ETV Bharat / state

চাহ বাগিচাসমূহত 800 টা অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ ঘোষণা মন্ত্ৰী অজন্তা নেওগৰ

author img

By

Published : Aug 14, 2022, 8:35 PM IST

Minister Ajanta Neog announces construction of 800 Anganwadi centers in tea state
ৰাজ্যৰ চাহ বাগিচাসমূহত 800 টা অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ ঘোষণা মন্ত্ৰী অজন্তা নেওগৰ

ৰাজ্যৰ শিক্ষাখণ্ডলৈ সুখবৰ ৷ ভৱিষ্যতে সমগ্ৰ অসমত 15,000 টা অংগনৱাড়ী কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনা হাতত লোৱাৰ ঘোষণা বিত্ত মন্ত্ৰী অজন্তা নেওগৰ (Minister Ajanta Neog announces construction Anganwadi centers) ৷

যোৰহাট, 14 আগষ্ট: "অসমত এই পৰ্যায়ত আমি 2,000 টা অংগনৱাড়ী কেন্দ্ৰৰ গঢ়ি তোলাৰ কাম হাতত লৈছো ৷ ভৱিষ্যতে সমগ্ৰ অসমত 15,000 টা অংগনৱাড়ী কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনা আমি হাতত লৈছো ৷ ৰাজ্যৰ চাহ বাগিচাসমূহৰ কাৰণে চলিত বৰ্ষত 800 টাকৈ মডেল অংগনৱাড়ী কেন্দ্ৰৰ কাম হাতত লৈছো ৷ পৰৱৰ্তী পৰ্যায়ত যিসমূহ অংগনৱাড়ী কেন্দ্ৰ জহি-খহি গৈছে সেইসমূহৰ বিষয়েই আমি পৰিকল্পনা হাতত লম ৷ প্ৰথমতে আমি নতুন কেন্দ্ৰকেইটা নিৰ্মাণ কৰি লওঁ"৷ দেওবাৰে যোৰহাট গ্ৰাম্য সংহত শিশু উন্নয়ন প্ৰকল্পৰ নৱ-নিৰ্মিত আদর্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰে বিত্ত, সমাজকল্যান বিভাগৰ মন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog announces construction of 800 Anganwadi centers in tea state )৷

ৰাজ্যৰ চাহ বাগিচাসমূহত 800 টা অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ ঘোষণা মন্ত্ৰী অজন্তা নেওগৰ

সমগ্ৰ ৰাজ্যতে আজি শুভাৰম্ভ হৈছে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেবাগৰাকী মন্ত্ৰী-বিধায়কে দেওবাৰে ৰাজ্যৰ ভিন্ন ঠাইত কেবাটাও আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ উদ্বোধন কৰে ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাজনো শিশুক কেইবাটাও পুষ্টিকৰ টোপোলা বিতৰণ কৰে মন্ত্ৰী নেওগে (Minister Ajanta Neog ) ৷

উল্লেখ্য যে এই কাৰ্যসূচীৰ মাজতে টীয়কৰ ঔগুৰিৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটো ভাৰ্চুৱেলী উদ্ধোধন কৰে মন্ত্ৰী নেওগে । আনহাতে মন্ত্ৰীগৰাকীৰ এই যাত্ৰাত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

লগতে পঢ়ক: BJP-UPPL ৰ যুটীয়া উদ্যোগত বিশাল বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.