ETV Bharat / state

National Education day at Teok: যোৰহাটত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন

author img

By

Published : Nov 12, 2022, 12:16 PM IST

সমগ্ৰ দেশতেই শুক্ৰবাৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় শিক্ষা দিৱস (National education day in Teok) । ইয়াৰ সৈতে সংগতি ৰাখি মধ্য যোৰহাট শিক্ষা খণ্ডত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় এই দিৱস ।

National education day at Teok
যোৰহাটত ৰাষ্ট্ৰীয় শিক্ষা দিৱসত অভিনন্দন

যোৰহাট, ১২নৱেম্বৰ: যোৰহাট জিলাৰ মধ্য যোৰহাট শিক্ষা খণ্ডত ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয় (National education day observed at Jorhat)। ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিনত সমগ্ৰ দেশতেই শুক্ৰবাৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় শিক্ষা দিৱস (Maulana Abul Kalam Azads birthday) । ইয়াৰ সৈতে সংগতি ৰাখি মধ্য যোৰহাট শিক্ষা খণ্ডত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় এই দিৱস (Indias first Education Minister)।

যোৰহাটত ৰাষ্ট্ৰীয় শিক্ষা দিৱসত অভিনন্দন

জিলাখনৰ চিপাহীখোলাৰ ৰূপজ্যোতি সংঘৰ প্ৰেক্ষাগৃহত আয়োজিত এখন সভাত বিশিষ্ট অতিথিৰূপে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই নিদিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰে (MP Tapan Kumar Gogoi) । আনহাতে,বিশিষ্ট ইতিহাসবিদ ড৹ সৌমিত্ৰ পূজাৰী আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে । উক্ত সভাত বিশিষ্ট নিবন্ধকাৰ ড৹ পংকজ গোস্বামী, জবাৰাণী বৰা,পূব যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ৰাম প্ৰসাদ ফুকন, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া উৎপল কুমাৰ,বৰুৱা,বিদ্যালয় পৰিদৰ্শক ৰঞ্জিত দেউৰী,শিক্ষাবিদ ৰমেন শৰ্মা,পৰাগ শৰ্মা,নাজিমুদ্দিন আহমেদ,ললিত গগৈ আদিয়ে অংশগ্ৰহণ কৰে ।

নয়নমণি কলিতাই আঁতধৰা এই সভাতে বিশিষ্ট অতিথিসকলৰ উপস্থিতিত বিগত তিনি বছৰে ধাৰাবাহিক ভাৱে গুনোৎসৱত সৰ্বোচ্চ স্বীকৃতিপ্ৰাপ্ত অৰ্থাৎ A+ গ্ৰেড প্ৰাপ্ত শিক্ষাখণ্ডৰ অধীনস্থ ৯ খন বিদ্যালয় কতৃপক্ষক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰা হয় । তদুপৰি উক্ত সভাখনতে বিশেষ প্ৰয়োজনসম্পন্ন শিশুসকলৰ মাজত সামগ্ৰী বিতৰণ কৰা হয় ।

উল্লেখ্য় যে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ২০০৮ চনৰ পৰাই এই দিৱস উদযাপন কৰি অহা হৈছে । সংস্কাৰক আৰু স্বাধীনতা সংগ্ৰামী মৌলানা আবুল কালাম আজাদ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫৮ চনৰ ২ ফেব্ৰুৱাৰীলৈকে শিক্ষামন্ত্ৰীৰ দ্বায়িত্বত আছিল । তেওঁ শিক্ষাৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আছিল ।

ইপিনে,শিক্ষা দিৱস উপলক্ষে ৰাজ্য়ৰ বিভিন্ন জিলাৰ বিদ্যালয়সমূহত আলোচনাচক্ৰ,ৰচনা প্ৰতিযোগিতা,সমদল আদি উলিওৱা হয় । লগতে শিক্ষক আৰু ছাত্ৰসকলে শিক্ষাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে ।

লগতে পঢ়ক:Mandarin language training in Arunachal: অৰুণাচলৰ ১৬ জন আৰক্ষী বিষয়াক চীনা ভাষাৰ প্ৰশিক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.