ETV Bharat / state

বিভিন্ন দাবীৰে ৰাজ্যজুৰি আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Aug 26, 2020, 8:29 PM IST

Massive Protest By AATSA In Nagaon
ন্যাৰ্য প্ৰাপ্তিৰ দাবীত ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদৰ জোৱাৰ

ৰাজ্যজুৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ জনগোষ্ঠীটোৰ অধিকাৰৰ লগতে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে সংগঠনটোৱে ৰূপায়ন কৰে প্ৰতিবাদ ৷ ইফালে, গুৱাহাটী চি পি আই এমে ৰূপায়ন কৰে প্ৰতিবাদ ৷

নিউজ ডেস্ক, 26 আগষ্ট : ৰাজ্যজুৰি ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে যোৰহাট জিলাৰ টীয়কত আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰে চাহ জনগোষ্ঠীৰ লোকক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগত টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

অভিযোগ অনুসৰি, 10 জুনত টীয়কৰ নামচেচু দীঘলী চাপৰি অঞ্চলৰ কালেশ্বৰ ওৰাং নামৰ এজন ৰোগীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ পিচত চিকিৎসালয়ত ৰোগীজনৰ মৃত্যু হোৱাৰ পিচতে পৰিয়ালৰ লোকক অৱগত নকৰা আৰু মৃত্যুৰ আঠ দিনৰ পিচত ব্যক্তিজনৰ মৃতদেহ জে এম চি এইচ ৰ মৰ্গত থকা বুলি পৰিয়ালৰ লোকক অৱগত কৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছিল পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে ৷ এই ঘটনাৰ উচিত তদন্ত বিচাৰি জিলা প্ৰশাসনক আহ্বান জনাইছিল যদিও আজিকোপতি কোনো সুফল নোপোৱাত বুধবাৰে আদিবাসী ছাত্ৰ সন্থাৰ টীয়ক,চেলেংহাট আৰু লাহদৈগড় আঞ্চলিক সমিতিয়ে উক্ত ঘটনাটোৰ তদন্ত ক্ষীপ্ৰতৰ কৰিবলৈ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ন্যাৰ্য প্ৰাপ্তিৰ দাবীত ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদৰ জোৱাৰ

চাহ জনগোষ্ঠীৰ লোক হোৱাৰ বাবেই প্ৰশাসনে দুমাহ উকলি যোৱাৰ পিচতো বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাই বুলিও অভিযোগ প্ৰদান কৰাৰ লগতে সমগ্ৰ অসমতে আদিবাসী সকলৰ ওপৰত প্ৰশাসন বা ৰাজনৈতিকভাবে প্ৰয়োগ কৰা হেঁচা কোনো কাৰণতে সহ্য কৰা নহ'ব বুলিও মন্তব্য কৰে আৰু এনেবোৰ ঘটনাৰ উচিত তদন্ত নহ'লে তীব্ৰ আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

ইফালে, প্ৰাপ্যৰ দাবীত নগাঁৱৰ চাপানলাত চাহ জনজাতি ছাত্ৰ সন্থাই বুধবাৰে সাংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৰ দাবী অনুসৰি, স্বাধীনতাৰ 74 টা বছৰ অতিক্ৰম কৰাৰ পিচতো নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত বাৰে বাৰে আন্দোলন কৰি আহিবলগীয়া হৈছে চাহ জনগোষ্ঠীৰ লোকে । যাৰবাবে নগাঁও জিলাৰ চামগুৰিৰ মিছাত আৰু চাপানালাত চাহ জনজাতি ছাত্ৰ সন্থাই ৰূপায়ন কৰে এই সাংস্কৃতিক প্ৰতিবাদ ।

ন্যাৰ্য প্ৰাপ্তিৰ দাবীত ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদৰ জোৱাৰ

