় যুৱতীগৰকীয়ে বৰ্তমান প্ৰেমিক জিম্পল গগৈ সৈতে লগ-লাগি প্ৰাক্তন প্ৰেমিক বসন্ত দাসক হত্যা ষড়যন্ত্ৰ ৰচনা কৰিছিল ৷ ফলত প্ৰফেছনেল কিলাৰ সঞ্জীৱ বৰুৱা নামৰ এই অভিযুক্তটোক ব্যৱহাৰ কৰা হৈছিল উক্ত কাৰ্যত ।

আনহাতে, এই ঘটনাৰ সময়ত যুৱতীগৰাকীয়ে আঘাটপ্ৰাপ্ত বসন্ত দাস নামৰ যুৱকজনৰ বিৰুদ্ধে বহু কেইটা বিস্ফোৰক অভিযোগ দাঙি ধৰিছিল ৷ তেতিয়াই সংবাদ মাধ্যম সন্দেহ হৈছিল যুৱতীগৰাকী ওপৰত ৷ উক্ত ঘটনাৰ দিনাই আৰক্ষীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদ পৰাই আটক কৰিছিল ৰহস্যময় যুৱতীগৰাকীক ৷ কাৰণ এইগৰাকী ৰহস্যময় যুৱতীয়ে এই ঘটনা মূল পৰিকল্পনাকাৰীৰ বুলি অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক : Firing Incident: যোৰহাটত দিন দুপৰতে গুলীচালনা, সংকটজনক অৱস্থা গুলীবিদ্ধ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.