ETV Bharat / state

পত্নীক ডিঙি চেপি হত্যা, আৰক্ষী থানাত আত্মসমৰ্পন দোষীৰ

author img

By

Published : Aug 26, 2020, 10:54 AM IST

নিশা নিজ গৃহতে পত্নীক হত্যা কৰি কাকী আৰক্ষীৰ থানাত আত্মসৰ্মপন কৰে স্বামী মংগল দালুৰ ৷

Man kills his wife, walks into police station and surrenders
পত্নীক ডিঙি চেপি হত্যা

হোজাই, 26আগষ্টঃ হোজাই জিলাৰ কাকী চাৰি নং ডেৰাপথাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । নিজ পত্নীক ডিঙি চেপি হত্যা এজন লোকৰ । মৌচুমী দালু (৩০) নামৰ তিনিটা সন্তানৰ মাতৃগৰাকীক নিজগৃহতে ডিঙি চেপি হত্যা কৰে স্বামী মংগল দালুয়ে (৪২) ।

পত্নীক ডিঙি চেপি হত্যা

মঙলবাৰে নিশা নিজ গৃহতে পত্নীক হত্যা কৰি কাকী আৰক্ষীৰ থানাত আত্মসৰ্মপন কৰে স্বামী মংগল দালুয়ে । ইতিমধ্যে, পত্নীহন্তা স্বামী মংগল দালুক আৰক্ষীয়ে আটক কৰে । উল্লেখযোগ্য যে, পাৰিবাৰিক কন্দলৰ পৰিণতিতেই এনে ঘটনা সংঘটিত হোৱাৰ কথা স্বীকাৰ কৰে স্বামী মংগল দালুয়ে ৷

লগতে পঢ়কঃ তামুলপুৰত চিকিৎসালয় নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.