চাপানালা প্ৰাৰ্থমিক বিদ্যালয়ৰ চৌহদত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা শাখাৰ উদ্যোগত আৰু চাপানালা উপ-শাখাৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ লগতে, চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ "কৰম পৰৱ"টি উদযাপন কৰা ভাদ মাহৰ শুক্ল একাদশীৰ দিনটোক চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰাৰ দাবীত সংগঠনটোৱে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে চাপানালা প্ৰাথমিক বিদ্যালয় প্ৰাংগনৰ পৰা চাপানালা চাৰিআলি পৰ্যন্ত দুই শতাধিক যুৱক-যুৱতীৰ সমাবেশেৰে এক প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰে সংগঠনটোৱে । ইফালে, দীঘলীয়া সময় ধৰি দাবী জনাই অহা জনজাতিকৰণৰ মৰ্যদা অতিশীঘ্ৰে চাহ জনগোষ্ঠীক প্ৰদান নকৰিলে বিজেপি চৰকাৰে আগন্তুক 2021 ৰ বিধানসভা নিৰ্বাচনত উচিত উত্তৰ প্ৰদান কৰিব বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷

আনহাতে, খুমটাইৰ গৰঙা চাহ বাগিছাত বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিছে চাহ জনজাতি ছাত্র সন্থাই । সৰ্বানন্দ সোণোৱাল হাই হাই, বিজেপি চৰকাৰ গ'বেক, আদি শ্ল'গানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী । চাহ বাগিচাৰ শ্ৰমিক সকলৰ প্ৰাপ্য দিয়াৰ দাবীত গৰঙা চাহ বাগিচাত প্ৰতিবাদ সাব্যস্ত কৰে সংগটনটোৱে ৷ খুমটাই গৰঙা চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম চাহ জনজাতি ছাত্র সন্থা (আটছা) শাঁওতলী উপ শাখাৰ উদ্যোগত গৰঙা প্ৰাথমিক গোটৰ সহযোগত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰি শ্ৰমিকসকলৰ উচিত মজুৰী, মাটিৰ পট্ৰা প্ৰদান, জনগোষ্ঠীটোক জনজাতি প্ৰদান কৰিবলৈ দাবী জনায় ৷

ন্যাৰ্য প্ৰাপ্তিৰ দাবীত ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদৰ জোৱাৰ

উল্লেখ্য যে, বৰ্তমানৰ চৰকাৰ খনে চাহ শ্ৰমিকসকলক কেৱল প্ৰতাৰনা কৰি অহাৰ অভিযোগ বাগিচাখনৰ শ্ৰমিকসকলৰ ৷ শ্ৰমিকসকলৰ দৈনিক মজুৰি 350 টকালৈ বৃদ্ধি কৰাৰো দাবী জনাই সংগঠনটোৱে ৷ যদিহে চৰকাৰে অনাগত দিনত জনগোষ্ঠীটোক গুৰুত্ব প্ৰদান নকৰে তেতিয়াহলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটো ৷

আনহাতে, বুধবাৰে গুৱাহাটী ক্লাৱতো চি পি আই এমে এক প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে ৷ বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷ দৰিদ্ৰ সকলো পৰিয়ালক মাহে 7500 টকা প্ৰদান, ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ, প্ৰতিমাহে 10 কেজি খাদ্য শস্য প্ৰদানকে আদি কৰি 15 টা দাবী পূৰণৰ বাবে চৰকাৰক দাবী জনায় ৷ ইয়াৰ উপৰিও EIA বাতিলৰ দাবী জনোৱাৰ লগতে অসমৰ স্বাস্থ্যখণ্ডত GDP 3 শতাংশ লৈ বৃদ্ধি কৰাৰো দাবী জনাইছে চিপিআই এমে ৷

ন্যাৰ্য প্ৰাপ্তিৰ দাবীত ৰাজ্যজুৰি দল-সংগঠনৰ প্ৰতিবাদৰ জোৱাৰ

লগতে পঢ়ক : পত্নীক ডিঙি চেপি হত্যা, আৰক্ষী থানাত আত্মসমৰ্পন দোষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.